প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহৰ ভিত্তিত মহাৰাষ্ট্ৰ চৰকাৰে দেওবাৰে অনুষ্ঠিত হ‘বলগীয়া শিক্ষক অৰ্হতা পৰীক্ষা (টেট) ২০২৬ পৰীক্ষাৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ শনিবাৰে স্থগিত ৰাখে। ৰাজ্যখনৰ ১,৭২৮ টা কেন্দ্ৰত প্ৰায় ছয় লাখ প্ৰাৰ্থীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল। এখন প্ৰেছ বিজ্ঞপ্তিত চৰকাৰে জনাইছে যে পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ চৰকাৰৰ ফালৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে।
থানে জিলাৰ ভিৱাণ্ডী আৰক্ষীয়ে চলোৱা এক অনুসন্ধানত কিছু লোকৰ পৰা টেট পৰীক্ষাৰ প্ৰশ্নকাকতৰ সৈতে হুবহু একে প্ৰশ্ন থকা কাকত উদ্ধাৰ কৰাৰ পিছতে পৰীক্ষা স্থগিত ৰখাৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মহাৰাষ্ট্ৰ ৰাজ্যিক পৰীক্ষা পৰিষদৰ বিষয়াসকলক লগে লগে ঘটনাস্থলীলৈ মাতি অনা হয় আৰু তেওঁলোকে জব্দ কৰা কাকতবোৰ পৰীক্ষা কৰে। তদন্তৰ সময়ত সন্দেহযুক্ত লোকসকলৰ পৰা উদ্ধাৰ হোৱা প্ৰশ্ন আৰু প্ৰকৃত টেট পৰীক্ষাৰ প্ৰশ্ন একে বুলি প্ৰমাণিত হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ভিৱাণ্ডী আৰক্ষী থানাত তিনিজন লোকৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দি পৰৱৰ্তী তদন্ত চলাই আছে।
মহাৰাষ্ট্ৰ ৰাজ্যিক পৰীক্ষা পৰিষদৰ উপায়ুক্ত প্ৰিয়া সিন্দেই জনাইছে যে এনে ডাঙৰ পৰ্যায়ৰ পৰীক্ষা এটা পুনৰ আয়োজন কৰিবলৈ প্ৰায় তিনি সপ্তাহ সময় লাগে। যিহেতু ইয়াত প্ৰাৰ্থীসকলৰ কোনো দোষ নাই, সেয়েহে আগতে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে পুনৰ পঞ্জীয়ন কৰিব নালাগে আৰু তেওঁলোকৰ পৰা কোনো অতিৰিক্ত মাচুলো লোৱা নহয়। পৰীক্ষাৰ নতুন তাৰিখ আৰু অন্যান্য আনুষংগিক তথ্য পৰিষদৰ চৰকাৰী ৱেবছাইটত সোনকালেই প্ৰকাশ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
এই সমগ্ৰ ঘটনাক লৈ বিৰোধীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰিছে আৰু এক উচিত তদন্তৰ দাবী জনাইছে। মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি হৰ্ষবৰ্ধন চাপকালে প্ৰশ্ন উত্থাপন কৰি কয় যে চৰকাৰে কিয় এটাও পৰীক্ষা নিকাভাৱে পাতিব নোৱাৰে আৰু যুৱপ্ৰজন্মৰ জীৱনৰ সৈতে কিয় এনেদৰে হেতালি খেলিছে। চৰকাৰে যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে তেওঁলোকে ৰাজপথলৈ ওলাই আহিব বুলিও সকীয়াই দিয়ে। আনহাতে, উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেই অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ‘মকোকা’ আইনৰ অধীনত গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে।





