ড° ভূপেন হাজৰিকাৰ গীত কেৱল সুৰৰ মূৰ্ছনা নহয়, ই এখন সমাজৰ দাপোণ আৰু প্ৰতিবাদৰ কণ্ঠ। চলিত ছেপ্টেম্বৰ মাহত অসমে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ চূড়ান্ত প্ৰস্তুতি চলাই থকাৰ সময়তে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পৰিচালক উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে এখন বিশেষ তথ্যচিত্ৰ। অসম আৰু বংগৰ বাহিৰৰ শ্ৰোতাক ড° হাজৰিকাৰ গীতৰ অন্তৰ্নিহিত সামাজিক তথা ৰাজনৈতিক দায়বদ্ধতাৰ সৈতে পৰিচয় কৰাই দিয়াই হৈছে এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য উল্লেখ কৰে পৰিচালক গৰাকীয়ে।
“মানুহৰ গান” (The Hum of Humanity) শীৰ্ষক এই ৮২ মিনিটৰ তথ্যচিত্ৰখনত ড° হাজৰিকাৰ বহু গীতে কিদৰে সামাজিক বৈষম্য তথা অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উপৰিও সামাজিক আৰু ঐতিহাসিক পৰিঘটনাৰ বুৰঞ্জী লিখিছিল, তাৰ বিশ্লেষণ কৰাৰ প্ৰচেষ্টা কৰা হৈছে।

“যদিও সমগ্ৰ ভাৰতে তেওঁক এজন মহান সংগীতজ্ঞ হিচাপে চিনি পায়, তেওঁৰ ‘দিল হুম হুম কৰে’ আৰু ‘গংগা বেহতী হো কিউ’ গীত দুটাৰ বাহিৰে, অসম আৰু বংগৰ বাহিৰত অতি কমসংখ্যকেহে শিল্পী হিচাপে তেওঁৰ সামাজিক দায়বদ্ধতাৰ গভীৰতাৰ বিষয়ে জানে। এই তথ্যচিত্ৰখনৰ যোগেদি সেই ব্যৱধান পূৰণ কৰিবলৈ চেষ্টা কৰা হৈছে, যদিও আমি সম্পূৰ্ণৰূপে সচেতন যে তেওঁৰ সৃষ্টিশীল প্ৰতিভাৰ বিশাল বিস্তৃতিক কেৱল এখন ছবিয়ে প্ৰতিফলিত কৰিব নোৱাৰে।” আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা তথ্যচিত্ৰখনৰ ট্ৰেইলাৰ আৰু প’ষ্টাৰ উন্মোচনৰ পিছত উৎপল বৰপূজাৰীয়ে এইদৰে কয়।
উল্লেখযোগ্য যে তথ্যচিত্ৰখনৰ প’ষ্টাৰ আৰু ট্ৰেইলাৰ উন্মোচন কৰে ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সভাপতি তথা বিশিষ্ট গায়িকা মণিষা হাজৰিকাই।
বৰপূজাৰীয়ে লগতে কয়, “মানৱতাবাদী ড° হাজৰিকাৰ প্ৰতি এয়া আমাৰ শ্ৰদ্ধাঞ্জলি। প্ৰেমৰ পৰা আৰম্ভ কৰি অসমৰ ঋতুসমূহ উদযাপন কৰা গীতলৈকে তেওঁ বহু বিষয়ে গীত লিখিছিল আৰু গাইছিল। কিন্তু তেওঁ সচেতনভাৱে গোটেই জীৱন যি সামাজিক দায়বদ্ধতা অনুশীলন কৰিছিল, সি তেওঁক ভাৰতৰ ভিতৰতে এগৰাকী সৰ্বকালৰ গুৰুত্বপূৰ্ণ শিল্পী হিচাপে স্থান দিছে।”

তথ্যচিত্ৰখনৰ প্ৰযোজক অভিজিৎ ভূঞাই কয়, “আমাৰ তথ্যচিত্ৰখনৰ অব্যৱহৃত ফুটেজসমূহ, বিশেষকৈ চূড়ান্ত ছবিখনত অন্তৰ্ভুক্ত কৰিব নোৱাৰা সাক্ষাৎকাৰসমূহ আমি পৰৱৰ্তী সময়ত ইউটিউবত মুকলি কৰাৰ পৰিকল্পনা কৰিছোঁ, যাতে সেইবোৰ শিক্ষাবিদ, গৱেষক আৰু ড° হাজৰিকাৰ সংগীতৰ প্ৰতি আগ্ৰহীসকলৰ কামত আহিব পাৰে।”
উন্মোচনী অনুষ্ঠানৰ পিছতে “বহিৰ্বিশ্বত ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰ বিশালতা দাঙি ধৰাত আমি বিফল হৈছোঁ নেকি?” শীৰ্ষক এটি মনোগ্য আলোচনা অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই আঁত ধৰা এই অনুষ্ঠানত আলোচক হিচাপে উপস্থিত থাকে গায়ক তথা ড° হাজৰিকাৰ ভতিজা ময়ূখ হাজৰিকা, জ্যেষ্ঠ নাট্য আৰু চলচ্চিত্ৰ ব্যক্তিত্ব নয়ন প্ৰসাদ, বিজ্ঞানী আৰু কবি বিপুলজ্যোতি শইকীয়া, সমালোচক-কবি অপৰাজিতা পূজাৰী আৰু লেখিকা মনস্বিনী ৰুনুমী মহন্ত।
৯২x২৬ ফিল্মছৰ বেনাৰত ডলী বৰপূজাৰী, প্ৰভাত চন্দ্ৰ বৰপূজাৰী আৰু অভিজিৎ ভূঞাই প্ৰযোজনা কৰা “মানুহৰ গান”খন সম্পূৰ্ণ হ’বলৈ আঠ বছৰ সময় লাগিল, কাৰণ ই আছিল বিশুদ্ধভাৱে এটা “পেচন প্ৰজেক্ট” যিয়ে ক’ভিড মহামাৰীৰ সময়ত আৰু তাৰ পিছত পুঁজিৰ সমস্যাৰ সন্মুখীন হৈছিল। সমগ্ৰ অসমতে চিত্ৰগ্ৰহণ কৰা ছবিখনৰ বিষয়ে বৰপূজাৰীয়ে কয়, “যদিও আমি ২০১৮ চনত ছবিখনৰ এটা ডাঙৰ অংশৰ চিত্ৰগ্ৰহণ কৰিছিলোঁ, বাকী অংশবোৰ যোৱা বছৰহে চিত্ৰগ্ৰহণ কৰিবলৈ সক্ষম হ’লোঁ। অৱশ্যে এই আটাইকেইটা বছৰে আমাৰ বৃহৎ পৰিমাণৰ ফুটেজৰ সম্পাদনা চলি আছিল।”
ছবিখনত “ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ”ৰ লেখক প্ৰয়াত ড° দিলীপ কুমাৰ দত্ত, ড° হাজৰিকাৰ ভগ্নী প্ৰয়াত সুদক্ষিণা শৰ্মা আৰু ভতিজা প্ৰয়াত হৃষিৰাজ শৰ্মা, ড° হাজৰিকাৰ ঘনিষ্ঠ সহযোগী প্ৰয়াত ৰত্ন ওজা, ড° হাজৰিকাৰ দীৰ্ঘকালৰ সহযোগী সংগীতজ্ঞ কমল কটকী আৰু ৰূপম তালুকদাৰৰ দৰে বিশিষ্ট ব্যক্তিক দেখা গৈছে। লগতে আছে বিশিষ্ট গায়ক-লেখক লোকনাথ গোস্বামী, গায়ক নয়ন অসম কলিয়াবৰীয়া, আশা শৰ্মা কটকী, বিপুল কাথাৰ, ৰঞ্জন কুমাৰ দত্ত, বিশিষ্ট সাংবাদিক-লেখক ড° সমুদ্ৰ গুপ্ত কাশ্যপ আদি কেইবাগৰাকীও।
বকোৰ মাণিক চন্দ্ৰ বৰদলৈ আৰু উত্তৰ লখিমপুৰৰ সমীপৰ ধলপুৰ গাঁৱৰ মোলান গগৈৰ দৰে তৃণমূল কণ্ঠশিল্পীৰ লগতে শিৱসাগৰৰ শিশু গায়ক চাওখুন গগৈয়েও তথ্যচিত্ৰখনত সহযোগিতা আগবঢ়াইছে। চিদা বৰা (চিনেমাট’গ্ৰাফাৰ), প্ৰয়াত ভাস্কৰ জ্যোতি দাস (সহযোগী পৰিচালক-সম্পাদক), দিগন্ত বৰা (সম্পাদক), দেৱজিৎ গায়ন (শব্দগ্ৰহণ), উদয় ভাস্কৰ পাটাৰ (সহকাৰী পৰিচালক), ঋতুৰাজ শিৱম (২য় ইউনিট কেমেৰামেন) আদি হ’ল তথ্যচিত্ৰখনৰ কলা-কুশলী। প’ষ্টাৰ ডিজাইন কৰিছে সমুদ্ৰ কাজল শইকীয়াই।





