• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে তেওঁৰ বিৰুদ্ধে তৰা এটা মানহানিৰ গোচৰৰ পৰা সকাহ বিচাৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকেয় সিঙে তৰা এই গোচৰটোৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে এখন আবেদন দাখিল কৰি নিজৰ পুৰণি মন্তব্যক লৈ অনুশোচনা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 25, 2026 8:41 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে তেওঁৰ বিৰুদ্ধে তৰা এটা মানহানিৰ গোচৰৰ পৰা সকাহ বিচাৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পুত্ৰ কাৰ্তিকেয় সিঙে তৰা এই গোচৰটোৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে এখন আবেদন দাখিল কৰি নিজৰ পুৰণি মন্তব্যক লৈ অনুশোচনা প্ৰকাশ কৰিছে। আচলতে এই সমগ্ৰ ঘটনাটো ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ৰ আছিল। জাবুৱাত অনুষ্ঠিত এখন নির্বাচনী সভাত ৰাহুল গান্ধীয়ে পানামা পেপাৰ্চ লিক কাণ্ডৰ প্ৰসংগ উত্থাপন কৰোঁতে কাৰ্তিকেয় সিঙৰ নাম সাঙুৰি লৈছিল, যাৰ বাবে তেওঁৰ সন্মানহানি হোৱা বুলি কাৰ্তিকেয়ই অভিযোগ কৰিছিল।

এই সন্দৰ্ভত কাৰ্তিকেয় সিঙে ভূপালৰ এখন বিশেষ আদালতত গোচৰ তৰিছিল আৰু আদালতে ৰাহুল গান্ধীক ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ চমন জাৰি কৰিছিল। নামনি আদালতৰ এই নিৰ্দেশ আৰু মানহানিৰ সমগ্ৰ প্ৰক্ৰিয়াটো খাৰিজ কৰাৰ দাবী লৈ কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ৰাহুল গান্ধীৰ অধিবক্তাই আদালতত দাখিল কৰা আবেদনখনত উল্লেখ কৰিছে যে তেওঁ দিয়া মন্তব্যটো কাৰ্তিকেয় সিঙক উদ্দেশ্য কৰি কোৱা হোৱা নাছিল। ইয়াৰ লগতে তেওঁ এই বক্তব্যৰ বাবে দুখ আৰু অনুশোচনাও প্ৰকাশ কৰে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰমোদ কুমাৰ অগ্ৰৱালৰ আদালতে এই আবেদনৰ শুনানি গ্ৰহণ কৰাৰ কথা।

Apply Now

ইফালে ৰাহুল গান্ধীৰ এই পদক্ষেপক লৈ বিজেপিৰ তথ্য প্ৰযুক্তি কোষৰ মুৰব্বী অমিত মালব্যই তীব্ৰ সমালোচনা কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে ৰাহুল গান্ধীয়ে নিজৰ নামৰ মাজত ক্ষমা শব্দটো লিখি লোৱা উচিত, কাৰণ তেওঁ বিভিন্ন সময়ত ৰাজহুৱাভাৱে এনেধৰণৰ দায়িত্বহীন মন্তব্য কৰে আৰু পিছত আদালতত ফেৰ মাৰিব নোৱাৰি ক্ষমা খোজে। মালব্যই প্ৰশ্ন কৰে যে যদিহে সেই মন্তব্য কাৰ্তিকেয়ৰ বিৰুদ্ধে নাছিলেই, তেন্তে তেওঁৰ নাম কিয় লোৱা হৈছিল। দেশৰ এজন বিৰোধী দলপতিৰ পৰা এনেধৰণৰ ভিত্তিহীন অভিযোগ আশা কৰা নাযায় বুলিও তেওঁ মন্তব্য কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm
এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

এপলৰ গ্ৰাহকক ডাঙৰ মাধমাৰ: ভাৰতত ১ লাখ টকালৈকে বৃদ্ধি পালে মেকবুক আৰু আইপেডৰ দাম

June 25, 2026 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd