• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিশ্বৰ দ্বিতীয় নিৰামিষাহাৰী চহৰ হ’বলৈ গৈ আছে নেকি তীৰ্থনগৰী বাৰাণসী? মাছ-মাংস পোৱাটো হৈ পৰিছে কঠিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 4:44 pm
271
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দেওবাৰে বাৰাণসীৰ চিগ্ৰা অঞ্চলৰ ওম প্ৰকাশ সিঙৰ পৰিয়ালে এক পাৰিবাৰিক অনুষ্ঠান উদযাপনৰ বাবে একত্ৰিত হৈছিল। তেওঁলোকৰ খাদ্যৰ তালিকাত মাছ, কুকুৰা, ছাগলীৰ মাংস, গাহৰিৰ মাংসৰ লগতে বিভিন্ন ধৰণৰ নিৰামিষ আৰু আমিষ সুস্বাদু খাদ্য আছিল। কিন্তু এই ভোজৰ বাবে মাংসৰ যোগাৰ কৰাটো আগৰ দৰে সহজ নাছিল।

ঠাকুৰ সম্প্ৰদায়ৰ লোক ওম প্ৰকাশ সিঙৰ ঘৰত মাংস সদায়েই নিয়মীয়া খাদ্য আছিল। সাধাৰণতে তেওঁ ঘৰৰ ওচৰৰ লাল্লাপুৰা অঞ্চলৰ পৰা মাংস কিনিছিল। কিন্তু এইবাৰ তেওঁ গংগা পাৰ হৈ ৰামনগৰলৈ যাবলগীয়া হ’ল। আগতে মাংস কিনাটো বৰ সহজ আৰু খৰতকীয়া কাম আছিল, কিন্তু এতিয়া প্ৰটিনৰ উৎস বিচাৰিবলৈ তেওঁলোকে আগতীয়াকৈ পৰিকল্পনা কৰিবলগীয়া হৈছে।

Apply Now

লাল্লাপুৰাৰ যিবোৰ দোকানৰ পৰা সিঙে নিয়মীয়াকৈ মাংস কিনিছিল, সেইবোৰ ইতিমধ্যে বন্ধ হ’বলৈ আৰম্ভ কৰিছে। চহৰখনৰ মেয়ৰ অশোক তিৱাৰীয়ে জানিবলৈ দিয়া মতে, অহা ছয় মাহৰ ভিতৰত বাৰাণসী পৌৰ নিগম এলেকাৰ সকলো মাংসৰ দোকান চহৰৰ বাহিৰলৈ স্থানান্তৰ কৰা হ’ব। বাৰাণসী সম্পূৰ্ণৰূপে নিৰামিষাহাৰী চহৰলৈ পৰিণত হোৱা নাই যদিও চহৰৰ সীমাৰ ভিতৰত মাংসৰ দোকান চলোৱা নিষিদ্ধ কৰা হৈছে। বৰ্তমান গুজৰাটৰ পালিটানা হৈছে বিশ্বৰ একমাত্ৰ চহৰ যি কঠোৰভাৱে নিৰামিষাহাৰী।

এই মাহৰ আৰম্ভণিতে পৌৰ নিগমে প্ৰায় তিনিশ পঞ্চাশৰ পৰা চাৰিশখন মাংসৰ দোকান পৰ্যায়ক্ৰমে স্থানান্তৰ কৰাৰ এক পৰিকল্পনাত অনুমোদন জনাইছে। ৰামনগৰ, সুজাবাদ, গণেশপুৰ, আৱালেশপুৰ আৰু শিৱপুৰ নামৰ পাঁচটা নিৰ্দিষ্ট অঞ্চললৈ এই দোকানবোৰ স্থানান্তৰ কৰা হ’ব। কৰ্তৃপক্ষই আশা কৰিছে যে এই বছৰৰ দীপাৱলীৰ আগতেই এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। পৌৰসভাৰ বিষয়াসকলৰ মতে, ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ এই মন্দিৰ-চহৰখনক অধিক পৰিষ্কাৰ আৰু সুশৃংখল কৰি তোলাৰ লগতে যান-জঁট কমোৱাই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য।

শিৱৰ তীৰ্থস্থান কাশী বা বাৰাণসীত নিৰামিষ ভোজনক অগ্ৰাধিকাৰ দিয়া হয় বুলি ভবা হয় যদিও প্ৰকৃততে ই এক বিচিত্ৰ খাদ্যাভ্যাসৰ চহৰ। ইয়াত বহুতো ঠাকুৰ, মুছলমান আৰু বঙালী পৰিয়াল থাকে যিসকলৰ খাদ্য তালিকাত মাছ আৰু মাংসৰ উপস্থিতি দীৰ্ঘদিন ধৰি আছে। ঐতিহাসিকভাৱে বাৰাণসীত মুছলমান লোকৰ উল্লেখযোগ্য উপস্থিতি আছে। চহৰখনৰ বঙালী সম্প্ৰদায়ৰ লোকসকলেও প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মাছ খোৱাৰ নিজা সংস্কৃতি বজাই ৰাখিছে। সেয়েহে মাংসৰ দোকান আঁতৰাই নিয়াৰ সিদ্ধান্তই কেৱল ব্যৱসায়ীসকলৰ লগতে নিয়মীয়াকৈ আমিষ খাদ্য গ্ৰহণ কৰা বহুতো বাসিন্দাৰ ওপৰতো প্ৰভাৱ পেলাব।

একাংশ বাসিন্দাই এই পদক্ষেপক সমৰ্থন কৰিলেও আন বহুতে প্ৰশ্ন উত্থাপন কৰিছে। সুন্দৰপুৰৰ বাসিন্দা সৌম্য সিঙে সংবাদ মাধ্যমৰ আগত প্ৰশ্ন কৰে যে মাংসৰ দোকানবোৰ আঁতৰাই নিয়া হৈছে, কিন্তু মদ বা ভাংৰ দোকানবোৰৰ কি হ’ব? এইবোৰেও সমাজত অশান্তিৰ সৃষ্টি কৰে, বিশেষকৈ মহিলা আৰু বিদেশী পৰ্যটকৰ বাবে ই বেছি সমস্যাৰ কাৰণ। বাৰাণসীৰ এই সিদ্ধান্তই অযোধ্যা, হৰিদ্বাৰ বা তিৰুপতিৰ দৰে অন্যান্য ধৰ্মীয় চহৰবোৰৰ কথাও মনলৈ আনে। এই চহৰবোৰতো মন্দিৰৰ ওচৰত বা পৱিত্ৰ স্থানত আমিষ খাদ্যৰ ওপৰত নিষেধাজ্ঞা আছে। বাৰাণসীত অৱশ্যে কৰ্তৃপক্ষই প্ৰতিশ্ৰুতি দিছে যে নতুন স্থানবোৰত পৰ্যাপ্ত সুযোগ-সুবিধা থাকিব আৰু গ্ৰাহকসকলে মাংসৰ সামগ্ৰী পোৱাত কোনো অসুবিধা নাপাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd