• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী নেপাল

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2026 8:51 pm
80
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱত মৃত্যুপুৰীলৈ পৰিণত হৈছে নেপাল। ভয়ংকৰ বান আৰু জলপ্ৰলয়ত মৃতকৰ সংখ্যা ৫০০ পাৰ হৈছে। চাৰিওফালে পৰি আছে মৃতদেহ। এনে এক মৰ্মান্তিক পৰিস্থিতিৰ মাজতে মানৱীয়তাক বিসৰ্জন দি মৃতদেহৰ পৰাও লুটপাত চলোৱাৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ই সমগ্ৰ ঘটনাটো পোহৰলৈ অনাৰ পাছতে ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। ঘটনাৰ সৈতে জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে নেপাল আৰক্ষীয়ে।

ভাইৰেল হোৱা ৪১ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে, বানৰ পানীয়ে উটুৱাই নিয়া এগৰাকী মহিলাৰ মৃতদেহ নৈৰ পাৰত আহি লাগিছে। দুজন যুৱকে বাঁহৰ সহায়ত মৃতদেহটো পাৰৰ ওচৰলৈ টানি আনিছে। তাৰ পাছতে এজন যুৱকে মৃত মহিলাগৰাকীৰ চুলিত ধৰি তেওঁৰ কাণৰ পৰা কাণফুলিযোৰ খুলি লৈছে। কাণফুলিযোৰ খুলি লৈ কাষত থকা আন এজন যুৱকৰ হাতত তুলি দিছে। ওচৰত থকা কেইবাজনো লোকে সমগ্ৰ ঘটনাটো কেমেৰাত বন্দী কৰিছে।

Apply Now

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছতে বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ভয়ংকৰ দুৰ্যোগৰ সুযোগ লৈ মৃতদেহৰ পৰাও অলংকাৰ লুট কৰাৰ এনে অমানৱীয় ঘটনাক লৈ ক্ষুব্ধ হৈ পৰে সাধাৰণ মানুহ। বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাৰ সলনি মৃতদেহৰ পৰা অলংকাৰ লুটি নিয়াৰ অভিযোগে নেপালৰ এই শোকাৱহ পৰিস্থিতিত নতুনকৈ ক্ষোভৰ সৃষ্টি কৰিছে।

ঘটনাটো পোহৰলৈ অহাৰ পাছতে তদন্ত আৰম্ভ কৰে নেপাল আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত জানিব পৰা যায় যে বানৰ তীব্ৰ সোঁতে মৃতদেহটো উটুৱাই নি নাৰায়ণী নদীত পেলাইছিল। ভাইৰেল ভিডিঅ’টোৰ সহায়ত আৰক্ষীয়ে দুজন যুৱকক চিনাক্ত কৰে। গ্ৰেপ্তাৰ হোৱা দুজন হৈছে মদন গুৰুং আৰু উমেশ চৌধুৰী। নেপাল আৰক্ষীয়েও ছ’চিয়েল মিডিয়াৰ জৰিয়তে দুয়োজনক গ্ৰেপ্তাৰ কৰাৰ কথা প্ৰকাশ কৰিছে আৰু ঘটনাৰ আংশিক ভিডিঅ’ও প্ৰকাশ কৰিছে।

ইফালে, বুধবাৰে পুৱা তিব্বতৰ হিমবাহ ফাটি সৃষ্টি হোৱা প্ৰচণ্ড জলপ্ৰবাহে নেপালত ভয়ংকৰ বিপৰ্যয় নমাই আনে। মুহূৰ্তৰ ভিতৰতে গাঁওৰ পাছত গাঁও ধ্বংসস্তূপত পৰিণত হয়। প্ৰচণ্ড পানীৰ ঢৌৱে মানুহৰ জীৱন, ঘৰ-বাৰী আৰু সম্পত্তি তচনচ কৰি পেলায়। কোনো আগজাননী অবিহনে অহা এই ভয়ংকৰ জলপ্ৰলয়ে সমগ্ৰ অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰে।

বিপৰ্যস্ত অঞ্চলসমূহত এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। ধ্বংসস্তূপ আঁতৰাই নিখোজ লোকৰ সন্ধান চলাই থকা হৈছে। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই দুৰ্যোগত মৃতকৰ সংখ্যা ৫৪৭ জনলৈ বৃদ্ধি পাইছে। নিহতসকলৰ ভিতৰত ৮৫ জন ভাৰতীয় নাগৰিক আছে। আনহাতে, ৩২০ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। ভয়ংকৰ এই বিপৰ্যয়ৰ মাজতে মৃতদেহৰ পৰা অলংকাৰ লুট কৰাৰ এই ঘটনাই দুৰ্যোগৰ সময়ত মানুহৰ বিবেক আৰু মানৱীয়তাক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd