• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

খেলৰ অতিৰিক্ত সময়ৰ অন্তত ১-১ গ'লত অমীমাংসিত হৈ থকা এখন ৰোমাঞ্চকৰ মেচৰ পাছত পেনাল্টি শ্বুটআউটত জয়লাভ কৰে আফ্ৰিকীয় ৰাষ্ট্ৰখনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2026 1:10 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে মণ্টেৰেত অনুষ্ঠিত ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ তথা তীব্ৰ উত্তেজনাপূৰ্ণ মেচত নেডাৰলেণ্ডছক পেনাল্টি শ্বুটআউটত পৰাস্ত কৰি মৰক্কোৱে প্ৰতিযোগিতাখনৰ অন্তিম ষোল্লত স্থান সুনিশ্চিত কৰিছে। খেলৰ নিৰ্ধাৰিত আৰু অতিৰিক্ত সময়ৰ অন্তত মেচখন ১-১ গ’লত অমীমাংসিত হৈ থকাৰ পাছত টাইব্ৰেকাৰত মৰক্কোৱে ৩-২ ব্যৱধানত জয়লাভ কৰে। এই বিজয়ৰ লগে লগে আফ্ৰিকীয় দেশখনে অহা শনিবাৰে হিউষ্টনত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী ৰাউণ্ডৰ মেচত কানাডাৰ মুখামুখি হোৱাৰ পথ প্ৰশস্ত কৰিলে।

পেনাল্টি শ্বুটআউটত মৰক্কোৰ গ’লৰক্ষক ইয়াচিন বুনুৱে নেডাৰলেণ্ডছৰ ক্ৰিচেন্সিঅ’ ছামাৰভিলৰ পঞ্চমটো পেনাল্টি শ্বট সুন্দৰভাৱে ৰক্ষা কৰাৰ পাছতেই ষ্ট্ৰাইকাৰ ইছমাইল ছাইবাৰীয়ে বিজয়সূচক গ’লটো দি দলক জয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে, মেচখনৰ দ্বিতীয়ৰ্ধৰ মাজভাগত ক’ডি গাকপোৰ জৰিয়তে নেডাৰলেণ্ডছে অগ্ৰগতি লাভ কৰিছিল। শেহতীয়াকৈ নিজৰ  সন্তানক হেৰুওৱাৰ শোকৰ মাজতো খেলপথাৰত নমা লিভাৰপুলৰ ফৰৱাৰ্ড গাকপোৱে গ’ল দিয়াৰ পাছত সতীৰ্থসকলৰ মাজত আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। কিন্তু নেডাৰলেণ্ডছে জয়ৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তেই, মেচৰ ইনজুৰী সময়ৰ প্ৰথমটো মিনিটত বদলি খেলুৱৈ চেমছডিন টালবিৰ ক্ৰছৰ পৰা ইছা ডিঅ’পে এটা দুৰ্দান্ত হেডাৰেৰে মৰক্কোৰ হৈ সমতাসূচক গ’লটো প্ৰদান কৰি খেলখন অতিৰিক্ত সময়লৈ লৈ যায়।

Apply Now

ব্ৰাজিলৰ ৰেফাৰী উইল্টন ছাম্পায়োৱে পৰিচালনা কৰা এই মেচখনত মৰক্কোৱে কেইবাটাও সুন্দৰ সুযোগ সৃষ্টি কৰিছিল। মেচৰ ২০ মিনিটত নীল আল-আইনাউয়ে আশ্ৰফ হাকিমিৰ কৰ্ণাৰৰ পৰা গ’ল দিয়াৰ এক প্ৰয়াস নেডাৰলেণ্ডছৰ গ’লৰক্ষক বাৰ্ট ভাৰব্ৰুগেনে বিফল কৰে। ইয়াৰ কিছু সময় পাছতে হাকিমিৰ এক শক্তিশালী শ্বট পুনৰ ভাৰব্ৰুগেনে কথমপি ৰক্ষা কৰে। আনহাতে মেচৰ ৪৪ মিনিটত নেডাৰলেণ্ডছৰ হৈ টটেনহামৰ খেলুৱৈ মিকি ভান ডে ভেনৰ এক দুৰ্দান্ত শ্বট মৰক্কোৰ গ’লৰক্ষক বুনুৱে বিফল কৰে। খেলপথাৰত দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত তীব্ৰ শাৰীৰিক সংঘৰ্ষও দেখা গৈছিল, য’ত প্ৰথমাৰ্ধৰ মাজভাগত ছাইবাৰীয়ে জান পল ভান হেকেক মুখমণ্ডলত আঘাত কৰিছিল যদিও শাস্তিৰ পৰা ৰক্ষা পৰে। ভান হেকেই পৰৱৰ্তী সময়ত মূৰত আঘাত পোৱাৰ পাছতো প্ৰথমাৰ্ধৰ শেষৰ ফালে আল-আইনাউৰ বিৰুদ্ধে এক কঠোৰ টেকোল কৰে।

দ্বিতীয়ৰ্ধৰ মাজভাগত হাইড্ৰেচন বিৰতিৰ পাছত নেডাৰলেণ্ডছৰ প্ৰশিক্ষক ৰোনাল্ড কোৱেমেনে বদলি খেলুৱৈ হিচাপে ৱাউট ৱেগহৰ্ষ্টক নমোৱাৰ পাছতেই দলটোৱে গতি লাভ কৰে। ৱেগহৰ্ষ্টৰ এক সুন্দৰ পাছৰ পৰা ছামাৰভিলে বল লাভ কৰি গাকপোলৈ আগবঢ়ায় আৰু গাকপোৱে দলৰ হৈ গ’লটো কৰে। ভাৰ্জিল ভান ডাইকৰ নেতৃত্বত নেডাৰলেণ্ডছৰ প্ৰতিৰক্ষা বিভাগ সুদৃঢ় আছিল যদিও ডিঅ’পৰ শেষ মুহূৰ্তৰ গ’লে খেলৰ মোৰ সলনি কৰে। অতিৰিক্ত সময়ৰ ৯৬ মিনিটত মৰক্কোৰ ছৌফিয়ান ৰাহিমিয়ে এক নিশ্চিত গ’ল দিয়াৰ সুযোগ পাইছিল যদিও ভাৰব্ৰুগেনে আচৰিতভাৱে সেয়া ৰক্ষা কৰে।

অতিৰিক্ত সময়তো কোনো দলে গ’ল কৰিব নোৱাৰাত মেচখনৰ ফলাফল নিৰ্ণয়ৰ বাবে টাইব্ৰেকাৰৰ আশ্ৰয় লোৱা হয়। টাইব্ৰেকাৰত মৰক্কোৰ আল-আইনাউয়ে প্ৰথমটো পেনাল্টিত বল বাৰত মাৰি গ’ল কৰিবলৈ ব্যৰ্থ হয় যদিও পৰৱৰ্তী সময়ত আফ্ৰিকীয় দলটোৱে সুন্দৰ প্ৰত্যাৱৰ্তন কৰি জয়লাভ কৰিবলৈ সক্ষম হয়। মণ্টেৰেত অৰ্জন কৰা এই ঐতিহাসিক জয়েৰে মৰক্কোৱে এতিয়া পৰৱৰ্তী প্ৰত্যাহ্বানৰ বাবে সাজু হৈছে আৰু শনিবাৰে হিউষ্টনত অনুষ্ঠিত হ’বলগীয়া অন্তিম ষোল্লৰ মেচখনত তেওঁলোকে কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

August 15, 2026 5:47 pm
মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

২০৩১ৰ ভিতৰত অসমৰ আন্তঃগাঁথনিত হ’ব ১.৫০ লাখ কোটি টকাৰ বিনিয়োগ : হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা

August 15, 2026 5:47 pm
মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি

August 15, 2026 4:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd