• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

বোম্বাই উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি স্পষ্ট কৰি দিছে যে গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰৰ নীতিৰ বিৰোধিতা কৰা বা কোনো প্ৰতিবাদত অংশগ্ৰহণ কৰাটো কোনো নাগৰিকক চহৰৰ পৰা বহিষ্কাৰ বা নিৰ্বাসন কৰাৰ ভিত্তি হ'ব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2026 3:23 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোম্বাই উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান কৰি স্পষ্ট কৰি দিছে যে গণতান্ত্ৰিক পদ্ধতিৰে চৰকাৰৰ নীতিৰ বিৰোধিতা কৰা বা কোনো প্ৰতিবাদত অংশগ্ৰহণ কৰাটো কোনো নাগৰিকক চহৰৰ পৰা বহিষ্কাৰ বা নিৰ্বাসন কৰাৰ ভিত্তি হ‘ব নোৱাৰে। আদালতে ছচিয়েলিষ্ট ডেম’ক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়া অৰ্থাৎ এছডিপআইৰ সাধাৰণ সম্পাদক ছৈয়দ আহমদ আব্দুল ৱাহিদ চৌধুৰীৰ বিৰুদ্ধে জাৰি কৰা জিলা বহিষ্কাৰৰ নিৰ্দেশ সম্পূৰ্ণৰূপে বাতিল কৰিছে। ন্যায়াধীশ মাধৱ জামদাৰৰ বিচাৰপীঠে আৰক্ষীৰ কাৰ্যপ্ৰণালীক তীব্ৰ সমালোচনা কৰি কয় যে আৰক্ষী বিষয়াৰ জবাবদিহিতা জনসাধাৰণৰ প্ৰতিহে, তেওঁলোকে কোনো মন্ত্ৰীৰ ব্যক্তিগত কৰ্মচাৰীৰ দৰে কাম কৰিব নোৱাৰে।

মুম্বাইৰ চেম্বুৰৰ বাসিন্দা ৪৯ বছৰীয়া ছৈয়দ আহমদ চৌধুৰী সামাজিক আৰু ৰাজনৈতিক বিষয়ত দীৰ্ঘদিন ধৰি সক্ৰিয় আছিল। তেওঁ চিএএ-এনআৰচি, বাবৰী মছজিদ, জ্ঞানবাপী বিবাদ, ৱাকফ ব’ৰ্ডৰ দুৰ্নীতি আৰু ক্ৰমাগত মূল্যবৃদ্ধিৰ দৰে সংবেদনশীল বিষয়ত সময় অনুসৰি শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছিল। ইয়াকে ভিত্তি কৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এ বছৰৰ বাবে মুম্বাই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছিল। আৰক্ষীৰ যুক্তি আছিল যে চৌধুৰীৰ কাৰ্যকলাপৰ বাবে সমাজত ভয়ৰ পৰিৱেশ সৃষ্টি হৈছে আৰু ৰাজহুৱা শৃংখলা ব্যাহত হৈছে। এই সিদ্ধান্তক বিভাগীয় আয়ুক্তয়ো সঠিক বুলি অভিহিত কৰিছিল।

Apply Now

শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে আৰক্ষীৰ এই কাৰ্যৰ ওপৰত বহু গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। আদালতে প্ৰশ্ন কৰে চৰকাৰ বিৰোধী শ্ল’গান দিয়াটো কোনো ব্যক্তিক চহৰৰ পৰা উলিয়াই দিয়াৰ বাবে পৰ্যাপ্ত কাৰণ হ’ব পাৰেনে? আবেদনকাৰী চৌধুৰীৰ অধিবক্তাই আদালতত যুক্তি দৰ্শায় যে যি সময়ত তেওঁৰ মক্কেলক বহিষ্কাৰ কৰা হৈছিল, সেই সময়ত পৌৰ নিগমৰ নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ সময় আছিল। তেওঁক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰখাৰ বাবে এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ আছিল। আনকি স্থানীয় বাসিন্দা আৰু ব্যৱসায়ীসকলেও অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰাৰ আৰক্ষীৰ দাবী সম্পূৰ্ণৰূপে নাকচ কৰে।

আদালতে পৰ্যবেক্ষণ কৰে যে চৌধুৰীৰ বিৰুদ্ধে ২০১৯ ৰ পৰা ২০২৪ চনৰ ভিতৰত মুঠ পাঁচখন এজাহাৰ ৰুজু কৰা হৈছিল, যাৰ বেছিভাগেই কেৱল চৰকাৰী আদেশ উলংঘা কৰাৰ সৈতে জড়িত শান্তিপূৰ্ণ প্ৰতিবাদৰ গোচৰ আছিল। উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে কেৱল শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ বাবে এজন ব্যক্তিক চহৰৰ পৰা খেদি পঠোৱাটো সম্পূৰ্ণ অসাংবিধানিক। আদালতে ইয়াক সংবিধানৰ ১৯ নং অনুচ্ছেদ অৰ্থাৎ প্ৰকাশৰ স্বাধীনতা আৰু ২১ নং অনুচ্ছেদ অৰ্থাৎ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰৰ পোনপটীয়া উলংঘা বুলি অভিহিত কৰে আৰু এই নিৰ্বাসনৰ নিৰ্দেশ সম্পূৰ্ণৰূপে খাৰিজ কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

ওড়িশাৰ পাৰাদ্বীপৰ ওচৰত ২০ জন চীনা নাগৰিকৰ সৈতে জাহাজ ডুবি সন্ধানহীন; উদ্ধাৰত নামিল নৌসেনা, ক’ষ্ট গাৰ্ড

August 23, 2026 7:57 am
হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd