দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক আৰ ৰাজাগোপালে কলকাতা পাছপ’ৰ্ট অফিচত বায়’মেট্ৰিক্স সম্পূৰ্ণ কৰাৰ ১০১ দিন পাৰ হ’ল, কিন্তু এতিয়াও পাছপ’ৰ্ট পোৱাৰ কোনো উমঘাম নাই। তেওঁ কয় যে তেওঁ এতিয়া লাখ লাখ ভাৰতীয়ৰ দৰে “ভোটহীন, পাছপ’ৰ্টবিহীন” অনুভৱ কৰিছে।
ৰাজগোপালে তিনি দশকৰো অধিক সময় কলকাতাত বাস কৰি আছে আৰু দ্য ইকনমিক টাইমছ, ইণ্ডিয়া টুডে মেগাজিন,আৰু বিজনেছ ষ্টেণ্ডাৰ্ডৰ দৰে আগশাৰীৰ কাকত-আলোচনীত কাম কৰি আহিছে।
তেওঁৰ পাছপ’ৰ্ট কিয় নবীকৰণ কৰা হোৱা নাই সেই সন্দৰ্ভত এতিয়া তেওঁ স্পষ্ট উত্তৰ বিচাৰিছে।
ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনৰ (এছ আই আৰ) সময়ত পশ্চিম বংগৰ ভোটাৰ তালিকাৰ পৰা ৰাজগোপালৰ নাম বাদ পৰাৰ লগতে ৰাজ্যখনৰ আন ৯০ লাখৰো অধিক ভোটাৰৰ নামো বাদ পৰিছিল। প্ৰেম ভাটিয়া বঁটাৰ জুৰীলৈ লিখা ভাইৰেল চিঠিখনত ৫৭ বছৰীয়া সাংবাদিকগৰাকীয়ে লিখিছে যে কেনেকৈ চৰকাৰী নথি-পত্ৰত কলকাতাৰ ঠিকনা স্থায়ী ঠিকনা হিচাপে থকাৰ পিছতো ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ পৰিল।
তেওঁ লিখিছে, ‘চলিত বৰ্ষৰ মাৰ্চ মাহত কলকাতাৰ বালিগঞ্জ সমষ্টিৰ নিৰ্বাচনী তালিকাৰ পৰা মোৰ নাম বাদ দিয়া হৈছিল, আপাত দৃষ্টিত কাৰণটো আছিল বিশেষ নিবিড় পুনৰীক্ষণ প্ৰক্ৰিয়াই ২০০২ চনৰ ভোটাৰ তালিকাত মোৰ বা মোৰ প্ৰয়াত পিতৃৰ নাম দুয়োটাৰে সন্ধান উলিয়াব পৰা নাছিল।
সেই সময়ত তেওঁ উপলব্ধি কৰিব পৰা নাছিল যে তেওঁৰ নাম বাদ পৰিলে তেওঁৰ পাছপ’ৰ্ট নবীকৰণৰ বাবে এখন যুঁজৰ সূচনা হ’ব।
ৰাজগোপালৰ পাছপ’ৰ্টৰ ম্যাদ ২০২৫ চনৰ অক্টোবৰ মাহত শেষ হৈছিল আৰু চলিত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত তেওঁ নবীকৰণৰ বাবে আবেদন কৰিছিল। ১৯ মাৰ্চত তেওঁ পাছপ’ৰ্ট অফিচত বায়’মেট্ৰিকৰ আনুষ্ঠানিকতা মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে সম্পূৰ্ণ কৰিছিল।
তেওঁ কয়, ‘মই প্ৰক্ৰিয়াটো যথেষ্ট খৰতকীয়াকৈ সমাপ্ত কৰিলোঁ। মোৰ নথি-পত্ৰত যদি কোনো সমস্যা হ’লহেঁতেন তেন্তে তেওঁলোকে মোক অনুমতি নিদিলেহেঁতেন।’ ইয়াৰ কিছু সময়ৰ পিছতে তেওঁ মেছেজ এলাৰ্ট পাইছিল যে “ফাইল বালিগঞ্জ থানালৈ প্ৰেৰণ কৰা হৈছে”।
ৰাজগোপাল বালিগঞ্জৰ ড’ভাৰ ৰোডত থাকে। তেওঁ আশা কৰিছিল যে আৰক্ষীয়ে পৰীক্ষণৰ বাবে আহিব, ঠিক যেনেকৈ যোৱা বছৰ তেওঁৰ ছোৱালীৰ পাছপ’ৰ্ট নবীকৰণ হোৱাৰ সময়ত কৰিছিল।
তেওঁ কয়, ‘মোৰ ছোৱালীয়ে নবীকৰণ কৰা পাছপ’ৰ্টখন অতি শীঘ্ৰে পাইছিল। মইও একেই আশা কৰিছিলো যদিও কোনো প্ৰশ্ন নাছিল আৰু মই ধৰি লৈছিলো যে আৰক্ষী বিধানসভাৰ নিৰ্বাচনী দায়িত্বত ব্যস্ত আছে।’
কিছুদিন পিছতে তেওঁৰ নাম ভোটাৰ তালিকাত নথকাৰ বাবে আৰু কেইখনমান নথি-পত্ৰ জমা দিবলৈ ক’বলৈ আৰক্ষীৰ ফোন আহিল। ৰাজাগোপালে মেট্ৰিক উত্তীৰ্ণ চাৰ্টিফিকেট আৰু আৰু কেইখনমান নথি জমা দিলে যদিও বহু সপ্তাহ ধৰি তেওঁলোকৰ পৰা কোনো খবৰ নাপালে।
তেওঁ থানালৈ ফোন কৰিলে, য’ত তেওঁক কোৱা হ’ল “পাঠিয়ে দিচি (পঠিয়াই দিছো)”। “মই ধৰি লৈছিলো যে ফাইলটো পাছপ’ৰ্ট অফিচলৈ পঠিওৱা হৈছে”। কিন্তু তাৰ পিছতো তেওঁৰ পাছপ’ৰ্টৰ স্থিতিৰ সলনি নহ’ল।
ৰাজাগোপালে থানালৈ গৈছিল, য’ত তেওঁক কোৱা হৈছিল যে তেওঁৰ ফাইলটো “ছিকিউৰিটি কন্ট্ৰল অৰ্গেনাইজেশ্যন (এছচিঅ’)”লৈ প্ৰেৰণ কৰা হৈছে।
তেতিয়াৰ পৰাই ৰাজগোপালে পাছপ’ৰ্ট সম্পৰ্কত কিবা উত্তৰ পাবলৈ সংগ্ৰাম কৰি আহিছে। কলকাতাৰ আৰক্ষী আয়ুক্তলৈও তেওঁ ইমেইল দিছিল যদিও কোনো ফল নাপালে।
১৭ জুনত তেওঁ কলকাতাৰ পাছপ’ৰ্ট আঞ্চলিক কাৰ্যালয়ৰ পৰা ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ পৰাৰ উদ্ধৃতিৰে বিৰূপ প্ৰতিবেদনৰ এক আনুষ্ঠানিক যোগাযোগ লাভ কৰে।
তেওঁ কয়, “কৰ্তৃপক্ষই লোৱা চতুৰ, বিচক্ষণ সিদ্ধান্ত।”
ৰাজগোপালক এতিয়া কলকাতাৰ আঞ্চলিক পাছপ’ৰ্ট কাৰ্যালয়ত “তৎক্ষণাত” হাজিৰ হ’বলৈ কোৱা হৈছে, কিন্তু তেওঁ ২০২৬ চনৰ ১৭ জুলাইৰ বাবেহে এপইণ্টমেণ্ট লাভ কৰিছে।
চৰকাৰী সূত্ৰই ইংগিত দিছে যে আৰক্ষীৰ ভেৰিফিকেশ্যন অবিহনে পাছপ’ৰ্ট প্ৰদান কৰিব নোৱাৰিব।
সম্প্ৰতি পশ্চিমবংগৰ আন ৯১ লাখ লোকৰ সৈতে নিজৰ ভোটাধিকাৰৰ বাবে যুঁজি আছে ৰাজগোপালে। তেওঁৰ পত্ৰত তেওঁ লিখিছে, “‘লজিকেল ডিছক্ৰেপেন্সি’ বুলি অভিহিত কৰি মোক বাদ দিয়া হৈছিল।মই মেট্ৰিকৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ পিছতো কোনো কাৰণ দাখিল কৰা হোৱা নাছিল, আৰু মোৰ আবেদন এতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গঠিত ন্যায়াধিকৰণ এখনৰ আগত বিচাৰাধীন হৈ আছে। ফলস্বৰূপে মই শেহতীয়া নিৰ্বাচনত ভোটদান কৰিব পৰা নাছিলো”।
সাংবাদিক হিচাপে ৰাজগোপালৰ মতামত আছিল যে সাংবাদিকসকলে ভোটদান কৰা উচিত নহয়। কিন্তু ২০১৪ চনত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰ বছৰবোৰত তেওঁৰ দৃষ্টিভংগী সলনি হৈছিল।
‘কিন্তু ২০১৪ চনৰ পিছত স্বাভাৱিকভাৱে মানুহ সলনি হ’ল, ময়ো সলনি হ’লোঁ।মই ভাবিছিলো যে মই যি কৰিছিলোঁ সেয়া ভুল আছিল।’
ৰাজগোপালে ১৯৯১ চনত প্ৰথমবাৰৰ বাবে দিল্লীৰ পৰা পশ্চিবংগলৈ আহিছিল আৰু দ্য ইকনমিক টাইমছৰ সৈতে কাম আৰম্ভ কৰিছিল। ইয়াৰ পিছত ১৯৯৬ চনত দ্য টেলিগ্ৰাফত যোগদান কৰি ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহলৈকে কাম কৰি আছিল।
ৰাজাগোপাল মোডীৰ সমালোচক হিচাপে বহুলভাৱে পৰিচিত। কেৰালাৰ ৰাজাগোপালে জীৱনৰ শ্ৰেষ্ঠ বছৰবোৰ কলকাতাতে কটায় বুলি কয়। ইয়াতে ডাঙৰ-দীঘল হোৱা তেওঁৰ ল’ৰা-ছোৱালীবোৰৰ মনতো বহু ভাল লগা স্মৃতি আছে। তেওঁলোকে কলকাতাক নিজৰ গৃহ কেৰালাতকৈও বেছি ভাল পায়।
বহুতে ৰাজগোপালক কেৰালালৈ স্থানান্তৰিত হ’বলৈ আৰু পাছপ’ৰ্টৰ বাবে পুনৰ আবেদন কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু সাংবাদিকজনে বিচৰা নাছিল, যিহেতু ড’ভাৰ ৰোডৰ ঘৰটোৱেই সকলো নথি-পত্ৰতে তেওঁৰ স্থায়ী ঠিকনা হিচাপে আছিল।
তেওঁ কয়, ‘মই ইয়াত মোৰ দাবী পৰিত্যাগ কৰি কেৰালাৰ পৰা আবেদন কৰিলে মানুহে ধৰি ল’ব যে মই বংগৰ পৰা পলাই গৈছো আৰু বংগত মোৰ অৱস্থানত কিবা ভুল আছে। পশ্চিমবংগই মোৰ পৰিয়াল আৰু মোক জীৱনৰ সকলোখিনি দিছে।মই কিয় বংগ এৰি যাম।’
The Telegraph editor’s passport not being renewed in Kolkata
Note from R. Rajagopal
Former Editor, The Telegraph
——-
In March this year, my name was deleted from the Ballygunge constituency electoral roll in Kolkata, apparently because the Special Intensive Revision process…— ParanjoyGuhaThakurta (@paranjoygt) June 27, 2026
এপ্ৰিল মাহত ছান ফ্ৰান্সিস্কোত বিবাহপাশত আবদ্ধ হোৱা কন্যাক এই কথা কোৱা নাই ৰাজাগোপালে। কন্যাই তেওঁক তাত উপস্থিত হোৱাটো বিচাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়, “মোৰ বিয়াত উপস্থিত থকাৰ কোনো পৰিকল্পনা নাছিল, কিন্তু ইচ্ছা কৰিলেও নোৱাৰিলোঁহেঁতেন কাৰণ মোৰ হাতত কোনো পাছপ’ৰ্ট নাছিল।”
তেওঁ কয়,“আশাকৰোঁ মোৰ ছোৱালীয়ে লেখাবোৰ পঢ়া নাই, কাৰণ তেওঁলোকে কলকাতাক ভাল পায়, আৰু ই বৰ দুখদায়ক হ’ব”।





