• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 2:37 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সৰ পৰম্পৰাগত বাৰ্ষিক পথ সংগীত উৎসৱ ‘ফেট ডে লা মিউজিক’ এইবাৰ এক চৰম দুঃস্বপ্নলৈ পৰিণত হ’ল। লাখ লাখ মানুহৰ উপস্থিতিত উদযাপন কৰা এই উৎসৱৰ আনন্দৰ পৰিৱেশ ম্লান কৰি সমগ্ৰ দেশতে হিংসা, বিশৃংখলতা আৰু অপৰাধৰ সৃষ্টি হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসহ লাখ লাখ মানুহৰ সমাগম হোৱা এই উৎসৱত একাধিক মহিলা ধৰ্ষণৰ বলি হোৱাৰ লগতে বহু মানুহৰ ওপৰত ৰহস্যজনক ছিৰিঞ্জ আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

পেৰিছকে ধৰি ফ্ৰান্সৰ কেইবাখনো প্ৰধান চহৰত গোটেই নিশা চলা এই নজিৰবিহীন অৰাজকতা নিয়ন্ত্ৰণ কৰিবলৈ ফৰাচী আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়, যাৰ ফলত সমগ্ৰ দেশতে কমেও ২৪৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

Apply Now

এই উৎসৱৰ আটাইতকৈ ভয়ংকৰ দিশটো আছিল ভিৰৰ মাজত অতৰ্কিতে কৰা ‘নিডল স্পাইকিং’ বা ছিৰিঞ্জ আক্ৰমণ। উৎসৱৰ ভিৰৰ সুযোগ লৈ একাংশ মহিলাৰ শৰীৰত হঠাতে ছিৰিঞ্জ ফুটাই দিয়া হয়। বহু ভুক্তভোগী মহিলাই ভিৰৰ মাজত হঠাতে শৰীৰত তীব্ৰ বেজী বিন্ধাৰ দৰে বিষ অনুভৱ কৰে, যাৰ ফলত কেইবাগৰাকীও গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পেৰিছৰ বুলেভাৰ্ড ডে লা মেডেলিন অঞ্চলত এনে এক আক্ৰমণৰ বলি হৈ এগৰাকী মহিলা অচেতন হৈ পৰাত তেওঁক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ফৰাচী প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে যে এই ছিৰিঞ্জৰ জৰিয়তে শৰীৰত কোনো ক্ষতিকাৰক বা নিচাজাতীয় ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰোৱা হৈছিল নেকি, সেয়া পৰীক্ষা কৰিবলৈ ফৰেনছিক আৰু চিকিৎসা পৰীক্ষা আৰম্ভ কৰা হৈছে।

ছিৰিঞ্জ আক্ৰমণৰ সমান্তৰালকৈ উৎসৱ চলি থকাৰ সময়তে মহিলাৰ ওপৰত একাধিক যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ অভিযোগ ৰুজু হৈছে, যিয়ে এই উৎসৱৰ নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। চেণ্ট্ৰেল পেৰিছৰ চেটেলেটৰ দৰে অত্যন্ত ব্যস্ত আৰু জনবসতিপূৰ্ণ অঞ্চলসমূহত বিভিন্ন গেং বা দলবদ্ধ যুৱকৰ মাজত মাৰপিট আৰু হিংসাত্মক সংঘৰ্ষৰ ঘটনা ঘটে। ঠেক ৰাস্তাবোৰত হোৱা এই তীব্ৰ মাৰপিটৰ ফলত সাধাৰণ ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হয় আৰু একপ্ৰকাৰৰ পদপিষ্ট হোৱাৰ দৰে বিপদজনক পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, ভিৰৰ মাজত ইটোৰ পিছত সিটোকৈ অশান্তিৰ সৃষ্টি হোৱাত মানুহৰ সুৰক্ষাৰ কোনো ব্যৱস্থাই নাছিল আৰু পৰিস্থিতিয়ে অতি বিপদজনক ৰূপ ধাৰণ কৰিছিল।

পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সমগ্ৰ ফ্ৰান্সতে হাজাৰ হাজাৰ আৰক্ষী বিষয়া আৰু অগ্নিনিৰ্বাপক বাহিনীক ৰাজপথত নমোৱা হয়। আনকি ড্ৰোণ আৰু হেলিকপ্টাৰৰ সহায়ত আকাশমাৰ্গেৰেও নিৰীক্ষণ চলায় ফৰাচী জেণ্ডাৰমাৰিয়ে। যদিও আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে বুলি প্ৰশাসনে দাবী কৰিছে, তথাপিও সাধাৰণ ৰাইজে নিৰাপত্তা ব্যৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। অতীততো এনেধৰণৰ মুকলি উৎসৱত বিশৃংখলতাৰ নজিৰ থকাৰ পিছতো কিয় আগতীয়াকৈ পৰ্যাপ্ত প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল, তাক লৈ এতিয়া ফৰাচী ৰাজনীতিতো তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। আপাত দৃষ্টিত যি আছিল সুৰৰ মেলা, সেয়া আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফ্ৰান্সৰ আইন-শৃংখলা আৰু নাৰী নিৰাপত্তাক লৈ এক গভীৰ উদ্বেগৰ কাৰণ হৈ পৰিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd