• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 26, 2026 6:48 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বেপ অৱ ম’ম’-অৰ্থাৎ ম’ম’ৰ আকৃতি। নামটি অৰ্থবহ, ঠিক এই চিনেমাখনৰ দৰেই। শ্বেপ অৱ ম’ম’-এই নেপালী ভাষাৰ ছবিখনে মুক্তি লাভ কৰিছে গত ২৯ মে’,২০২৬ তাৰিখে। ইতিপূৰ্বে ৩০তম বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে বহুকেইটা বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি আন আন চলচ্চিত্ৰ মহোৎসৱতো বৰ্তমান পৰ্যন্ত বহুতো বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে। ত্ৰিবেণী ৰায় আৰু কিশলেৰ দ্বাৰা লিখা চিত্ৰনাট্যৰে এই ছবিখনৰ পৰিচালনাও কৰিছে ত্ৰিবেণী ৰায়ে। ভাৰতৰ বিভিন্ন ছবিগৃহত বৰ্তমান এই ছবিখন চলি আছে।

শ্বেপ অৱ ম’ম’ৰ আৰম্ভণি হয় সমাজৰ বহু লোকৰ মাজত নিজৰ লিখা এটা পঢ়ি শুনাই থকা বিষ্ণু(গৌমায়া গুৰুঙ)ক লৈ। ৰাইজে লিখাৰ প্ৰশংসা কৰাতকৈ বিষ্ণুৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ আহে নেকি হে কথা পাতিবলৈ লয়। বিষ্ণু সংকুচিত হৈ পৰে। শ্বেপ অৱ ম’ম’ৰ কাহিনীৰ আৰম্ভণি অগতানুগতিক নহয়। কিন্তু ইয়াৰ চিত্ৰায়ণ অগতানুগতিক। দিল্লীত নিজৰ চাকৰি এৰি বিষ্ণু তাইৰ গাঁ‌ৱৰ ঘৰলৈ উভতি আহে। ঘৰত কোনো পুৰুষ নাই বুলি বিষ্ণুৰ মাক সদা-সতৰ্ক হৈ থাকে। বিষ্ণু বাহিৰত থাকিলে,মাকে বিষ্ণুৰ গা কাপোৰেৰে ঢাকি দিয়া,ঘৰত এজন পুৰুষৰ উপস্থিতি আছে বুলি জহাবলৈ চেষ্টা কৰা আদি কাৰ্য কৰি থাকিছিল। বিষ্ণুৰ বায়েকে বিষ্ণুৱে ম’ম’ৰ সঠিক আকৃতি প্ৰস্তুত কৰিবলৈ সক্ষম নহয় বুলি জোকাই। বিষ্ণুৰ দুৰ্বলতা থকা এজন পুৰুষ বন্ধুৱে বিষ্ণুক চিগাৰেট যাঁ‌চিও,নাৰীয়ে ধূম্ৰপান কৰিবলৈ নেপাই ধৰণৰ মন্তব্য কৰে। দুয়োৰে মাজত নৈকট্য বাঢ়ে যদিও,সেয়াও বিষ্ণুৰ বাবে এক বোজা হেন হে হৈ পৰে। বিষ্ণুৰ ঘৰখনত  মাক(যি নিজে ব্যৱসায়ী হৈয়ো),আইতাক,গৰ্ভৱতী বায়েক-আটাইবোৰ পুৰুষৰ ওপৰত নিৰ্ভৰশীল। কাৰো সেই লৈ একো আক্ষেপো নাই। তাৰ পৰিৱৰ্তে সময়ে সময়ে বিষ্ণুৱেহে “এইখন তোৰ দিল্লী নহয়”-জাতীয় কথা শুনিবলৈ পাই। এখন পুৰুষতান্ত্ৰিক সমাজত দৈনন্দিন জীৱন কটাই,বিষ্ণুৰ শ্বাসৰুদ্ধকৰ অৱস্থা এটা হ’বলৈ ধৰে। মানসিক চাপত ভূগে বিষ্ণু। অৱশেষত বিষ্ণুৱে কি সিদ্ধান্ত লয় বা ল’বলৈ গৈ থাকে,তাক লৈয়েই ছবিখনৰ পৰৱৰ্তী অংশ আগবাঢ়ে। ছবিখনৰ পোহৰৰ ব্যৱস্থাপনা খুবেই সুন্দৰ। প্ৰথমাৰ্দ্ধ কিছু লেহেমীয়া যেন লাগে যদিও,মধ্যাংশৰ পৰা কাহিনীয়ে গতি সলাই,এক ভিন্ন দিশ লয়। দ্বিতীয়াৰ্দ্ধত ছবিখন অধিক মনোগ্ৰাহী হৈ পৰে। ছবিখনৰ চিনেমেট’গ্ৰাফীৰ কাম সুন্দৰ। লগতে আৱহ সংগীতৰ ব্যৱহাৰ পৰিস্থিতি-সাপেক্ষ। শ্বেপ অৱ ম’ম’ত মূলতঃ বিষ্ণুৰ এক দ্বিধাগ্ৰস্ত সময়ৰ খতিয়ানক তুলি ধৰিছে পৰিচালক,কাহিনীকাৰে।

Apply Now

শ্বেপ অৱ ম’ম’ৰ আন এটি সুন্দৰ দিশ হৈছে ইয়াৰ চৰিত্ৰ নিৰ্বাচন। বিষ্ণুৰ চৰিত্ৰত গৌমায়া গুৰুঙৰ অভিনয় প্ৰশংসনীয়। লগতেই আন আন শিল্পীসকলৰ অভিনয়ো পুৰঠ। একেমুখে ক’বলৈ গ’লে এঘন্টা ৫৪ মিনিটৰ এই ছবিখন চাই আপুনি মুঠেও নিৰাশ নহয়।

-ৰিমলী বৰকটকী।

mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

বৰদোৱা সত্ৰ আৰু কাৰ্বি ৰজা চেতুৱা ৰংহাং: মধ্য অসমৰ হেৰাই যোৱা গৌৰৱোজ্জ্বল ইতিহাসৰ পুনৰুদ্ধাৰ

June 26, 2026 6:47 pm
অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

অহংকাৰী মহিলা আৰক্ষীৰ কৰ্মকাণ্ড: মেজৰ ওপৰত ভৰি তুলি বৃদ্ধক অৱজ্ঞা, চাকৰিৰ পৰা নিলম্বিত

June 26, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd