চিবিএছইৰ অধীনত অধ্যয়ন কৰি থকা সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা অতি ভাল খবৰ আহি পৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান দুটা বিদেশী ভাষা অধ্যয়ন কৰি আছে, তেওঁলোকে দশম শ্ৰেণীলৈকে একেই ভাষা পঢ়ি যাব পাৰিব। চিবিএছইৰ ত্ৰি-ভাষা নীতিৰ অধীনত কমেও দুটা ভাৰতীয় ভাষা পঢ়াটো বাধ্যতামূলক কৰা হৈছিল যদিও, সূত্ৰৰ পৰা জানিব পৰা মতে এই নিয়ম কেৱল নতুনকৈ ষষ্ঠ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। বৰ্তমান সপ্তম, অষ্টম আৰু নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে এই নতুন নিয়ম মানিব নালাগে।
শেহতীয়াকৈ বোৰ্ডে জুলাই মাহৰ পৰা এই নতুন ত্ৰি-ভাষা নীতি প্ৰৱৰ্তন কৰিবলৈ দিয়া নিৰ্দেশৰ পিছত বহু বিদ্যালয় আৰু অভিভাৱক চিন্তিত হৈ পৰিছিল। তেওঁলোকৰ ভয় আছিল যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আগৰ পৰাই দুটা বিদেশী ভাষা পঢ়ি আছে, তেওঁলোকে হঠাতে এটা বিদেশী ভাষা এৰি তাৰ ঠাইত ভাৰতীয় ভাষা পঢ়িবলগীয়া হ’ব পাৰে। কিন্তু এতিয়া এই নতুন খবৰে সকলো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক চিন্তাৰ পৰা মুক্ত কৰিছে।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও এখন সংবাদ পত্ৰক দিয়া সাক্ষাৎকাৰত এই বিষয়ত মত প্ৰকাশ কৰিছে। তেওঁ স্বীকাৰ কৰে যে আগৰ নিৰ্দেশনাটোত কিছু খেলিমেলি আছিল, যাৰ বাবে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল। এতিয়া এই বিভ্ৰান্তি দূৰ কৰা হৈছে বুলি তেওঁ আশ্বাস দিয়ে। অৱশ্যে, চিবিএছইয়ে এতিয়ালৈকে এই বিষয়ে আনুষ্ঠানিকভাৱে কোনো জাননী দিয়া নাই। অতি সোনকালেই পৰিষদে আলোচনাৰ অন্তত এক নতুন নিৰ্দেশনা জাৰি কৰি গোটেই বিষয়টো স্পষ্ট কৰিব বুলি আশা কৰা হৈছে।
ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত নতুন নিয়ম অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা দুটা ভাৰতীয় ভাষা পঢ়াটো বাধ্যতামূলক কৰা হ‘ব। ইয়াৰ বাবে ২২ টা ভাৰতীয় ভাষাত কিতাপ উপলব্ধ কৰোৱা হ’ব বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিছে। ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীৰ বৃত্তিমুখী শিক্ষা অৰ্থাৎ স্কিল ডেভেলপমেণ্টৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হ’ব। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে ১১০ ঘণ্টাৰ বৃত্তিমুখী শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু নৱম-দশম শ্ৰেণীৰ বাবে এটা বৃত্তিমুখী বিষয় একেবাৰে বাধ্যতামূলক হ’ব। আনহাতে, দশম শ্ৰেণীলৈকে বাধ্যতামূলক বৃত্তিমুখী বিষয়ৰ সলনি এটা বিদেশী ভাষা পঢ়াৰ অনুমতি দিব পাৰি নেকি সেই বিষয়েও চিবিএছইয়ে বিবেচনা কৰি আছে। বৰ্তমান শিক্ষামন্ত্ৰীৰ কথাখিনিয়ে অভিভাৱকসকলক শান্ত কৰিছে যদিও সকলোৱে পৰিৱৰ্তিত নিয়মসমূহৰ আনুষ্ঠানিক নিৰ্দেশনালৈ অপেক্ষা কৰি আছে।





