• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

খেলখনত ইৰাকে কোনো ধৰণৰ গ’ল দিয়াৰ সুযোগ সৃষ্টি কৰিব নোৱাৰিলে। খেলখনৰ শেষৰ ফালে এমবাপে হেট্ৰিক কৰাৰ সুযোগ পাইছিল যদিও সেই সুযোগ তেওঁ ব্যৱহাৰ কৰিব নোৱাৰিলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 10:20 am
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে নিশা ইতিহাস ৰচিলে লিয়নেল মেছিয়ে। বিশ্বকাপৰ সৰ্বকালৰ শীৰ্ষ স্ক’ৰাৰগৰাকী এতিয়া আৰ্জেণ্টিনাৰ মহাতাৰকা। তাৰ কেই ঘণ্টাৰ পাছত কাইলিয়ান এমবাপে মেছিৰ পিছে পিছে খোজ দিলে। ফ্ৰান্সৰ হৈ নিজৰ ১০০ সংখ্যক মেচত তেওঁ নিজৰ দক্ষতা প্ৰমাণ কৰিলে।

এমবাপেৰ দুটা গ’লৰ জৰিয়তে ফ্ৰান্সে ইৰাকক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপত একেৰাহে দ্বিতীয়টো জয় সাৱ্যস্ত কৰে। ডিডিয়েৰ ডেশ্বাম্পছৰ দলটোৱে গ্ৰুপৰ প্ৰথম দুখন মেচত জয়লাভ কৰি ৰাউণ্ডত অফ ৩২-ত  প্ৰৱেশ কৰে। এমবাপেৰ লগতে অউছমান ডেম্বেলেও স্ক’ৰশ্বীটত নিজৰ নাম উজলাই তুলিলে।

Apply Now

ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ বাবে প্ৰায় ডেৰ-দুই ঘণ্টা ধৰি খেলখন বন্ধ হৈ পৰে। কিন্তু ফ্ৰান্সৰ আধিপত্য কমি যোৱা নাছিল। দুটা গ’ল দি নতুন অভিলেখ গঢ়িলে এমবাপে। তেওঁ বিশ্বকাপত মিৰ’স্লাভ ক্ল’জৰ ১৬টা গ’লৰ অভিলেখ স্পৰ্শ কৰে।

এই মেচত ফ্ৰান্সৰ প্ৰশিক্ষক ডিডিয়েৰ ডেশ্বাম্পছে দলত তিনিটা পৰিৱৰ্তন সাধন কৰে। ফলত ফ্ৰান্সক আৰম্ভণিৰে পৰাই অধিক আক্ৰমণাত্মক দেখা গৈছিল। আনহাতে ইৰাকে ফৰ্মত থকা ষ্ট্ৰাইকাৰ আয়মেন হুছেইনৰ অবিহনে খেলিব লগা হৈছিল। গ’লৰ বাবে ফ্ৰান্সে বেছি সময় অপেক্ষা কৰিব নালাগিল।

১৪ মিনিটত জিলিকি উঠিল এমবাপে। তেওঁ এটা পাছ নিয়ন্ত্ৰণ কৰি প্ৰায় ২০ মিটাৰ দূৰৰ পৰা শক্তিশালী শ্বটেৰে গ’ল দিয়ে। এই গ’লটোৰে তেওঁ ব্ৰাজিলৰ কিংবদন্তি ষ্ট্ৰাইকাৰ ৰোনাল্ডো নাজাৰিয়াক স্পৰ্শ কৰে। কাৰণ বিশ্বকাপত এইটো এমবাপেৰ ১৫ সংখ্যক গ’ল আছিল।

খেলপথাৰত ফ্ৰান্সৰ আধিপত্য আছিল যদিও আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বতৰ। খেলৰ পূৰ্বেই আশংকাৰ সৃষ্টি হৈছিল। সেই কথা সঁচা হ’ল। প্ৰথমাৰ্ধৰ শেষৰ ফালে ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। ফিলাডেলফিয়াৰ ওপৰত তীব্ৰ ধুমুহা বলিছিল। গতিকে লিংকন ফাইনেন্সিয়েল ফিল্ড ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হ’ল। খেলুৱৈসকলে ড্ৰেছিং ৰুমত ৰৈ থাকিল। অৱশেষত প্ৰায় দুঘণ্টা ২১ মিনিটৰ অন্তত খেলৰ দ্বিতীয়াৰ্ধ আৰম্ভ হ’ল।

দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে ফ্ৰান্সে খেলখন নিজৰ হাতলৈ নিলে। ৫৪ মিনিটত ফ্ৰান্সে ইৰাকৰ ডিফেণ্ডাৰ জায়েদ তাহচিন আৰু গ’লৰক্ষক আহমেদ বেচিলৰ মাজত ভয়ংকৰ ভুল বুজাবুজিৰ সুযোগ লয়। তেওঁলোকৰ ভুলৰ পিছত ডেম্বেলেই বলটো পাইছিল। সুন্দৰভাৱে পাছটো বঢ়াই দিলে এমবাপেক। এমবাপে গ’ল দিবলৈ ভুল কৰা নাছিল।

এই গ’লৰ পিছত এমবাপে নতুন অভিলেখ গঢ়ি তোলে। বিশ্বকাপত এয়া আছিল তেওঁৰ ১৬ সংখ্যক গ’ল। ফলত তেওঁ প্ৰাক্তন জাৰ্মান তাৰকা মিৰ’স্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ কৰে। এতিয়া বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক গ’লদাতা এমবাপে। মেছিৰ (১৮) দুটা গ’ল পিছত।

France’s victory earns them a place in the Round of 32 💪#FIFAWorldCup

— FIFA World Cup (@FIFAWorldCup) June 23, 2026

তাৰ পাছতো ফ্ৰান্সৰ আক্ৰমণ হ্ৰাস পোৱা নাছিল। অলপ পিছতে মাইকেল অলিছেৰ শ্বটটো ক্ৰছবাৰত খুন্দা মাৰে। অৱশ্যে ফ্ৰান্সৰ তৃতীয়টো গ’লৰ মাষ্টাৰমাইণ্ড আছিল অলিছে। ৬৬ মিনিটত ডেম্বেলেই নিজৰ এক্সটেণ্ডেড বলৰ পৰা এটা শক্তিশালী শ্বট দিয়ে। খেলখনত ইৰাকে কোনো ধৰণৰ গ’ল দিয়াৰ সুযোগ সৃষ্টি কৰিব নোৱাৰিলে। খেলখনৰ শেষৰ ফালে এমবাপে হেট্ৰিক কৰাৰ সুযোগ পাইছিল যদিও সেই সুযোগ তেওঁ ব্যৱহাৰ কৰিব নোৱাৰিলে।

দুখন খেলৰ পৰা ৬ পইণ্ট লাভ কৰি ফ্ৰান্সে বিশ্বকাপ নকআউটৰ বাবে যোগ্যতা অৰ্জন কৰে। একেৰাহে দুখন মেচত পৰাস্ত হৈ ইৰাকৰ বিশ্বকাপৰ পৰা বাহিৰ হোৱাটো নিশ্চিত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd