মহাৰাষ্ট্ৰ চৰকাৰে শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনৰ সকলো বিদ্যালয়ৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ষ্টিং এনাৰ্জি ড্ৰিংকৰ বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। বিধানসভাত এই ঐতিহাসিক সিদ্ধান্তৰ বিষয়ে অৱগত কৰি খাদ্য আৰু ঔষধ প্ৰশাসন মন্ত্ৰী নৰহৰি জিৰৱালে স্পষ্ট কৰি দিয়ে যে এতিয়াৰে পৰা যিকোনো শিক্ষানুষ্ঠানৰ ওচৰত এই পানীয় বিক্ৰী কৰাটো সম্পূৰ্ণ বেআইনী বুলি গণ্য কৰা হ‘ব।
মন্ত্ৰীগৰাকীয়ে জনায় যে ষ্টিং ড্ৰিংকত কেফেইনৰ মাত্ৰা নিৰ্ধাৰিত মানতকৈ বহুত বেছি পোৱা গৈছে, যিটো বাঢ়ি অহা শিশুসকলৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। ছাত্ৰ-ছাত্ৰীসকলক এই অতিৰিক্ত কেফেইনযুক্ত পানীয়ৰ পৰা আঁতৰাই ৰাখিবলৈ এই নিষেধাজ্ঞা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয় যে শিশুৰ স্বাস্থ্যৰ লগত কোনো ধৰণৰ আপোচ কৰা নহ‘ব।
মহাৰাষ্ট্ৰ চৰকাৰৰ এই কঠোৰ কাৰ্যব্যৱস্থাৰ লগতে খাদ্য নিয়ন্ত্ৰক সংস্থা এফ এছ এছ এ আইয়ে শেহতীয়াকৈ ছটা আগশাৰীৰ এনাৰ্জি ড্ৰিংক কোম্পানীলৈ জাননী প্ৰেৰণ কৰিছে। ষ্টিং এনাৰ্জি ড্ৰিংক প্ৰস্তুত কৰা কোম্পানীটোৰ লগতে আন পাঁচটা ডাঙৰ ব্ৰেণ্ডৰ বিৰুদ্ধে ভুল ব্ৰেণ্ডিং আৰু বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ জৰিয়তে ৰাইজক বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এফ এছ এছ এ আইৰ তদন্তত পোহৰলৈ আহিছে যে এই ড্ৰিংকসমূহৰ প্ৰচাৰ আৰু লেবেলিংত নিয়মসমূহ মুকলিকৈ উলংঘা কৰা হৈছে।
এই তদন্তৰ আওতাত ৰেড বুল, পেপছিকোৰ এড্ৰেনালিন ৰাছ, ৰিলায়েন্সৰ কেম্পা এনাৰ্জি গোল্ড বুষ্ট, হেল এনাৰ্জি আৰু মনষ্টাৰ এনাৰ্জিৰ দৰে ডাঙৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডসমূহো অন্তৰ্ভুক্ত হৈছে। এই সামগ্ৰীসমূহৰ গুণাগুণ আৰু নিয়ম মানি চলাৰ দিশসমূহৰ ওপৰত বিষয়াসকলে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
মহাৰাষ্ট্ৰ চৰকাৰ আৰু এফ এছ এছ এ আইৰ এই কঠোৰ স্থিতিৰ পিছত বজাৰত উপলব্ধ আন এনাৰ্জি ড্ৰিংক ব্ৰেণ্ডসমূহৰ ওপৰতো নিৰীক্ষণ যথেষ্ট বৃদ্ধি কৰা হৈছে। চৰকাৰে এই পানীয়বোৰত থকা কেফেইনৰ মাত্ৰা আৰু যুৱক-যুৱতী তথা শিশুৰ ওপৰত পৰা ইয়াৰ মানসিক আৰু শাৰীৰিক পাৰ্শ্বক্ৰিয়াৰ বিষয়ে অতিশয় চিন্তিত। বিদ্যালয়ৰ আশে-পাশে থকা দোকানী আৰু বিক্ৰেতাসকলৰ বাবে এই নিৰ্দেশ তৎকালীনভাৱে কাৰ্যকৰী হ‘ব আৰু নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ‘ব বুলি চৰকাৰে সকীয়াই দিছে।





