প্ৰায় ৪৫ দিন ধৰি এগৰাকী মহিলাই নিজৰ স্বামী নিৰুদ্দেশ হৈ থকা বুলি আত্মীয় আৰু আৰক্ষীক মিছা মাতি আছিল। পৰিয়ালৰ লোকে তেওঁক বহুত বিচাৰ-খোঁচাৰ কৰিছিল। কিন্তু তেওঁলোকে সপোনতো ভবা নাছিল যে ৪৪ বছৰীয়া লোকজনৰ মৃতদেহ তেওঁলোকৰ নিজৰ ঘৰৰ বাথৰুমৰ মজিয়াৰ তলতেই পুতি থোৱা আছে। আৰক্ষীয়ে যেতিয়া বাথৰুমৰ নতুনকৈ লগোৱা টাইলছ ভাঙি খান্দিলে, তেতিয়াহে এই ভয়ংকৰ সত্য পোহৰলৈ আহে।
আগ্ৰাৰ সুৰেন্দ্ৰ কুমাৰ শৰ্মা নামৰ লোকজন যোৱা ১৮ মে’ৰ পৰা নিৰুদ্দেশ হৈ আছিল। তেওঁৰ পত্নী ৰুবীয়ে আত্মীয় আৰু চুবুৰীয়াক কৈছিল যে সুৰেন্দ্ৰ ক’ৰবালৈ গৈছে আৰু সোনকালেই উভতি আহিব। ইয়াৰ পাছত ২৬ মে’ত আৰক্ষী থানাত এখন নিৰুদ্দেশৰ এজাহাৰো দাখিল কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে এই ৰহস্য অধিক গভীৰ হ’বলৈ ধৰে।
আৰক্ষীৰ তদন্ত আগবঢ়াৰ লগে লগে পত্নীৰ কথাত বহুতো খেলিমেলি ধৰা পৰে। শুকুৰবাৰে আৰক্ষীয়ে আন এটা গোচৰৰ তদন্তৰ বাবে তেওঁলোকৰ ঘৰলৈ গৈছিল। সেই সময়ত ৰুবীৰ আচৰণ দেখি আৰক্ষীৰ সন্দেহ হয়। একে সময়তে সুৰেন্দ্ৰৰ ভাতৃয়েও আৰক্ষীক কিছু গুৰুত্বপূৰ্ণ তথ্য দিয়ে। ইয়াৰ পাছতে আৰক্ষীয়ে ঘৰটোত ভালদৰে তন্ন তন্নকৈ বিচাৰিবলৈ আৰম্ভ কৰে।
বিচাৰ-খোঁচাৰ কৰি আৰক্ষীৰ দলটো বাথৰুমত উপস্থিত হয়। তাত নতুনকৈ লগোৱা টাইলছ আৰু প্লাষ্টাৰ দেখি তেওঁলোকৰ সন্দেহ ওপজে। মজিয়াৰ তলত কিবা লুকুৱাই থোৱা বুলি সন্দেহ কৰি আৰক্ষীয়ে বাথৰুমটো খান্দিবলৈ নিৰ্দেশ দিয়ে। কিছু সময়ৰ পাছতে টাইলছৰ তলৰ পৰা সুৰেন্দ্ৰৰ গেলি-পচি যোৱা মৃতদেহটো উদ্ধাৰ হয়। অপৰাধ লুকুৱাবলৈ কৰা এই ভয়ংকৰ ষড়যন্ত্ৰ দেখি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়।
প্ৰাথমিক তদন্তৰ পৰা জানিব পৰা গৈছে যে হত্যাৰ পাছতে মৃতদেহটো বাথৰুমৰ ভিতৰত পুতি পেলোৱা হৈছিল। মৃতদেহটোৰ ওপৰত মাটি দি তাৰ ওপৰত প্লাষ্টাৰ কৰি নতুন টাইলছ লগোৱা হৈছিল যাতে কোনো প্ৰমাণ নাথাকে। জেৰাৰ সময়ত ৰুবীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে। আৰক্ষীৰ মতে, এই ঘটনাৰ পূৰ্বেই ৰুবীয়ে বাথৰুম মেৰামতিৰ নামত মিস্ত্ৰী আৰু বনুৱা যোগাৰ কৰি ৰাখিছিল। অৱশ্যে হত্যাৰ প্ৰকৃত কাৰণ আৰু সমগ্ৰ ঘটনাৰ বিষয়ে সকলো প্ৰমাণ সংগ্ৰহ কৰাৰ পাছতহে স্পষ্ট হ’ব।
সুৰেন্দ্ৰৰ ভাতৃ অনিল শৰ্মাই জনোৱা মতে, সুৰেন্দ্ৰই প্ৰায়েই মদ খাইছিল আৰু ইয়াৰ বাবে স্বামী-স্ত্ৰীৰ মাজত প্ৰায়ে কাজিয়া হৈছিল। সুৰেন্দ্ৰ নিৰুদ্দেশ হোৱাৰ পাছত ৰুবীয়ে নিজেই পৰিয়ালক খবৰ দিছিল আৰু থানাত এজাহাৰ দিছিল। আৰক্ষী বিষয়া হেমন্ত পেটেলে জানিবলৈ দিয়া মতে, বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ৰুবীক গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডত আন কোনোবা জড়িত আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।





