• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 3:15 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ পৰা পঞ্জাৱলৈ যোৱাৰ পথত এক ভয়ংকৰ নাটকীয় ঘটনাৰ সাক্ষী হ’ল এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান। মাজ আকাশত দিশ পাহৰি হঠাতে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি পাকিস্তানৰ আকাশত সোমাই পৰে বিমানখন। এই কথা জানিব পৰাৰ লগে লগে দুয়োখন দেশৰ বিমান চলাচল বিভাগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পাকিস্তানৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোলে এই কথা গম পোৱাৰ লগে লগে বিমানখনক সতৰ্ক কৰি দিয়ে। ইয়াৰ পিছত পাইলটজনে লগে লগে বিমানখন ঘূৰাই আনি পুনৰ ভাৰতৰ আকাশলৈ লৈ আহে। এই নজিৰবিহীন ঘটনাটোক লৈ ইতিমধ্যে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ হৈছে।

এই ঘটনাটো যোৱা সোমবাৰে নিশা সংঘটিত হৈছিল। নিশা ৯ বাজি ১৮ মিনিটত দিল্লীৰ বিমানবন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এ আই ৪৭৯ নম্বৰৰ এখন বিমানে উৰণ আৰম্ভ কৰিছিল। বিমানখনৰ গন্তব্যস্থান আছিল পঞ্জাৱৰ অমৃতসৰৰ শ্ৰী গুৰু ৰামদাসজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। কিন্তু অমৃতসৰত অৱতৰণ কৰাৰ ঠিক আগমুহূৰ্তত বিমানখন আটাৰী সীমান্তৰ ফালে আগুৱাই যায় আৰু আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি পাকিস্তানৰ আকাশত প্ৰৱেশ কৰে। জানিব পৰা মতে, বিমানখন মাত্ৰ দুমিনিটমান সময়ৰ বাবে পাকিস্তানৰ আকাশত আছিল। কিন্তু সেই সামান্য সময়ৰ ভিতৰতে লাহোৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰোল সক্ৰিয় হৈ পৰে। ৰাডাৰত ভাৰতীয় বিমানখনৰ উপস্থিতি দেখা পোৱাৰ লগে লগে তেওঁলোকে পাইলটজনলৈ কঠোৰ সতৰ্কবাণী প্ৰেৰণ কৰে। নিজৰ ভুল বুজিব পাৰি পাইলটজনে পলম নকৰি লগে লগে বিমানখন ভাৰতৰ সীমালৈ ঘূৰাই আনে।

Apply Now

তদন্তৰ প্ৰাথমিক সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, সেই সময়ত অমৃতসৰ বিমানবন্দৰৰ আকাশত প্ৰচণ্ড বিমানৰ ভিৰ আছিল। সেইবাবে এ টি চিৰ পৰা বিমানখনক পোনে পোনে ৰানৱেত নানামি আকাশত এপাক ঘূৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পাইলটজনে সেই অনুসৰি এবাৰ অৱতৰণৰ চেষ্টা কৰি বিফল হয় আৰু বিমানখন পুনৰ ওপৰলৈ তুলি লয়। এইদৰে আকাশত ঘূৰি থাকোঁতেই বিমানখনে দিশ হেৰুৱাই কিছু সময়ৰ বাবে সীমান্ত পাৰ হৈ যায়।

পাকিস্তানৰ আকাশৰ পৰা ঘূৰি অহাৰ পিছতো অমৃতসৰৰ আকাশত ভিৰ কম নোহোৱাত বিমানখনে তাত অৱতৰণ কৰাৰ বিপদৰ আশংকা নল’লে। পাইলটজনে বিমানখন পোনে পোনে পুনৰ দিল্লীলৈ ঘূৰাই লৈ যায়। তাত বিমানখনত ইন্ধন ভৰোৱা হয়। ইয়াৰ পিছত সকলো জটিলতা অতিক্ৰম কৰি অৱশেষত বুধবাৰে গভীৰ নিশা প্ৰায় ২ বাজি ১০ মিনিটত বিমানখনে নিৰাপদে অমৃতসৰ বিমানবন্দৰত অৱতৰণ কৰে। অৱশ্যে ঘটনাৰ সময়ত বিমানখনত কিমানজন যাত্ৰী আছিল, সেয়া এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই। এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, সমগ্ৰ বিষয়টো দেশৰ বিমান চলাচল নিয়ন্ত্ৰক সংস্থা ডি জি চি এক জনোৱা হৈছে আৰু ঘটনাটোৰ পুংখানুপুংখ তদন্ত চলি আছে। বিশেষজ্ঞসকলৰ মতে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত এনে ঘটনা একেবাৰে নতুন নহয়। ইয়াৰ আগতেও ভুলৱশত পাকিস্তানৰ বিমান ভাৰতৰ আকাশত সোমাই পৰিছিল আৰু ভাৰতীয় কৰ্তৃপক্ষই তেওঁলোকক সঠিক ৰাস্তা দেখুৱাই নিৰাপদে ওলাই যোৱাত সহায় কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন : বিশ্বৰ ৬৫ কোটিৰো অধিক লোকৰ ঘৰত আজিও নাই বিজুলী সংযোগ

June 25, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd