পাৰিবাৰিক সন্মান আৰু প্ৰেমৰ টান – এই দুই দ্বন্দ্বৰ মাজত পৰি যে এনে এক শিহৰণকাৰী অপৰাধৰ ষড়যন্ত্ৰ ৰচনা কৰা হ’ব পাৰে সেয়া কল্পনাও কৰিব পৰা নাছিল তদন্তকাৰী আৰক্ষী বিষয়াসকলে। মহাৰাষ্ট্ৰৰ পুনেৰ ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ড সন্দৰ্ভত এক অত্যন্ত চাঞ্চল্যকৰ তথ্য আৰু বিস্ফোৰক স্বীকাৰোক্তি পোহৰলৈ আহিছে। আনহাতে, এই হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড ছিয়া গোৱেল আৰু তেওঁৰ প্ৰেমিক চেতন চৌধুৰীৰ জীৱনৰ বিভিন্ন গোপন দিশসমূহ চালিজাৰি চাবলৈ আৰক্ষী প্ৰশাসনে তদন্তৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিছে।
যোৱা ১৮ জুনত লোহাগড় দুৰ্গৰ ওখ পাহাৰৰ শিখৰৰ পৰা পৰি ব্যৱসায়ী কেতন আগৰৱালৰ মৃত্যু হয়। প্ৰথমে ইয়াক দুৰ্ঘটনা বুলি গণ্য কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত কেতনৰ ভাবী পত্নী ছিয়া গোৱেল আৰু প্ৰেমিক চেতনৰ নাম জড়িত হৈ পৰিছিল। স্পষ্ট অভিযোগ যে নৱেম্বৰ মাহত কেতনৰ সৈতে বিবাহ ৰোধ কৰিবলৈ ছিয়াই প্ৰেমিকৰ সৈতে এই হত্যাকাণ্ডৰ সমগ্ৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল। পুনে গ্ৰাম্য আৰক্ষীৰ সূত্ৰ অনুসৰি, জেৰাৰ সময়ত ছিয়া গোৱেলে দিয়া বক্তব্য শুনি তদন্তকাৰীসকল আচৰিত হৈ পৰে।
ছিয়াই আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে প্ৰেমিকৰ কথা পৰিয়ালক কোৱা আৰু অহা নৱেম্বৰ মাহত হ’বলগীয়া বিয়াখন ভাঙি পেলোৱাতকৈ তেওঁৰ হ’বলগীয়া স্বামী কেতনক চিৰদিনৰ বাবে পৃথিৱীৰ পৰা আঁতৰাই পেলোৱাটো তেওঁৰ বাবে বহুত ‘সহজ’ যেন লাগিছিল! লগতে অভিযুক্ত যুৱতীগৰাকীয়ে আৰক্ষীক জনাইছে যে যদি তেওঁ নিজাববীয়াকৈ বিয়া ভাঙিলেহেঁতেন তেন্তে সমাজত তেওঁৰ পৰিয়ালৰ সন্মানৰ ক্ষতি হ’লহেঁতেন আৰু পিতৃ-মাতৃয়ে গভীৰ আঘাত পালেহেঁতেন। সেয়ে পৰিয়ালটোৰ অনুভূতি আৰু সামাজিক সন্মানৰ কথা মনত ৰাখি তাই হ’বলগীয়া স্বামীক পাহাৰৰ পৰা ঠেলি দি হত্যা কৰাৰ এই চৰম পথটো বাছি লৈছিল, যাতে গোটেই কথাটো সাধাৰণ দুৰ্ঘটনা হিচাপে চলাই দিব পাৰে।
এই শিহৰণকাৰী হত্যাকাণ্ডৰ ৰহস্য উন্মোচন কৰিবলৈ আৰু সকলো সূত্ৰ একত্ৰিত কৰিবলৈ পুনে আৰু লোনাভালা আৰক্ষীয়ে ইতিমধ্যে ছটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। বৰ্তমান ছিয়া গোৱেলৰ পিতৃ-মাতৃক মাৰাথন জেৰাৰ বাবে লোনাভালা চহৰৰ থানালৈ অনা হৈছে। ইয়াৰ সমান্তৰালকৈ ছিয়াৰ ভাতৃ সাহিল গোৱেলক দ্বিতীয়বাৰৰ বাবে তদন্তকাৰী বিষয়াই জেৰা কৰি আছে।
আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে প্ৰায় ১০ ঘণ্টা ধৰি চলি থকা দীঘলীয়া জেৰাৰ সময়ত ভাতৃ সাহিলে স্বীকাৰ কৰে যে তেওঁ চেতন চৌধুৰীক আগৰ পৰাই চিনি পাইছিল। ক্ৰিকেট খেল চাবলৈ যোৱাৰ সময়ত চেতনে প্ৰথমে ছিয়াক লগ পাইছিল। ইয়াৰ পিছত যোৱা বছৰ দীপাৱলীৰ দিনা এটা ঘৰুৱা পাৰ্টিত পুনৰ লগ হৈছিল আৰু সময়ৰ লগে লগে তেওঁলোকৰ সম্পৰ্ক গভীৰ হৈ পৰিছিল।
আৰক্ষীৰ তদন্তত উদ্ধাৰ হৈছে আন এক চাঞ্চল্যকৰ তথ্য। গ্ৰেপ্তাৰ হোৱা মোবাইল ফোনবোৰৰ কল ৰেকৰ্ড পৰীক্ষা কৰাৰ পিছত জানিব পৰা গৈছে যে যোৱা জানুৱাৰী মাহৰ পৰা এই যুটিটোৱে ফোনযোগে ২০০০ বাৰতকৈ অধিক কথা পাতিছে, মুঠ সময় প্ৰায় ২৩৮ ঘন্টা!
অৱশ্যে ছিয়া গোৱেলৰ পিতৃ-মাতৃয়ে দাবী কৰিছে যে তেওঁলোকে চেতনৰ বিষয়ে একো নাজানিছিল আৰু কেতিয়াও তেওঁক লগ পোৱা নাই। আনহাতে আদালতত থকা ছিয়াৰ অধিবক্তাই চেতন কেৱল ছিয়াৰ ‘সাধাৰণ বন্ধু’ বুলি দাবী কৰি চেতনক ছিয়াৰ অপৰাধৰ সহযোগী বুলি ক’বলৈ অনিচ্ছুক। কিন্তু আৰক্ষীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে হত্যাকাণ্ডত ছিয়া আৰু চেতন দুয়োৰে সক্ৰিয় ভূমিকাৰ অকাট্য প্ৰমাণ পোৱা গৈছে।
ইপিনে, অপৰাধটো প্ৰমাণ কৰি এই গভীৰ ষড়যন্ত্ৰ উদঙাই দিবলৈ চাইবাৰ বিশেষজ্ঞসকলে অভিযুক্ত দুজনৰ মোবাইলৰ পৰা সকলো ডিলিট কৰা চ্যাট আৰু ডিজিটেল তথ্য উদ্ধাৰৰ চেষ্টা চলাইছে।





