• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

৫ লাখ ৫০ হাজাৰ লোকৰ বসতিপ্ৰধান দেশখনে দুবাৰ পিছ পৰি থাকি পুনৰ ঘূৰি আহিছিল। আৰ্জেণ্টিনা জয়ী হৈছে, এতিয়া সেইটো হয়তো আৰু কাহিনী নহয়। পৰাস্ত হোৱাৰ পিছতো ভোজিনহাৰাই কৈ গ’ল যে আমাৰ সংগ্ৰামৰ কাহিনীবোৰে ফুটবলৰ সৌন্দৰ্য্য ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 8:28 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিনা যুদ্ধে এক ইঞ্চি মাটিও এৰি নিদায়াৰ সংকল্প। কেপ ভাৰ্ডেই নোৱাৰিলে। বিশ্বকাপৰ পৰা বাহিৰ হ’ল ভোজিনহাৰ দল। জয়লাভ কৰি বিশ্বকাপৰ অন্তিম ষোল্লত প্ৰৱেশ আৰ্জেণ্টিনাৰ। কিন্তু কেৱল জয়েই সদায় শেষ কথা নহয়। হয়তো বহ সময়ত বুজাই দিব লগা হয় যে আমি আছো, যুদ্ধক্ষেত্ৰ এৰি যোৱা নাই। আমি নাযাওঁ। আমাৰ দৃঢ়তা, আমাৰ যুঁজখন গোটেই পৃথিৱীয়ে চাওক। আমি সহজে হাৰ নামানো। সন্মুখত লিয়নেল মেছি থাকক, তেওঁ থিয় হৈ চাই থাকিব। তেওঁ আতংকিত হ’ব, তেওঁ চিন্তা কৰিব। হয়তো জয়ী হ’ব। কিন্তু শেষত তেওঁৰ হয়তো মনত থাকিব যে আমি তেওঁক কিমান দিক্ভ্ৰান্ত কৰিছিলো। কেপ ভাৰ্ডেৰ ফুটবলে সেই কাহিনী লিখি পেলালে।

অৱশেষত মেছি বাহিনীৰ হাতত তেওঁলোক ২-৩ গ’লত পৰাস্ত হয়। ৫ লাখ ৫০ হাজাৰ লোকৰ বসতিপ্ৰধান দেশখনে দুবাৰ পিছ পৰি থাকি পুনৰ ঘূৰি আহিছিল। আৰ্জেণ্টিনা জয়ী হৈছে, এতিয়া সেইটো হয়তো আৰু কাহিনী নহয়। পৰাস্ত হোৱাৰ পিছতো ভোজিনহাৰাই কৈ গ’ল যে আমাৰ সংগ্ৰামৰ কাহিনীবোৰে ফুটবলৰ সৌন্দৰ্য্য ।

Apply Now

মিয়ামীত অনুষ্ঠিত হোৱা ‘ঘৰৰ মাটি’ত আৰ্জেণ্টিনাক প্ৰথমে অগ্ৰগতি দিছিল লিয়নেল মেছিয়ে। কিন্তু কেপ ভাৰ্ডেৰ ডুয়াৰ্টেই ৬০ মিনিটত সমতা স্থাপন কৰে। অতিৰিক্ত সময়ৰ আৰম্ভণিতে লিছাণ্ড্ৰ’ মাৰ্টিনেজৰ গ’লেৰে আৰ্জেণ্টিনাই পুনৰ অগ্ৰগতি লাভ কৰে। ১০৩ মিনিটত কেব্ৰালে পুনৰ সমতা স্থাপন কৰে। অৱশেষত ১১১ মিনিটত ডিনৰ আত্মঘাতী গ’লেৰে কেপ ভাৰ্ডেই বিদায় ল’লে।

আশা কৰা মতে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে লাউটাৰো মাৰ্টিনেজ আৰু থিয়াগো আলমাডাক আৰম্ভণিৰ একাদশত স্থান দিয়ে। লাউটাৰো আৰু মেছি ৪-২-২ ফৰ্মেচনত ষ্ট্ৰাইকাৰ। কেপ ভাৰ্ডেৰ দৰে দল এটাই ৭ জন লোকক ডিফেন্সলৈ নমাই ভেটা দিয়াটো স্বাভাৱিক। ইফালে আৰ্জেণ্টিনাৰ উইং প্লে সম্পূৰ্ণ বন্ধ। আলমাডা সম্পূৰ্ণ ফ্লপ, আনকি সঠিকভাৱে পাছ দিবও পৰা নাই। আনটো উইংত ৰড্ৰিগো ডি পল। এনেয়েও মেছিৰ লাউটাৰোৰ সৈতে লিংক আপ নহয়। জোৰ-জবৰদস্তি কৰিবলৈ চেষ্টা কৰাত উইংটো বন্ধ হৈ গ’ল।

