২০২৬ বৰ্ষৰ ১১ আগষ্টত ‘মাইক্ৰোবায়োলজী স্পেকট্ৰাম’ (Microbiology Spectrum) নামৰ গৱেষণা পত্ৰিকাত ‘Evaluating the nationwide availability of essential diagnostics for tuberculosis toward achieving a TB-free India’ শীৰ্ষক এখন বিস্তৃত গৱেষণাপত্ৰ প্ৰকাশ পাইছিল। আইআইটি গুৱাহাটীৰ বায়’-নেষ্ট (Bio-NEST) ইনকিউবেটৰস্থিত ‘ফাউণ্ডেচন ফৰ এডভান্সমেণ্ট অৱ এচেন্সিয়েল ডায়েগ্নষ্টিকছ’ৰ গৱেষকৰ নেতৃত্বত দিল্লী আৰু আন সাতখন ৰাজ্যৰ ৩২৭ খন ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত এই সমীক্ষা সম্পন্ন কৰা হৈছিল। ইয়াৰ জিলাভিত্তিক ফলাফলৰ মাজতে কামৰূপ(মহানগৰ)ৰ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।
ভাৰতৰ ৰাষ্ট্ৰীয় অত্যাৱশ্যকীয় ৰোগ নিৰ্ণয় তালিকাৰ অধীনত পৰামৰ্শৱদ্ধ যক্ষ্মা ৰোগ নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাসমূহৰ ভিতৰত অসমৰ কামৰূপ মেট্ৰ’ৰ নামো এই অধ্যয়নে সন্নিৱিষ্ট কৰিছে। এই সমীক্ষাত তিনিখন স্বাস্থ্য কেন্দ্ৰৰ সমীক্ষা কৰা হৈছিল, আৰু ইয়াৰ সমান্তৰালভাৱে অসমৰ হাইলাকান্দি, ত্ৰিপুৰাৰ উনকোটি, আৰু উত্তৰ প্ৰদেশৰ বুলন্দচহৰ তথা কাছগঞ্জৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। (ক্ষেত্ৰভিত্তিক অধ্যয়নৰ সময়কাল নৱেম্বৰ ২০২৩-ৰ পৰা এপ্ৰিল ২০২৫ লৈ; প্ৰকাশ আগষ্ট ২০২৬)
এইক্ষেত্ৰত সামগ্ৰিকভাৱে অসমৰ প্ৰতিচ্ছবিখনো আশাপ্ৰদ নহয়। ৰাজ্যখনৰ ১৫৯ খন স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত মাত্ৰ ১৪.২১% কেন্দ্ৰতহে ৰোগ নিৰ্ণয়ৰ পূৰ্ণাংগ সুবিধা উপলব্ধ আছিল। ইয়াৰ বিপৰীতে ৰাজস্থানত এই হাৰ ৬৬.৬৭% আৰু উত্তৰ প্ৰদেশত ১০.৩২% আছিল।
স্বাস্থ্য কেন্দ্ৰৰ স্তৰ অনুসৰি ইয়াক ভাগ কৰি চালে দৃশ্যপট অধিক স্পষ্ট হৈ পৰে। অসমৰ সমীক্ষাকৃত উপ-কেন্দ্ৰসমূহৰ ৭০ শতাংশতেই শ্লেষ্মা সংগ্ৰহৰ সুবিধা নাই। মাত্ৰ ৪.২৯% প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত (PHC) ‘AFB স্মিয়াৰ মাইক্ৰ’স্কপি’ আৰু এক্স-ৰে — দুয়োটা সুবিধা উপলব্ধ আছিল। মাত্ৰ ৯.০৯% সামূহিক স্বাস্থ্য কেন্দ্ৰতহে (CHC) AFB মাইক্ৰ’স্কপি, এক্স-ৰে আৰু CBNAAT — এই তিনিওটা সুবিধা আছিল। আটাইতকৈ পৰিতাপৰ কথাটো হ’ল, অসমৰ সমীক্ষাকৃত পাঁচখন জিলা চিকিৎসালয়ৰ ভিতৰত এখনতো আটাইকেইটা (চাৰিটা) প্ৰয়োজনীয় পৰীক্ষাৰ সুবিধা নাছিল; আনকি ৰাজ্যৰ কোনো এখন জিলা চিকিৎসালয়তে ‘ফ্লুৰেচেন্স মাইক্ৰ’স্কপি’ৰ নাম-গোন্ধেই নাছিল।
ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ পৰিপ্ৰেক্ষিতত এই তথ্য অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো CBNAAT হৈছে এনে এক যুগান্তকাৰী পৰীক্ষা যিয়ে ৰিফামপিচিন প্ৰতিৰোধৰ (rifampicin resistance) বিষয়ে কেইবা সপ্তাহৰ পৰিৱৰ্তে মাত্ৰ কেইটামান ঘণ্টাতেই নিৰ্ণায়ক ফলাফল প্ৰদান কৰে। সমীক্ষাটোৰ গৱেষকসকলে আঙুলিয়াই দিছে যে যিবোৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত এই পৰীক্ষাসমূহৰ সুব্যৱস্থা নাই, তেনেবোৰ স্থানত প্ৰায় ৮০,০০০-ৰ পৰা ১,২০,০০০ লোক উপযুক্ত ৰোগ নিৰ্ণয় সেৱাৰ পৰা বঞ্চিত হ’ব পাৰে। তদুপৰি, সমগ্ৰ ভাৰতবৰ্ষত যক্ষ্মাৰ সন্দেহজনক ৰোগীসকলৰ মাত্ৰ এক তৃতীয়াংশকহে CBNAAT-ৰ জৰিয়তে পৰীক্ষা কৰা হয়।
উচ্চ মানৰ পৰীক্ষাগাৰ
অসমৰ স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (GMCH) অৱস্থিত ‘ইণ্টাৰমিডিয়েট ৰেফাৰেন্স লেবৰেটৰী’টোক কঠিন, তৰল আৰু আণৱিক পৰীক্ষাৰ বাবে সৰ্বাংগসুন্দৰভাৱে সুসজ্জিত বুলি অভিহিত কৰিছে। ই সমগ্ৰ অসমৰ লগতে মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ডৰ বাবে ‘মাল্টিড্ৰাগ-ৰেজিষ্টেণ্ট টিবি’ (MDR-TB) নিৰ্ণয়ৰ সেৱা প্ৰদান কৰে। এই বিশেষ ভৱনটোলৈ ছখনকৈ ৰাজ্যৰ পৰা শ্লেষ্মাৰ নমুনা পৰীক্ষাৰ বাবে আহে।
কিন্তু ২০২৬ চনৰ ‘মাইক্ৰোবায়োলজী স্পেকট্ৰাম’ত প্ৰকাশিত সমীক্ষায়েই বাখ্যা কৰিছে যে কেৱল এটা শক্তিশালী শীৰ্ষ পৰীক্ষাগাৰ থকাটোৱেই পৰ্যাপ্ত নহয়। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, ভাৰতবৰ্ষত প্ৰয়োজনীয় ৭,০৮৪ টা যক্ষ্মা গোটৰ (TB Units) বিপৰীতে ৬,৩০৮ টা গোটহে বৰ্তি আছে। আনহাতে, পৰামৰ্শৱদ্ধ ২৮৩ টা ‘কালচাৰ আৰু ড্ৰাগ-ছাচেপটিবিলিটি টেস্টিং’ (CDST) পৰীক্ষাগাৰৰ বিপৰীতে মাত্ৰ ৯৭ টাহে সক্ৰিয় হৈ আছে — অৰ্থাৎ যক্ষ্মা গোটসমূহক সেৱা প্ৰদান কৰিবলৈ CDST-ৰ সামৰ্থ্যৰ ৬১.৫৬% ব্যাপক নাটনি এতিয়াও বিদ্যমান হৈ আছে। (নিৰ্ধাৰিত মানদণ্ড অনুসৰি NTEP-ৰ অধীনত প্ৰতি ২,০০,০০০ লোকৰ বিপৰীতে এটা যক্ষ্মা গোট আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ড অনুসৰি প্ৰতি পঞ্চাশ লাখ লোকৰ বিপৰীতে এটা CDST পৰীক্ষাগাৰ থকাটো বাঞ্ছনীয়)। স্মৰ্তব্য যে, ভাৰতৰ NTEP-চিহ্নিত CDST পৰীক্ষাগাৰসমূহৰ ভিতৰত ৮৪ টা চৰকাৰী আৰু ১৩ টা ব্যক্তিগত খণ্ডৰ অন্তৰ্গত।
গৱেষকসকলে ইয়াতকৈয়ো এখোজ আগুৱাই গৈ তেওঁলোকৰ নিজস্ব বিশ্লেষণ আগবঢ়াইছে, তেওঁলোকে যুক্তি দৰ্শাইছে যে যক্ষ্মা গোটৰ অনুপাতত ‘ড্ৰাগ-ছাচেপটিবিলিটি টেষ্টিং’-ৰ তীব্ৰ অভাবেই নিৰ্বিচাৰভাৱে এণ্টিবায়টিকৰ প্ৰয়োগ বৃদ্ধি কৰে, আৰু সম্ভৱতঃ ইয়েই ভাৰতবৰ্ষই বিশ্বৰ সৰ্বাধিক ‘মাল্টিড্ৰাগ-ৰেজিষ্টেণ্ট’ যক্ষ্মাৰ বোজা বহন কৰাৰ মূল কাৰণ।
তথ্যৰ অভাৱ
ভাৰতৰ যক্ষ্মা ৰোগীৰ বিপুল পৰিসৰক লৈ কোনো বিতৰ্কৰ অৱকাশ নাই। ২০২৪ বৰ্ষত বিশ্বজুৰি ‘MDR’ বা ৰিফামপিচিন-প্ৰতিৰোধী যক্ষ্মাত (MDR/RR-TB) আক্ৰান্ত হোৱা বুলি অনুমান কৰা সৰ্বমুঠ জনসংখ্যাৰ ৩২%-তকৈয়ো অধিক লোক কেৱল ভাৰতবৰ্ষতেই আছিল। উক্ত বৰ্ষত বিশ্বৰ ২.৪ নিযুত ধৰা নপৰা (missing) যক্ষ্মা ৰোগীৰ ৮.৮% ভাৰতৰ আছিল, যিটো ইণ্ডোনেছিয়াৰ পাছতেই বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক।
গোলকীয় প্ৰেক্ষাপটত, চিকিৎসাৰ এই বৃহৎ ব্যৱধানৰ পৰিসংখ্যা আৰু অধিক উদ্বেগজনক। ২০২৪ চনত আনুমানিক ৩,৯০,০০০ লোক MDR/RR-TB-ত আক্ৰান্ত হৈছিল যদিও ইয়াৰ ভিতৰত মাত্ৰ ৪২% ৰোগীয়েহে প্ৰকৃত চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছিল।
অসমৰ প্ৰেক্ষাপটত, এনে পৰিসংখ্যা ৰাজহুৱাভাৱে ক’তো উপলব্ধ নহয়। ৰাজ্যখনৰ সৰ্বমুঠ পঞ্জীয়নভুক্ত যক্ষ্মা ৰোগীৰ সংখ্যা ২০২৩ বৰ্ষত ৫১,৬০০ আৰু ২০২৪ বৰ্ষত ৫০,১৩২ গৰাকী যক্ষ্মা ৰোগী চিনাক্ত কৰা হৈছিল। ইয়াৰে সৰ্বাধিক ৰোগী শোণিতপুৰ, যোৰহাট, নগাঁও আৰু চৰাইদেউৰ দৰে চাহ বাগিচা অধ্যুষিত জিলাসমূহত কেন্দ্ৰীভূত। কিন্তু ঔষধ-প্ৰতিৰোধী যক্ষ্মা ৰোগীৰ অনুপাত কিমান সেয়া প্ৰকাশ কৰা হোৱা নাই, আনকি কামৰূপ মেট্ৰ’ৰ ক্ষেত্ৰতো ইয়াৰ কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই।
২০২৬ চনৰ মে’ মাহত, গুৱাহাটীৰ পশ্চিমে অৱস্থিত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ বিষয়াসকলে তেওঁলোকৰ এলেকাত ২০২৫ চনত ২৩০ গৰাকী যক্ষ্মা ৰোগী, ২০২৬ চনত এতিয়ালৈকে ৭৯ গৰাকী পঞ্জীয়নভুক্ত ৰোগী, ডটছ (DOTS) চিকিৎসা গ্ৰহণ কৰি থকা ১১২ গৰাকী ৰোগী আৰু ২০২৫ চনত আৰোগ্য লাভ কৰা ১৯৭ গৰাকী ৰোগীৰ এক নিৰ্দিষ্ট পৰিসংখ্যা দাঙি ধৰিছিল। এখন পৰিষদীয় এলেকাৰ পৰা যদি এনেকুৱা নিৰৱচ্ছিন্ন আৰু বিতং হিচাপ প্ৰদান কৰিব পাৰে, তেন্তে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ পঞ্চম-বৃহত্তম নগৰীয় অঞ্চলটোৱে ইয়াৰ ঔষধ-প্ৰতিৰোধী ৰোগীসকলৰ বাবে এটা ৰাজহুৱা হিচাপ কিয় দিব নোৱাৰে সেয়া সঁচাকৈয়ে এক ডাঙৰ সাঁথৰ।
ছমহীয়া চিকিৎসা গ্ৰহণ আৰু বাস্তৱ গ্ৰহণযোগ্যতা
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ‘BPaLM ৰেজিমেন’ (বিডাকুইলিন, প্ৰিট’মেনিড, লাইনেজ’লিড আৰু মক্সিফ্লক্সাচিন) অনুমোদন জনাইছিল। ইয়াৰ জৰিয়তে কুৰি মাহলৈকে চলিব পৰা MDR-TB-ৰ দীৰ্ঘম্যাদী চিকিৎসাৰ অৱসান ঘটাই মাত্ৰ ছমাহতে আৰোগ্য কৰিব পৰা এক নৱ্য পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়। বিশ্বজুৰি ২০২৪ বৰ্ষত ৩৪,২৫৬ গৰাকী MDR/RR-TB ৰোগীয়ে এই ছমহীয়া চিকিৎসা গ্ৰহণ কৰা আৰম্ভ কৰে, যিটো ২০২৩ চনৰ ৫,৬৫৩ গৰাকীৰ তুলনাত এক আশাপ্ৰদ অগ্ৰগতি।
পিছে এই ছমহীয়া চিকিৎসাৰো কিছুমান নিজস্ব চৰ্ত আৰোপিত আছে। ভাৰতৰ DR-TB নিৰ্দেশিকাৰ ওপৰত ২০২৫ চনৰ এক পৰ্যালোচনাত উল্লেখ কৰা হৈছে যে যেতিয়া লাইনেজ’লিডৰ মাত্ৰা হ্ৰাস কৰা হয়, তেতিয়া চিকিৎসাৰ সময়সীমা ২৬ সপ্তাহৰ পৰা ৩৯ সপ্তাহলৈ বৃদ্ধি কৰাৰ যি অনুমতি প্ৰদান কৰা হৈছে, সিয়েই এই ছমহীয়া প্ৰতিশ্ৰুতিক বহুলাংশে ম্লান কৰি পেলায়; যাৰ ফলশ্ৰুতিত বহুতো ৰোগীয়ে অৱশেষত এক দীৰ্ঘ সময়ৰ বাবে ঔষধ সেৱন কৰিবলৈ বাধ্য হয়। লাইনেজ’লিডৰ মাত্ৰা হ্ৰাস কৰাটো এক নৈমিত্তিক প্ৰক্ৰিয়া, কাৰণ এই ঔষধটোৱেই স্নায়ুতন্ত্ৰৰ ক্ষতিসাধন কৰে আৰু তেজৰ কোষৰ মাত্ৰা নিম্নমুখী কৰে।
এই কথাই আমাক পুনৰ ৰোগ নিৰ্ণয়ৰবাবে থকা সুবিধাসমূহৰ কথা সোৱৰাই দিয়ে। এই ঔষধসমূহ সেৱন কৰি থকা ৰোগী এজনক নিৰন্তৰ নিৰীক্ষণ কৰিবলৈ তেজৰ কোষৰ পৰিমাণ আৰু ‘মেটাবলিক পেনেল’ পৰীক্ষা কৰাৰ একান্ত প্ৰয়োজন, আৰু ২০২৬ চনৰ সমীক্ষাত সেইবোৰৰো সূক্ষ্ম মূল্যায়ন কৰা হৈছিল। জিলা চিকিৎসালয় আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰসমূহত ‘কমপ্লিট ব্লাড কাউণ্ট’ পৰীক্ষাৰ উপলব্ধতা সন্তোষজনক আছিল যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত সমীক্ষাকৃত ১৫০ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই হাৰ ৪৯.৫২%-লৈ অৱনমিত হয়। অথচ এইটো স্তৰতেই সাধাৰণতে যক্ষ্মা গোটসমূহ অৱস্থিত আৰু ইয়াৰ পৰাই ৰোগীসকলে মাহৰ পিছত মাহ ধৰি ঔষধ সংগ্ৰহ কৰিবলগীয়া হয়।
‘নি- ক্ষয় পোষণ যোজনা’ৰ জৰিয়তে চলাটো সম্ভৱনে?
ঔষধসমূহ বিনামূলীয়া হ’ব পাৰে, কিন্তু চিকিৎসা ব্যৱস্থাটো নহয়। ভাৰতীয় ৰোগীৰ ব্যয়ৰ ওপৰত চলোৱা এক অধ্যয়নৰ পৰ্যালোচনাত উন্মোচিত হৈছে যে ৬৮% ঔষধ-প্ৰতিৰোধী যক্ষ্মা ৰোগীয়ে এক বৃহৎ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়, অৰ্থাৎ তেওঁলোকৰ বাৰ্ষিক পাৰিবাৰিক আয়ৰ ২০% বা তাতকৈ অধিক ধন কেৱল চিকিৎসাতেই ব্যয় হয়। দিল্লী আৰু ফৰিদাবাদৰ জিলা DR-TB কেন্দ্ৰসমূহত চলোৱা আন এক পৰৱৰ্তী গৱেষণাত দেখা গৈছে যে ৩২% ৰোগীয়ে কেৱল ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ পূৰ্বৱৰ্তী মূল্যায়নৰ পৰ্যায়তেই এক বৃহৎ আৰ্থিক বোজাৰ সন্মূখীন হয়।
বৰ্তমান চৰকাৰৰ ‘নি- ক্ষয় পোষণ যোজনা’ৰ জৰিয়তে মাহিলি ১,০০০ টকাকৈ প্ৰদান কৰা হয়, যিটো পূৰ্বৰ ৫০০ টকাৰ পৰা দুগুণলৈ বৃদ্ধি কৰা হৈছে। কিন্তু গুৱাহাটীৰ এজন দিনহাজিৰা কৰা শ্ৰমিক, যিয়ে ছমাহলৈকে কোনো গধুৰ শ্ৰম কৰিবলৈ অক্ষম, তেওঁৰ বাবে এই যৎসামান্য ধনৰাশি কেতিয়াও জীৱিকাৰ বিকল্প হ’ব নোৱাৰে।
চৰকাৰী পদক্ষেপ আৰু সুৰুঙা
২০২৬ বৰ্ষৰ ২৪ মাৰ্চত অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিএন চেণ্টাৰত ১০০-দিনীয়া যক্ষ্মামুক্ত ভাৰত অভিযানৰ শুভাৰম্ভণি কৰে। “হয়! আমি যক্ষ্মা নিৰ্মূল কৰিব পাৰো” (Yes! We can end TB) শীৰ্ষক বাণীৰে যক্ষ্মা চেম্পিয়ন আৰু নি-ক্ষয় মিত্ৰসকলক সম্বৰ্ধনা জনোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অসমৰ অভিযান সঞ্চালক ডাঃ লক্ষ্মণন এছ. আৰু স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংচো উপস্থিত আছিল।
কিন্তু এই প্ৰচাৰ অভিযানসমূহে ৰোগ নিৰ্ণয়ৰ প্ৰক্ৰিয়াটোক কিদৰে সহজ কৰি তুলিব সেইটো এতিয়াও ডাঙৰ প্ৰশ্ন। কিন্তু ২০২৬ চনৰ ‘Evaluating the nationwide availability of essential diagnostics for tuberculosis toward achieving a TB-free India’ সমীক্ষাই এই কথা সুস্পষ্টভাৱে ইংগিত দিয়ে যে ৰাজহুৱাভাৱে পৰীক্ষা কৰা কামৰূপ মেট্ৰ’ৰ মুষ্টিমেয় স্বাস্থ্য কেন্দ্ৰৰ অৱস্থালৈ চাই ক’ব পাৰি যে প্ৰান্তীয় পৰ্যায়ত থকা সঁজুলিসমূহৰ অৱস্থা কেনেধৰণৰ হ’ব। এক্স-ৰে নথকা এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত, বা CBNAAT-ৰ সুবিধা নথকা এখন সামূহিক স্বাস্থ্য কেন্দ্ৰত চলোৱা স্ক্ৰীনিং অভিযানে এজন যক্ষ্মাৰ লক্ষণ থকা ব্যক্তিকহে বিচাৰি উলিয়াব পাৰে, কিন্তু তেওঁৰ শৰীৰত থকা ঔষধ-প্ৰতিৰোধ ক্ষমতাৰ গভীৰতা উদ্ঘাটন কৰিবলৈ ই আজিও অক্ষম।
(এই প্ৰতিবেদন ৰীচ্চ মিডিয়া ফেল’শ্বীপ ২০২৫-২৬ৰ অধীনত প্ৰকাশ কৰা হৈছে।)





