বিশ্বৰ আটাইতকৈ বয়সীয়াল জীৱিত ব্যক্তি ইথেল কেটাৰহামে ব্ৰিটেইনৰ চাৰেত (Surrey) পৰিয়াল আৰু বন্ধু-বৰ্গৰ সৈতে নিজৰ ১১৭ সংখ্যক জন্মদিন উদযাপন কৰিছে। ইয়াৰ লগতে তেওঁ ১১৭ বছৰ বয়স স্পৰ্শ কৰা ইতিহাসৰ প্ৰথমগৰাকী ব্ৰিটিছ নাগৰিক হিচাপে পৰিগণিত হৈছে। ২০২৫ চনৰ এপ্ৰিল মাহত ১১৬ বছৰীয়া ব্ৰাজিলৰ নান চিষ্টাৰ ইনা কানাবাৰো লুকাছৰ মৃত্যুৰ পাছতে কেটাৰহামে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তিৰ স্বীকৃতি লাভ কৰিছিল।
টাইটানিক দুৰ্ঘটনাৰ তিনি বছৰ আৰু ৰাছিয়ান বিপ্লৱৰ আঠ বছৰ পূৰ্বে জন্মগ্ৰহণ কৰা ইথেলে দুখনকৈ বিশ্বযুদ্ধৰ সাক্ষী হৈছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, তেওঁ হৈছে ক’ভিড-১৯ মহামাৰীক জয় কৰা বিশ্বৰ অন্যতম বয়সীয়াল ব্যক্তি। ২০২০ চনত, ১১০ বছৰ বয়সত তেওঁ ক’ভিডত আক্ৰান্ত হৈছিল যদিও ইয়াৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। হেম্পশ্বায়াৰত জন্মগ্ৰহণ কৰা আৰু উইল্টশ্বায়াৰত ডাঙৰ-দীঘল হোৱা ইথেল তেওঁৰ পৰিয়ালৰ আঠোটা সন্তানৰ ভিতৰত দ্বিতীয় কনিষ্ঠ আছিল।
১৯২৭ চনত এগৰাকী কিশোৰী হিচাপে তেওঁ ভাৰতলৈ আহিছিল আৰু এটা সামৰিক পৰিয়ালত পৰিচাৰিকা হিচাপে কাম কৰিছিল। ১৯৩১ চনত ব্ৰিটেইনত এখন নৈশ ভোজত তেওঁৰ স্বামী, ব্ৰিটিছ সেনাৰ লেফটেনেণ্ট কৰ্ণেল নৰ্মানৰ সৈতে তেওঁৰ সাক্ষাৎ হয়। পাছলৈ এই দম্পতীয়ে হংকঙত বসবাস কৰিবলৈ লয়, য’ত ইথেলে এখন নাৰ্চাৰী স্কুল প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোক ব্ৰিটেইনলৈ উভতি আহে আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তানৰ জন্ম হয়। ১৯৭৬ চনত স্বামীৰ মৃত্যু হোৱাৰ পিছত বৰ্তমান তেওঁৰ দুয়োগৰাকী কন্যাও জীৱিত নাই। অৱশ্যে তেওঁৰ তিনিগৰাকী নাতিনী আৰু পাঁচগৰাকী আজো-নাতিনী আছে।
দীৰ্ঘায়ু হোৱাটো যেন তেওঁলোকৰ পৰিয়ালৰ জিনতেই আছে। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, ইথেলৰ ভগ্নী গ্লেডিছ ববিলাছেও ১০৪ বছৰ ৭৮ দিনলৈকে জীৱন নিৰ্বাহ কৰিছিল। অৱশ্যে, বৰ্তমান ১১৭ বছৰীয়া ইথেল কেটাৰহামে এতিয়াও মানৱ ইতিহাসৰ সৰ্বকালৰ সৰ্বাধিক বয়সৰ অভিলেখ স্পৰ্শ কৰিবলৈ বাকী আছে। এই অভিলেখ বৰ্তমান ফ্ৰান্সৰ জিন কালমেণ্টৰ নামত আছে, যিয়ে ১৯৯৭ চনত ১২২ বছৰ ১৬৪ দিন বয়সত মৃত্যুবৰণ কৰিছিল।