বক্সৰ ভৰিৰ শৃংখলৰ তলত বলটো ঘুৰি ফুৰিছিল। কেপ ভাৰ্ডেক তেনেকৈ বিব্ৰত কৰিব পৰা নাছিল। বৰঞ্চ তেওঁলোকে দেখুৱাই দিলে যে যেতিয়া এটা দলে নিজৰ আত্মবিশ্বাসৰ শিখৰত থাকে তেতিয়া কি কৰিব পাৰে। গ’লৰক্ষক ভোজিনহাই লাউটাৰোক নিজৰ বক্সৰ ভিতৰত ড্ৰিবল কৰে। গেলেৰীত তেওঁৰ জাৰ্চি, তেওঁৰ শ্লোগান। ভোজিনহাই এখন দেশক উজ্জীৱিত কৰি তুলিছে। তেওঁৰ সন্মুখত সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ নাথাকক কিয়। ভোজিনহাৰ ইউ এছ পি আচলতে তেওঁৰ নিৰ্ভীক মানসিকতাত।

অৱশ্যে বিপক্ষৰ ফুটবলাৰজনৰ নামো লিয়নেল আন্দ্ৰেছ মেছি। ইয়াৰ পূৰ্বেও বহু গ’লৰক্ষকে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল। নোৱাৰিলে। সম্ভৱো নহয়। মেচৰ আধা ঘণ্টাৰ ভিতৰতে ভোজিনহাই তাৰ প্ৰমাণ পালে। আৰ্জেণ্টিনাৰ ডিফেণ্ডাৰ লিছাণ্ড্ৰ’ মাৰ্টিনেজৰ ক্ৰছ কেপ ভাৰ্ডেৰ বক্সত সোমাই পৰে। জোখৰ ক্ৰছ। মেছিৰ ৰিচিভ আৰু সুন্দৰ আছিল। বাওঁ ভৰিৰ মৃদু স্পৰ্শৰে তেওঁ সন্তৰ্পনে বলটো নমাই নেটত সোমাই দিলে। ভোজিনহাৰ কৰিব পৰা একো নাছিল। চলিত বিশ্বকাপত মেছিয়ে ৭টা গ’ল কৰিছে। মুঠ গ’লৰ সংখ্যা ২০টা। প্ৰথমাৰ্ধত তেওঁ গ’ল দিয়াৰ সুযোগ সৃষ্টি কৰিব নোৱাৰিলেও আৰ্জেণ্টিনাই অধিক নিয়ন্ত্ৰণ ৰাখিছিল।

তেন্তে কেপ ভাৰ্ডেই একপক্ষীয় পৰাজয় মানি ল’বনে? তেওঁলোকে ফুটবলৰ বিৰুদ্ধে যুঁজ দিয়াৰ কোনো ছাপ এৰি নাযাবনে? নাই, ইমান সহজে তেওঁলোকে এৰি দিয়া ভকত নহয়। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে হঠাতে বেলেগ ৰূপত দেখা গ’ল কেপ ভাৰ্ডেক। এইবাৰ যুঁজখন চকুত চকু থৈ আৰম্ভ হ’ল। বলটো দখল কৰি আৰ্জেণ্টিনাৰ বক্সত উপৰ্যুপৰি আক্ৰমণ। দীৰ্ঘসময় ধৰি হেঁচা প্ৰয়োগ কৰাৰ অন্তত নীলা-বগা জাৰ্চিধাৰীৰ ডিফেন্স ভাঙি গ’ল। ৫৯ মিনিটত ডেৰয় ডুয়াৰ্টেই বলটো বক্সৰ ভিতৰত সোমাই দিয়ে। লিছাণ্ড্ৰ’ৰ ভৰিৰ তলুৱাৰ মাজেৰে এটা শক্তিশালী শ্বট। বলটো গ’লৰক্ষক এমি মাৰ্টিনেজৰ ওপৰেৰে গৈ নেটত সোমাল। ইমান ডাঙৰ মঞ্চত, বিশ্ব চেম্পিয়নৰ বিৰুদ্ধে এনে ফিনিছ সপোনৰ দৰে। কিন্তু কেপ ভাৰ্ডেৰ বাবে এতিয়া আৰু একোৱেই সপোন নহয়, ই বাস্তৱ।

তাৰপিছত স্পষ্ট হৈ পৰিল ভোজিনহাক লৈ কিয় ইমান হুলস্থুল? ৪০ বছৰীয়া গ’লৰক্ষকগৰাকীয়ে এই বিশ্বকাপত অবিশ্বাস্যভাৱে ভাল প্ৰদৰ্শন আগবঢ়াইছে। মেছিৰ বিৰুদ্ধেও সেই উদযাপন চলি থাকিবনে? প্ৰথমাৰ্ধত তেওঁ এবাৰ পৰাজিত হৈছিল। কিন্তু দ্বিতীয়াৰ্ধত দেখা গ’ল ‘চিনাকি’ ভোজিনহাক। মেছিৰ ফ্ৰী কিক এটা তেওঁ শূন্যলৈ উৰি চেভ কৰে। অৱশেষত বহু প্ৰত্যাশিত মুহূৰ্তটো আহিল। মুখামুখি যুঁজত মেছি বনাম ভোজিনহা। কিন্তু আৰ্জেণ্টিনাৰ কিংবদন্তিগৰাকীয়ে বলটো মাৰিলে ভোজিনহাৰ গাত।

দ্বিতীয়াৰ্ধৰ শেষৰ ফালে যোৱাবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে উন্মাদনাত ভুগিছিল। পিছত জুলিয়ান আলভাৰেজ আৰু নিকো গনজালেজক নমোৱা হয়। কেতিয়াবা ৰবাৰ্ট লোপেজে ক্লিয়াৰ কৰিছিল, কেতিয়াবা ভোজিনহাই ছেভ কৰিছিল।  এটা হেণ্ডবলৰ আবেদনো নাকচ কৰা হয়। মুঠতে পশ্চিম আফ্ৰিকাৰ দ্বীপ ৰাষ্ট্ৰখনক টলাব পৰা নাছিল। নিয়মীয়া সময়ত খেলখন ১-১ গ’লত ড্ৰ’ত শেষ হয়।

অতিৰিক্ত সময়ৰ আৰম্ভণিতে লিছাণ্ড্ৰ’ই আৰ্জেণ্টিনাক অগ্ৰগতি প্ৰদান কৰে। প্ৰথমে এছিষ্ট, তাৰ পিছত গ’ল। কৰ্ণাৰৰ পৰা শক্তিশালী শ্বটেৰে তেওঁ গ’ল দিয়ে। গতিৰ দ্বাৰা পৰাজিত হৈছিল ভোজিনহা। কিন্তু সেইবুলি বিনাযুদ্ধে হাৰ মানিব? আৰু ছিডনী লোপেজ কেব্ৰালে সেই কথা বুজাই দিয়াৰ ধৰণটো ফুটবল প্ৰেমীৰ মনত চিৰদিনৰ বাবে থাকি যাব। সোঁফালৰ বক্সৰ মূৰৰ পৰা আঘাত কৰা কৰ্ণাৰটো, আনকি এমি কেন, নিয়াৰ-কেচিয়াছ-বুনফোৰাইও ৰক্ষা কৰিব নোৱাৰিলেহেঁতেন। গ’ল দিয়াৰ পিছত পোনে পোনে গেলেৰীলৈ উঠি গৈছিল কেব্ৰালে। আপোনজনক বিচাৰিছিল।

অতিৰিক্ত সময়ৰ প্ৰথমাৰ্ধ ২-২ গ’লত ড্ৰ’ত শেষ হয়। অৱশেষত ১১০ মিনিটত ডিনৰ আত্মঘাতী গ’ল। মেছিৰ কৰ্ণাৰত হেড কৰিবলৈ ক্ৰিষ্টিয়ান ৰোমেৰা ওপৰলৈ উঠিল। কিন্তু ই ডিনৰ গাত আঘাত কৰি গ’ল হৈ পৰিল। হয়তো এইটোৱেই আছিল নিয়তি। এই সকলো যুঁজৰ অন্তত কেপ ভাৰ্ডেই আত্মঘাতী ২-৩ গ’লত পৰাস্ত হৈ বিদায় মাগিলে। অৱশ্যে শেষৰ পিনে এমি মাৰ্টিনেজে কেইটামান অবিশ্বাস্য ছেভ নকৰিলে আৰ্জেণ্টিনাই হয়তো পৰাস্ত হৈ আমেৰিকা এৰিব লাগিলহেঁতেন। এনে গা-এৰা ৰক্ষণৰ বাবে আৰ্জেণ্টিনা ভৱিষ্যতে বিপদত পৰিব পাৰে।

বহুতে কয় যে পৰাজিতসকলক কোনেও মনত নাৰাখে। ৰাখে। যদি যুঁজ দি হাৰি যায়। যিসকলে অনবৰতে তলৰ পৰা যুঁজি ওপৰলৈ আহে, তেওঁলোকে মনত ৰাখে। তেওঁলোকে বিশ্বাস কৰিবলৈ শিকে যে আমিও কৰিব পাৰো। কেপ ভাৰ্ডেই নোৱাৰিলে। হয়তো তেওঁলোকৰ বাট অনুসৰ কৰিয়েই আন ‘সৰু’ উঠি আহিব। ভোজিনহাৰাই বাটটো মুকলি কৰি দিলে। সেই দিনটোলৈ হয়তো বেছি দূৰ নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am
জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

জিন্স আৰু ফৰ্মেল পোছাকৰ সৈতে মুকুতাৰ গহনা কেনেকৈ পিন্ধিব? জানি লওক ইয়াৰ সঠিক ব্যৱহাৰ

July 4, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd