• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2026 8:11 pm
89
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজনিশা অনলাইন ফুড ডেলিভাৰী এপৰ পৰা খাদ্য বা পচন্দৰ সামগ্ৰী অৰ্ডাৰ কৰাটো আজিকালি চহৰবাসীৰ এক নিয়মীয়া অভ্যাসত পৰিণত হৈছে। কিন্তু সেই ডেলিভাৰী ল’বলৈ গৈ যদি কোনো যুৱতীয়ে চৰম অস্বস্তি আৰু নিৰাপত্তাহীনতাত ভুগিবলগীয়া হয়, তেন্তে সেয়া অতি চিন্তাজনক বিষয়।

অলপতে এনিয়া উইগ নামৰ এগৰাকী যুৱতীয়ে জ’মেটো ডেলিভাৰী ৰাইডাৰ এজনৰ সৈতে হোৱা তেওঁৰ এক ভয়ংকৰ আৰু আচৰিত অভিজ্ঞতাৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তেওঁৰ এই পোষ্টটোৱে বিশেষকৈ কৰ্মৰত আৰু অকলে থকা মহিলাসকলৰ নিৰাপত্তা তথা গোপনীয়তা ৰক্ষাৰ বিষয়টোক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

লিংকডইনত নিজৰ এই অভিজ্ঞতাৰ কথা বহলাই লিখি এনিয়াই জনায় যে ঘটনাৰ দিনা ৰাতিলৈ ভাত খোৱাৰ পিছত তেওঁ জোমেটোৰ পৰা এটা পান অৰ্ডাৰ কৰিছিল। নিশা প্ৰায় ১১ বজাত ডেলিভাৰীটো ল’বলৈ তেওঁ নিজৰ ফ্লেট বা ঘৰৰ পৰা অকলে তললৈ নামি আহিছিল। ইয়াৰ পিছতে যি ঘটিল, সেই কথাই এতিয়া বহুতকে সচকিত কৰি তুলিছে।

এনিয়াৰ অভিযোগ অনুসৰি, পেকেটটো হাতত দিয়াৰ সময়ত সেই জোমেটো ৰাইডাৰজনে প্ৰথমে সুধিছিল যে অৰ্ডাৰটো তেওঁ নিজেই কৰিছে নেকি। পৰিস্থিতি বুজি আৰু নিজে অকলে থকাৰ বাবে এনিয়াই একো উত্তৰ নিদি নিমাত হৈ আছিল। কিন্তু ইয়াৰ পিছতে ডেলিভাৰী বয়জনে এক অতি আপত্তিজনক আৰু কুৎসিত মন্তব্য কৰে।

এনিয়াৰ দাবী যে পেকেটটো হাতত দিয়াৰ সময়ত ল’ৰাজনে অতি বেয়াভাৱে মন্তব্য কৰিছিল যে এগৰাকী ছোৱালী হৈ এই বয়সত তেওঁ কিয় এনেকুৱা বস্তু অৰ্ডাৰ কৰিছে। এই কথা শুনাৰ লগে লগে এনিয়াই পেকেটটো লৈ খৰখেদাকৈ ভিতৰলৈ খোজ লয়।

এই সামান্য যেন লগা ঘটনাই এনিয়াক মানসিকভাৱে ইমানেই বিচলিত আৰু আতংকিত কৰি তুলিছিল যে তেওঁ জোমেটোৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে। এজন ডেলিভাৰী পাৰ্টনাৰে গ্ৰাহকৰ ব্যক্তিগত অৰ্ডাৰৰ ভিতৰলৈ চকু দিয়া আৰু তাক লৈ মৰেল পুলিচৰ দৰে মন্তব্য কৰাৰ অধিকাৰ কোনে দিলে, সেই প্ৰশ্নও তেওঁ উত্থাপন কৰে।

ইয়াৰ লগতে আটাইতকৈ ডাঙৰ আশংকাৰ কথাটো হ’ল, এনিয়াই জ’মেটো কৰ্তৃপক্ষৰ ওচৰত আনুষ্ঠানিকভাৱে অভিযোগ কৰাৰ কথা ভাবিও পিছলৈ পিছুৱাই আহে। তেওঁৰ মতে, যদি তেওঁ অভিযোগ কৰে তেন্তে হয়তো কোম্পানীয়ে ল’ৰাজনক শাস্তি দিব বা চাকৰিৰ পৰা উলিয়াই দিব। কিন্তু সেই ডেলিভাৰী বয়জনে তেওঁ ক’ত থাকে সেই ঠিকনাটো ভালদৰে জানে। গতিকে যদি ল’ৰাজনৰ অহংকাৰ বা পুৰুষত্বত আঘাত লাগে, তেন্তে তেওঁ আহি পিছত কিবা ডাঙৰ ক্ষতি কৰি নিদিব তাৰ কোনো গেৰাণ্টী নাই। তেওঁৰ এই কথাই ছচিয়েল মিডিয়াত লাখ লাখ মহিলাৰ মনত থকা ভয়ৰ এক বাস্তৱ ছবি উদঙাই দেখুৱাইছে।

এই পোষ্টটো অতি সোনকালে ভাইৰেল হৈ পৰে আৰু বিশেষকৈ মহিলাসকলে জ’মেটো কোম্পানীক টেক কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। ডেলিভাৰী পাৰ্টনাৰসকলৰ আচৰণ উন্নত কৰা আৰু গ্ৰাহকসকলৰ গোপনীয়তা তথা ঠিকনা সুৰক্ষিত ৰক্ষাৰ বাবে কঠোৰ পদক্ষেপ ল’বলৈ দাবী উত্থাপন কৰা হয়। পৰিস্থিতি বিষম দেখি জ’মেটো কৰ্তৃপক্ষইও ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে। জোমেটোৰ তৰফৰ পৰা এনিয়াক তেওঁ অৰ্ডাৰ আইডিটো পোনপটীয়াকৈ মেছেজত পঠিয়াবলৈ অনুৰোধ জনোৱা হৈছে আৰু এই বিষয়টোক সৰ্বোচ্চ গুৰুত্ব সহকাৰে লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd