বিশ্বকাপৰ আৰম্ভণি যদিও আশা কৰা ধৰণে নহ’ল, তথাপিও স্পেইনে নকআউট পৰ্যায়ত নিজৰ প্ৰকৃত ফৰ্মলৈ ঘূৰি আহিল। ৰাউণ্ড অফ ৩২ত অষ্ট্ৰিয়াৰ ওপৰত একপক্ষীয় আধিপত্য প্ৰদৰ্শন কৰি লুইছ ডি লা ফুয়েণ্টেৰ দলটোৱে ৩-০ গ’লত জয়লাভ কৰে। মাইকেল অয়াৰজাবালে দুটা গ’ল দিয়াৰ বিপৰীতে পেড্ৰ’ প’ৰ’ই আন এটা গ’ল দিয়ে। এই জয়েৰে স্পেইনে ১৬ বছৰৰ পাছত বিশ্বকাপৰ নকআউট পৰ্যায়ত জয়লাভ কৰে।
২০১০ চনত বিশ্বকাপ জয় কৰাৰ পিছত স্পেনিছ দলটোৱে নকআউট পৰ্যায়ত কোনো এখন খেলত জয়ী হ’ব পৰা নাছিল। ২০১৪ চনত গ্ৰুপ পৰ্যায়ত বিদায় ল’ব লগা হৈছিল। তাৰ পিছত ২০১৮ আৰু ২০২২ চনৰ বিশ্বকাপৰ অন্তিম ১৬ত তেওঁলোকৰ যাত্ৰা স্তব্ধ হৈ পৰিছিল। অৱশেষত বৰ্তমানৰ দলটোৱে সেই হতাশাজনক অধ্যায়ৰ অন্ত পেলালে। ইয়াৰ উপৰিও ২০১০ চনৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে নকআউট পৰ্যায়ত গ’ল দিছে, সেইবাৰ আন্দ্ৰেছ ইনিয়েষ্টাই গ’লটো দিছিল।
লছ এঞ্জেলছত স্পেইনে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক ফুটবল খেলিবলৈ আৰম্ভ কৰিছিল। খেলখনৰ প্ৰথম মিনিটত লামিন ইয়ামালে গ’লৰ সুযোগ পাইছিল যদিও অষ্ট্ৰিয়াৰ গ’লৰক্ষক আলেকজেণ্ডাৰ শ্ব্লেগাৰে এটা ডাঙৰ ছেভেৰে দলটোক ৰক্ষা কৰিছিল।
ইয়াৰ পিছতো স্পেইনে ইটোৰ পিছত সিটোকৈ আক্ৰমণ অব্যাহত ৰাখিছিল। ২৯ মিনিটত কৰ্ণাৰত মাৰ্ক কুকুৰিয়াৰ গ’লটো ভিএআৰে বাতিল কৰে যদিও তেওঁলোক হতাশ নহ’ল। ৩৬ মিনিটত পেড্ৰিৰ এক দুৰ্দান্ত দৌৰৰ পৰা গঢ়ি উঠা আক্ৰমণত বাওঁফালৰ পৰা কুকুৰিয়াই দিয়া লো ক্ৰছটো নিখুঁতভাৱে নেটত সোমাই দি মাইকেল অয়াৰজাবালে স্পেইনক অগ্ৰগতি আনি দিয়ে।
প্ৰথমাৰ্ধত এটা গ’ল দিয়াৰ পাছত অষ্ট্ৰিয়াই দ্বিতীয়াৰ্ধত খেলখনত উভতিবলৈ চেষ্টা কৰে। ৬১ মিনিটত ছাছা কালিজজিচৰ হেডাৰ ক্ৰছবাৰৰ ওপৰেৰে যোৱাত সমতা স্থাপনৰ এক সুন্দৰ সুযোগ হেৰুৱাই পেলায়।
সেই অপচয় হোৱা সুযোগৰ মূল্য দিবলৈ তেওঁলোকে বেছি সময় নালাগিল। ৬৬ মিনিটত কুকুৰিয়াৰ দখলত বল থকাৰ পাছত পেড্ৰ’ প’ৰ’ই এলেক্স বায়েনাৰ কাটবেকত হেড কৰি ব্যৱধান দুগুণ কৰে। ৰাষ্ট্ৰীয় দলৰ জাৰ্চিত এইটো তেওঁৰ প্ৰথমটো গ’ল আছিল।
দুটা গ’লৰ অগ্ৰগতি লাভ কৰাৰ পিছতো স্পেইনে আক্ৰমণৰ তীব্ৰতা কমাই নিদিলে। ৮৫ মিনিটত ইয়ামালৰ নিশ্চিত গ’লটো গ’ল লাইনৰ পৰা ৰক্ষা কৰে অষ্ট্ৰিয়াৰ অধিনায়ক ডেভিদ আলাবাই। অৱশ্যে খেলখনৰ ৮৯ মিনিটত আৰু ৰক্ষা নহ’ল। আকৌ এবাৰ কুকুৰিয়াৰ পাছ ধৰি লো শ্বটত অয়াৰজাবালে দ্বিতীয়টো গ’ল কৰি ৩-০ গ’লৰ ব্যৱধানত জয়লাভ কৰে।
গোটেই খেলখনত স্পেইনৰ আধিপত্য লক্ষ্যণীয় আছিল। তেওঁলোকে মুঠ ২৩টা শ্বট দিছিল, ইয়াৰে ১০টা শ্বট লক্ষ্যত আছিল। আনহাতে অষ্ট্ৰিয়াই ৫টা শ্বট লৈছিল যদিও এটাও শ্বট লক্ষ্যত ৰাখিব পৰা নাছিল। খেলখনত স্পেইনৰ গ’লৰক্ষক উনাই ছিমিওনে বিশেষ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। আৰু তাৰ ফলস্বৰূপে এই মেচখনত তেওঁ অভিলেখ গঢ়িবলৈ সক্ষম হয়। বিশ্বকাপত ৫১৯ মিনিট খেলি গ’ল নোখোৱাকৈ ৩৬ বছৰীয়া অভিলেখ ভংগ কৰিলে স্পেইনৰ গ’লৰক্ষক উনাই ছিমিওনে। ইয়াৰ পূৰ্বে ইটালীৰ ৱালটাৰ জেংগাই ১৯৯০ চনত বিশ্বকাপত গ’ল নোখোৱাকৈ ৫১৮ মিনিটৰ অভিলেখ গঢ়িছিল।উনাই ছিমিওনে এইবাৰ সেই অভিলেখ ভংগ কৰিলে।
এই জয়ৰ জৰিয়তে স্পেইনে বিশ্বকাপৰ অন্তিম ১৬ত স্থান নিশ্চিত কৰিছে। তেওঁলোকৰ পৰৱৰ্তী মেচ হ’ব ৭ জুলাই, মঙলবাৰে পুৱা ১২:৩০ বজাত। তেওঁলোকৰ প্ৰতিদ্বন্দ্বী হ’ব পৰ্তুগাল।





