• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বিত্ত, বন আৰু খনি বিভাগত এশ শতাংশ ৰাজহ সংগ্ৰহৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ, এই পদক্ষেপে বনাঞ্চল ধ্বংস কৰিব বুলি শংকা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী অপূৰ্ব বল্লভ গোস্বামী আৰু দিলীপ নাথৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 28, 2026 8:34 pm
78
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে গুৱাহাটীত অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বন বিভাগত ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু ৰাজহৰ সুৰুঙাসমূহ বন্ধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৰা মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পৰিৱেশকৰ্মী আৰু প্ৰকৃতিপ্ৰেমীসকলে মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ সমালোচনা কৰি স্পষ্ট কৰি দিছে যে বন বিভাগৰ প্ৰধান দায়িত্ব হৈছে বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰা, ৰাজহ সংগ্ৰহ কৰা নহয়।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী মল্লবৰুৱাই জানিবলৈ দিয়ে যে তেওঁ ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দিব নিবিচাৰে। তেওঁৰ অধীনত থকা বিত্ত, বন আৰু খনি বিভাগ হৈছে ৰাজহ অৰ্জন কৰা বিভাগ। বন বিভাগত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সুৰুঙা থকা বুলি উত্থাপিত অভিযোগৰ প্ৰসংগ টানি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ প্ৰধান লক্ষ্য হৈছে ৰাজহৰ এই ছিদ্ৰসমূহ বন্ধ কৰি বিভাগটোত এশ শতাংশ ৰাজহ সংগ্ৰহ নিশ্চিত কৰা।

Apply Now

মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পাছতেই সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে ক্ৰমৱৰ্ধমান পৰিৱেশজনিত প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গছপুলি ৰোপণ আৰু বনাঞ্চল সংৰক্ষণতহে অধিক গুৰুত্ব দিয়া উচিত। এগৰাকী বন মন্ত্ৰীয়ে এনেদৰে ৰাজহ সংগ্ৰহৰ কথা কোৱাটো চিন্তাজনক বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে ৰাজহ বৃদ্ধিত গুৰুত্ব দিলে বনজ সম্পদৰ ব্যাপক ধ্বংসসাধন হ‘ব। ১৯৯৬ চনত উত্তৰ-পূৰ্বাঞ্চলত গছ কটাৰ ওপৰত উচ্চতম ন্যায়ালয়ে আৰোপ কৰা নিষেধাজ্ঞা চৰকাৰে মানি চলা উচিত বুলিও তেওঁ মন্তব্য কৰে। গোস্বামীয়ে স্পষ্ট কৰি দিয়ে যে বনাঞ্চল নাথাকিলে বন্যপ্ৰাণীও নাথাকিব আৰু বনজ সম্পদ তথা বন্যপ্ৰাণী সংৰক্ষণেই হৈছে বন বিভাগৰ মূল কৰ্তব্য।

আন এগৰাকী পৰিৱেশকৰ্মী দিলীপ নাথেও মন্ত্ৰীগৰাকীৰ মন্তব্যক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। তেওঁ কয় যে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহ সুৰক্ষিত কৰা, বনভূমিৰ পৰা বেদখল উচ্ছেদ কৰা আৰু ধ্বংসপ্ৰাপ্ত বনাঞ্চলত গছপুলি ৰোপণ কৰাহে বন বিভাগৰ মূল উদ্দেশ্য। বন মন্ত্ৰীয়ে বিভাগটোৰ মূল উদ্দেশ্যৰ পৰা বিচ্যুত হৈ কেৱল ৰাজহ সংগ্ৰহক লক্ষ্য কৰি লৈছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে। ১৯৯৬ চনৰ উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ কথা উল্লেখ কৰি নাথে কয় যে প্ৰয়োজনীয় ১৯ শতাংশৰ বিপৰীতে দেশৰ বনাঞ্চলৰ আৱৰণ মাত্ৰ ১১ শতাংশত সীমিত আছিল, যাৰ বাবেই ন্যায়ালয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত গছ কটাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

পৰিৱেশকৰ্মী নাথে শংকা প্ৰকাশ কৰে যে চৰকাৰে বন বিভাগৰ পৰা ৰাজহ বৃদ্ধিৰ চেষ্টা চলালে ইয়াৰ ফলত ৰাজ্যৰ বনজ সম্পদৰ ব্যাপক ক্ষতি হ‘ব। এই সমগ্ৰ বিষয়টোত তেওঁ মুখ্যমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপ দাবী কৰে। বৰ্তমান বন মন্ত্ৰীগৰাকীৰ মন্তব্য আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পৰিৱেশকৰ্মীসকলে উত্থাপন কৰা যুক্তিয়ে ৰাজ্যৰ বনজ সম্পদ সংৰক্ষণ আৰু চৰকাৰৰ ৰাজহ সংগ্ৰহৰ নীতিত লৈ এক গুৰুত্বপূৰ্ণ ৰাজহুৱা বিতৰ্কৰ সূচনা কৰিছে, যাৰ ওপৰত এতিয়া চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ লক্ষ্যণীয় হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am
ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd