• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2026 5:10 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ আগশাৰীৰ এপভিত্তিক প্ৰতিষ্ঠান যেনে জ’মেট’, চুইগী, ৰেপিড’, জেপ্ট’ আৰু আৰবান কোম্পানীয়ে কৰ্ণাটক চৰকাৰৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনখনৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কোম্পানীকেইটাই এই আইনখনক অসাংবিধানিক বুলি অভিহিত কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আইনৰ সৈতে ইয়াৰ সংঘাত থকা বুলি দাবী কৰিছে।

ইণ্টাৰনেট এণ্ড ম’বাইল এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সৈতে মিলি এই প্ৰতিষ্ঠানসমূহে কৰ্ণাটক প্লেটফৰ্ম বেচড গিগ ৱৰ্কাৰ্ছ এক্ট ২০২৫ ৰ বিৰুদ্ধে এই আবেদন দাখিল কৰিছে।

Apply Now

দাখিল কৰা আবেদনখনত উল্লেখ কৰা হৈছে যে এই আইনখনে ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৯ নং অনুচ্ছেদ উলংঘা কৰিছে। এই অনুচ্ছেদসমূহে দেশৰ নাগৰিক তথা ব্যৱসায়ীসকলক সমতাৰ অধিকাৰ আৰু নিজৰ ইচ্ছা অনুসৰি ব্যৱসায় বা বৃত্তি গ্ৰহণ কৰাৰ স্বাধীনতা প্ৰদান কৰে। ইয়াৰ উপৰি কোম্পানীসমূহে গিগ ৱৰ্কাৰ কল্যাণ বোৰ্ড গঠন কৰা আৰু যোৱা ১২ ফেব্ৰুৱাৰীত চৰকাৰে জাৰি কৰা এটা নিৰ্দেশনাকো প্ৰত্যাহ্বান জনাইছে। এই নিৰ্দেশনাৰ জৰিয়তে কোম্পানীসমূহক পোনপটীয়াকৈ কৰ্মচাৰীসকলক কল্যাণমূলক মাচুল পৰিশোধ কৰিবলৈ কোৱা হৈছিল। তেওঁলোকৰ মতে, কোনো স্পষ্ট আইন নোহোৱাকৈ এনেদৰে মাচুল বা কৰ আৰোপ কৰাটো সংবিধানৰ ২৬৫ নং অনুচ্ছেদৰ পৰিপন্থী, য’ত কোৱা হৈছে যে আইনৰ অনুমতি অবিহনে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব।

কোম্পানীসমূহৰ আন এক প্ৰধান যুক্তি হ’ল যে গিগ কৰ্মীসকলৰ বিষয়টো সংবিধানৰ সমৱৰ্তী তালিকাৰ অন্তৰ্গত। ইয়াৰ অৰ্থ হ’ল কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। কিন্তু যদি কেন্দ্ৰ আৰু ৰাজ্যৰ আইনৰ মাজত কোনো অমিল বা সংঘাত হয়, তেন্তে সংবিধানৰ ২৫৪ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ আইনখনেহে অগ্ৰাধিকাৰ পাব।

আবেদনকাৰীসকলৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ ২০২০ চনৰ সামাজিক সুৰক্ষা সংহিতাত ইতিমধ্যে গিগ কৰ্মীসকলৰ কল্যাণৰ বাবে এক সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। গতিকে ৰাজ্য চৰকাৰে ইয়াৰ সমান্তৰালভাৱে আন এখন আইন আনি নতুনকৈ পঞ্জীয়ন, কল্যাণমূলক বৰ্ড বা পুঁজি গঠনৰ নিয়ম কৰিব নোৱাৰে।

কৰ্ণাটকৰ এই নতুন আইনখনৰ অধীনত কোম্পানীসমূহে গিগ কৰ্মীসকলক দিয়া ধনৰ ১ ৰ পৰা ৫ শতাংশ পৰ্যন্ত কল্যাণমূলক মাচুল হিচাপে চৰকাৰক দিব লাগিব। কোম্পানীসমূহে আদালতক জনাইছে যে কোনো স্পষ্ট কল্যাণমূলক আঁচনি বা লাভালাভৰ গাঁথনি তৈয়াৰ নকৰাকৈয়ে চৰকাৰে এই মাচুল আদায় কৰিবলৈ বিচাৰিছে। তদুপৰি, এই আইনখনত কেৱল ৰাজ্যপালৰহে সন্মতি আছে, কিন্তু ৰাষ্ট্ৰপতিৰ কোনো সন্মতি লোৱা হোৱা নাই। ৰাষ্ট্ৰপতিৰ সন্মতি নথকাৰ বাবে কেন্দ্ৰীয় আইনৰ বিৰুদ্ধে যোৱা এই ৰাজ্যিক আইনখন বৈধ হ’ব নোৱাৰে বুলি কোম্পানীসমূহে দাবী কৰিছে।

শেষত, আবেদনখনত কোৱা হৈছে যে আইনখনৰ কেইটামান ধাৰাত কোম্পানীসমূহক লিখিত চুক্তি প্ৰদান কৰা, সিদ্ধান্ত গ্ৰহণত স্বচ্ছতা ৰখা, কৰ্মচাৰীক কম পক্ষে ১৪ দিনৰ জাননী দিয়া আৰু স্বাস্থ্য তথা সুৰক্ষাৰ মানদণ্ড বজাই ৰখাৰ দৰে যিবোৰ নিয়ম বাধ্যতামুলক কৰা হৈছে, সেইবোৰ অতি অস্পষ্ট। ইয়াৰ ফলত চৰকাৰী কৰ্তৃপক্ষই নিজৰ ইচ্ছা অনুসৰি কোম্পানীসমূহক হাৰাশাস্তি কৰাৰ সুযোগ পাব পাৰে। বৰ্তমান এই আবেদনখন উচ্চ ন্যায়ালয়ত শুনানীৰ বাবে তালিকাভুক্ত হ’বলৈ বাকী আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

১০ ৰ পৰা ৬ বজালৈ কাৰ্যালয়, এচি বাছ আৰু হিন্দু ধৰ্মীয় পুঁজিৰ সঠিক ব্যৱহাৰেৰে সমালোচকৰ মুখ বন্ধ কৰিলে থালাপথিয়ে

July 1, 2026 4:42 pm
ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

ৰাজহুৱা ব্যক্তি সমালোচনাৰ প্ৰতি অতি স্পৰ্শকাতৰ হোৱা উচিত নহয়: ৰাঘৱ চাদ্ধাৰ ডীপফেক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়

July 1, 2026 4:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

প্ৰধানমন্ত্ৰী মোদী আৰু শ্বৰীফক শান্তি আৰু আলোচনাৰ আহ্বান: ভাৰত-পাকিস্তানৰ ১১৭ গৰাকী বিশিষ্ট ব্যক্তিৰ মুকলি পত্ৰ

July 1, 2026 5:55 pm
কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

কৰ্ণাটকৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনৰ বিৰুদ্ধে হাইকোৰ্টৰ দ্বাৰস্থ জ’মেট’, ৰেপিড’ আৰু আৰবান কোম্পানী

July 1, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd