• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩ কোটি টকাৰ উৎকোচৰ বৃহৎ কেলেংকাৰী: চিবিআইৰ জালত আই পি এছ বিষয়া দীপক গেহলৱাট

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে পুডুচেৰীৰ এজন ব্যৱসায়ীক চি বি আইৰ তদন্তৰ পৰা সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দি ৩ কোটি টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগত ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া দীপক গেহলৱাটক গ্ৰেপ্তাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2026 7:27 pm
53
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে পুডুচেৰীৰ এজন ব্যৱসায়ীক চি বি আইৰ তদন্তৰ পৰা সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দি ৩ কোটি টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগত ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া দীপক গেহলৱাটক গ্ৰেপ্তাৰ কৰিছে। ২০১২ বৰ্ষৰ হাৰিয়ানা কেডাৰৰ এইগৰাকী বিষয়াই বৰ্তমান দিল্লীত অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰোত (বি চি এ এছ) কৰ্মৰত হৈ আছিল। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছতে সংস্থাটোৱে তেওঁৰ সৈতে জড়িত কেইবাখনো স্থানত তন্ন তন্নকৈ তালাচী চলাই বহুতো ডিজিটেল সামগ্ৰী, হাৰ্ড ডিস্ক আৰু গুৰুত্বপূৰ্ণ নথি–পত্ৰ জব্দ কৰিছে।

এই একেটা গোচৰতে যোৱা মাহত চি বি আয়ে দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ পৰিদৰ্শক প্ৰদীপ সিং আৰু ৰাজকুমাৰ নামৰ আন এজন ব্যক্তিক উৎকোচৰ ধন আদান–প্ৰদান কৰাত সহায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। সংস্থাটোৱে তেওঁলোকৰ পৰা ২৪.৭০ লাখ টকাও জব্দ কৰিছিল। প্ৰথম তথ্য প্ৰতিবেদন চমুকৈ এজাহাৰত চি বি আয়ে উল্লেখ কৰিছে যে এন. ৰাজা নামৰ ব্যৱসায়ীজন, তেওঁৰ সহযোগী ৰাজকুমাৰ আৰু আন কেইজনমানৰ সৈতে লগ লাগি প্ৰদীপ সিঙে চি বি আইৰ গোচৰৰ পৰা ৰেহাই পাবলৈ অবৈধভাৱে ধনৰ লেনদেন কৰিছিল।

Apply Now

পুডুচেৰী চৰকাৰৰ নিৰ্দেশত চি বি আয়ে ৰুজু কৰা নকল ঔষধ প্ৰস্তুত কৰা এক গোচৰত অভিযুক্ত হৈছিল এন. ৰাজা। ৰাজকুমাৰে এই ব্যৱসায়ীজন আৰু আৰক্ষী পৰিদৰ্শকজনৰ মাজত মধ্যভোগী হিচাপে কাম কৰিছিল। ২০২৬ চনৰ ১৪ মে‘ তাৰিখে দুয়ো দিল্লীৰ আই জি আই বিমানবন্দৰৰ সমীপৰ এৰ‘চিটিত পৰিদৰ্শকজনক লগ কৰিছিল। চি বি আইৰ সন্দেহ অনুসৰি, পৰিদৰ্শকগৰাকীয়ে তেওঁলোকক ওচৰতে থকা গেহলৱাটৰ কাৰ্যালয়লৈ লৈ গৈছিল। এজাহাৰত কোৱা হৈছে যে সেই সাক্ষাতৰ সময়তে আই পি এছ বিষয়াগৰাকীয়ে ব্যৱসায়ী ৰাজাক চি বি আইৰ ভিতৰত থকা তেওঁৰ প্ৰভাৱ খটুৱাই গোচৰৰ পৰা সকাহ দিয়াৰ আশ্বাস দিছিল।

ইয়াৰ দুদিন পিছত ব্যৱসায়ী ৰাজাই তেওঁৰ পত্নীক জনাইছিল যে বিষয়াগৰাকীয়ে চি বি আইৰ গোচৰত সহায় কৰাৰ বিনিময়ত ৩ কোটি টকা বিচাৰিছে আৰু ইয়াৰ আধা ধন আগতীয়াকৈ দাবী কৰিছে। চি বি আয়ে জনোৱা মতে, দিল্লীলৈ ১ কোটি টকা পঠিয়াবলৈ ব্যৱসায়ীজনে চেন্নাইৰ এজন হাৱালা ব্যৱসায়ীৰ সৈতে যোগাযোগ কৰিছিল। যোৱা ৮ জুনত দিল্লীৰ চান্দনী চ‘কত পৰিদৰ্শকগৰাকীক এই ধন হস্তান্তৰ কৰাৰ কথা আছিল। এই সকলোবোৰ তথ্যৰ ভিত্তিত সংস্থাটোৱে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে এই সমগ্ৰ ষড়যন্ত্ৰত আই পি এছ বিষয়া দীপক গেহলৱাটৰ ভূমিকা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল আৰু অৱশেষত তেওঁকো গ্ৰেপ্তাৰ কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm
সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

সময়সীমা বৃদ্ধিৰ আবেদন নাকচ: ‘দিন-ৰাতি একাকাৰ কৰি কাম কৰক’, আৰাৱলী কমিটীলৈ সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ

September 7, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd