ভাৰতৰ আগশাৰীৰ এপভিত্তিক প্ৰতিষ্ঠান যেনে জ’মেট’, চুইগী, ৰেপিড’, জেপ্ট’ আৰু আৰবান কোম্পানীয়ে কৰ্ণাটক চৰকাৰৰ নতুন গিগ ৱৰ্কাৰ কল্যাণ আইনখনৰ বিৰুদ্ধে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। কোম্পানীকেইটাই এই আইনখনক অসাংবিধানিক বুলি অভিহিত কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম আইনৰ সৈতে ইয়াৰ সংঘাত থকা বুলি দাবী কৰিছে।
ইণ্টাৰনেট এণ্ড ম’বাইল এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ সৈতে মিলি এই প্ৰতিষ্ঠানসমূহে কৰ্ণাটক প্লেটফৰ্ম বেচড গিগ ৱৰ্কাৰ্ছ এক্ট ২০২৫ ৰ বিৰুদ্ধে এই আবেদন দাখিল কৰিছে।
দাখিল কৰা আবেদনখনত উল্লেখ কৰা হৈছে যে এই আইনখনে ভাৰতীয় সংবিধানৰ ১৪ আৰু ১৯ নং অনুচ্ছেদ উলংঘা কৰিছে। এই অনুচ্ছেদসমূহে দেশৰ নাগৰিক তথা ব্যৱসায়ীসকলক সমতাৰ অধিকাৰ আৰু নিজৰ ইচ্ছা অনুসৰি ব্যৱসায় বা বৃত্তি গ্ৰহণ কৰাৰ স্বাধীনতা প্ৰদান কৰে। ইয়াৰ উপৰি কোম্পানীসমূহে গিগ ৱৰ্কাৰ কল্যাণ বোৰ্ড গঠন কৰা আৰু যোৱা ১২ ফেব্ৰুৱাৰীত চৰকাৰে জাৰি কৰা এটা নিৰ্দেশনাকো প্ৰত্যাহ্বান জনাইছে। এই নিৰ্দেশনাৰ জৰিয়তে কোম্পানীসমূহক পোনপটীয়াকৈ কৰ্মচাৰীসকলক কল্যাণমূলক মাচুল পৰিশোধ কৰিবলৈ কোৱা হৈছিল। তেওঁলোকৰ মতে, কোনো স্পষ্ট আইন নোহোৱাকৈ এনেদৰে মাচুল বা কৰ আৰোপ কৰাটো সংবিধানৰ ২৬৫ নং অনুচ্ছেদৰ পৰিপন্থী, য’ত কোৱা হৈছে যে আইনৰ অনুমতি অবিহনে কোনো কৰ সংগ্ৰহ কৰিব নোৱাৰিব।
কোম্পানীসমূহৰ আন এক প্ৰধান যুক্তি হ’ল যে গিগ কৰ্মীসকলৰ বিষয়টো সংবিধানৰ সমৱৰ্তী তালিকাৰ অন্তৰ্গত। ইয়াৰ অৰ্থ হ’ল কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে ইয়াৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে। কিন্তু যদি কেন্দ্ৰ আৰু ৰাজ্যৰ আইনৰ মাজত কোনো অমিল বা সংঘাত হয়, তেন্তে সংবিধানৰ ২৫৪ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ আইনখনেহে অগ্ৰাধিকাৰ পাব।
আবেদনকাৰীসকলৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ ২০২০ চনৰ সামাজিক সুৰক্ষা সংহিতাত ইতিমধ্যে গিগ কৰ্মীসকলৰ কল্যাণৰ বাবে এক সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। গতিকে ৰাজ্য চৰকাৰে ইয়াৰ সমান্তৰালভাৱে আন এখন আইন আনি নতুনকৈ পঞ্জীয়ন, কল্যাণমূলক বৰ্ড বা পুঁজি গঠনৰ নিয়ম কৰিব নোৱাৰে।
কৰ্ণাটকৰ এই নতুন আইনখনৰ অধীনত কোম্পানীসমূহে গিগ কৰ্মীসকলক দিয়া ধনৰ ১ ৰ পৰা ৫ শতাংশ পৰ্যন্ত কল্যাণমূলক মাচুল হিচাপে চৰকাৰক দিব লাগিব। কোম্পানীসমূহে আদালতক জনাইছে যে কোনো স্পষ্ট কল্যাণমূলক আঁচনি বা লাভালাভৰ গাঁথনি তৈয়াৰ নকৰাকৈয়ে চৰকাৰে এই মাচুল আদায় কৰিবলৈ বিচাৰিছে। তদুপৰি, এই আইনখনত কেৱল ৰাজ্যপালৰহে সন্মতি আছে, কিন্তু ৰাষ্ট্ৰপতিৰ কোনো সন্মতি লোৱা হোৱা নাই। ৰাষ্ট্ৰপতিৰ সন্মতি নথকাৰ বাবে কেন্দ্ৰীয় আইনৰ বিৰুদ্ধে যোৱা এই ৰাজ্যিক আইনখন বৈধ হ’ব নোৱাৰে বুলি কোম্পানীসমূহে দাবী কৰিছে।
শেষত, আবেদনখনত কোৱা হৈছে যে আইনখনৰ কেইটামান ধাৰাত কোম্পানীসমূহক লিখিত চুক্তি প্ৰদান কৰা, সিদ্ধান্ত গ্ৰহণত স্বচ্ছতা ৰখা, কৰ্মচাৰীক কম পক্ষে ১৪ দিনৰ জাননী দিয়া আৰু স্বাস্থ্য তথা সুৰক্ষাৰ মানদণ্ড বজাই ৰখাৰ দৰে যিবোৰ নিয়ম বাধ্যতামুলক কৰা হৈছে, সেইবোৰ অতি অস্পষ্ট। ইয়াৰ ফলত চৰকাৰী কৰ্তৃপক্ষই নিজৰ ইচ্ছা অনুসৰি কোম্পানীসমূহক হাৰাশাস্তি কৰাৰ সুযোগ পাব পাৰে। বৰ্তমান এই আবেদনখন উচ্চ ন্যায়ালয়ত শুনানীৰ বাবে তালিকাভুক্ত হ’বলৈ বাকী আছে।





