• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

গ্ৰেটাৰ বেংগালুৰু অথৰিটিৰ তথ্য অনুসৰি চৰকাৰী প্ৰকল্পৰ বাবে ৭ হাজাৰৰো অধিক গছ কটা হৈছে; পুনৰ ১,০৯২ জোপা গছ কটাৰ অনুমতি প্ৰদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2026 2:56 pm
Photo courtesy of DH Photo

Photo courtesy of DH Photo

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়নৰ নামত চৰকাৰে অবাধে গছ-গছনি কাটি তহিলং কৰিছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ২০২৬ চনৰ জুন মাহলৈকে বেংগালুৰু চহৰত আন্তঃগাঁথনিমূলক প্ৰকল্প আৰু ব্যক্তিগত নিৰ্মাণ কাৰ্যৰ বাবে মুঠ ১৯,২৬৮ জোপা গছ কাটি পেলোৱা হৈছে। গ্ৰেটাৰ বেংগালুৰু অথৰিটিয়ে প্ৰকাশ কৰা এক তথ্যত এই কথা পোহৰলৈ আহিছে। মেট্ৰ‘ ৰেলৰ নতুন পথ নিৰ্মাণ, পথ বহলকৰণ আৰু উৰণীয়া সেতু নিৰ্মাণৰ দৰে ৰাজহুৱা উন্নয়নমূলক প্ৰকল্পৰ সমান্তৰালভাৱে ব্যক্তিগত খণ্ডৰ আৱাসিক নিৰ্মাণে চহৰখনৰ সেউজ আৱৰণৰ ওপৰত ব্যাপক নেতিবাচক প্ৰভাৱ পেলাইছে।

গ্ৰেটাৰ বেংগালুৰু অথৰিটিৰ তথ্য অনুসৰি, এই সময়ছোৱাত কেৱল বিভিন্ন ৰাজহুৱা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ বাবেই ৭,৬৮৩ জোপা গছ কটা হৈছে। আনহাতে, ঘৰ-মাটিৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত সম্পত্তিৰ গৰাকীসকলেও নিজৰ চৌহদত থকা ৭,৯০২ জোপা গছ কাটি পেলাইছে। ইয়াৰ উপৰিও, বিপদজনক অৱস্থাত থকা বা ব্যক্তিগত নিৰ্মাণ কাৰ্যত বাধাৰ সৃষ্টি কৰাৰ বাবে একে সময়তে ২,৪৬৮ জোপা গছ আঁতৰোৱা হৈছে। বাৰিষাৰ পূৰ্বে গছ বাগৰি পৰা দুৰ্ঘটনা ৰোধ কৰিবলৈ ২০২৫-২৬ বৰ্ষত পৌৰ কৰ্তৃপক্ষই স্বেচ্ছাই ১,২১৫ জোপা গছ কাটিছে। শেহতীয়াকৈ কৰ্তৃপক্ষই আন ১,০৯২ জোপা গছ কটাৰ অনুমতি প্ৰদান কৰিছে আৰু শীঘ্ৰেই এই কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

Apply Now

গছ কটাৰ এই ব্যাপক হাৰ সন্দৰ্ভত গ্ৰেটাৰ বেংগালুৰু অথৰিটিৰ বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে মত প্ৰকাশ কৰিছে যে গছসমূহ যাতে দায়িত্বহীনভাৱে কটা নহয়, সেয়া নিশ্চিত কৰিবলৈ বহুতো গোচৰ গছ বিশেষজ্ঞ সমিতিলৈ প্ৰেৰণ কৰা হৈছিল। কৰ্তৃপক্ষই সম্ভৱপৰ ক্ষেত্ৰত গছসমূহ মূল স্থানতে সংৰক্ষণ কৰিবলৈ বা অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ চেষ্টা কৰে আৰু গছ কটাৰ অনুমতি প্ৰদান কৰাতো সতৰ্কতাৰে সতৰ্কত অৱলম্বন কৰা হয় বুলি এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। চহৰখনৰ সেউজ আৱৰণ যাতে একেবাৰে নিঃশেষ হৈ নাযায়, তাৰ বাবে কৰ্তৃপক্ষই প্ৰতি বছৰে প্ৰায় এক লাখ গছপুলি ৰোপণ কৰে। উল্লেখযোগ্য যে যোৱা মাহত বেংগালুৰুৰ পৌৰ কৰ্তৃপক্ষই এদিনতে সমগ্ৰ চহৰখনত ১৫ লাখ গছপুলি ৰোপণৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰিছিল বুলি সদৰী কৰিছে।

চৰকাৰী কৰ্তৃপক্ষৰ এই যুক্তিক খণ্ডন কৰি পৰিৱেশ বিশেষজ্ঞসকলে চৰকাৰক গছ কটাৰ অনুমতি দিয়াৰ পূৰ্বে গভীৰভাৱে চিন্তা কৰিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ মতে, নতুনকৈ ৰোপণ কৰা গছপুলিয়ে কেতিয়াও এজোপা পূৰ্ণবয়স্ক গছৰ অভাৱ পূৰণ কৰিব নোৱাৰে। বাংগালোৰ এনভাইৰনমেণ্ট ট্ৰাষ্টৰ ট্ৰাষ্টী দত্তাত্ৰেয় দেৱৰেই ইনফেন্ট্ৰি ৰোডৰ এটা মুকলি স্থানত চৰকাৰী কাৰ্যালয় নিৰ্মাণ কৰাৰ উদাহৰণ দাঙি ধৰি চৰকাৰক সতৰ্ক হ‘বলৈ পৰামৰ্শ প্ৰদান কৰিছে। চহৰৰ মাজে-মাজে থকা মুকলি স্থান আৰু সেউজ আৱৰণসমূহ চহৰখনৰ মূল পৰিকল্পনাৰ অংশ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ক্ষতিপূৰণমূলক বনানীকৰণ বাধ্যতামূলক হ‘লেও এই কাৰ্যসূচীৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ জীয়াই থকাৰ সম্ভাৱনাক লৈ যথেষ্ট সন্দেহ আছে। চহৰৰ কেন্দ্ৰস্থলৰ পৰা গছ কাটি দূৰণিবটীয়া প্ৰান্তীয় অঞ্চলত পুলি ৰোপণ কৰিলে মূল উদ্দেশ্য কেতিয়াও সফল নহয় বুলিও দেৱৰেই ক্ষোভ প্ৰকাশ কৰে।

পৰিৱেশকৰ্মী বিজয় নিশান্তে এই সন্দৰ্ভত কয় যে কোনো অনুমতি নোলোৱাকৈয়ে বহুতো পথৰ কাষৰ গছ কাটি পেলোৱা হয় আৰু এনে ঘটনাৰ কোনো নিৰীক্ষণৰ ব্যৱস্থা নাই। ৰোপণ কৰা পুলিসমূহৰো পৰৱৰ্তী সময়ত কোনো তদাৰক কৰা নহয় বুলি উল্লেখ কৰি তেওঁ সকলো গছ আৰু পুলিৰ মেপিং কৰিব পৰাকৈ এক ডিজিটেল তথ্যভঁৰালৰ প্ৰয়োজনীয়তাৰ কথা দোঁহাৰে। বৰ্তমান চহৰখনত উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ মাজৰ সংঘাত অব্যাহত আছে আৰু কৰ্তৃপক্ষই নতুনকৈ গছ কটাৰ প্ৰস্তুতি চলোৱাৰ সময়তে বিশেষজ্ঞ আৰু পৰিৱেশকৰ্মীসকলে গছ কটাৰ প্ৰকৃত পৰিসংখ্যা ইয়াতকৈ বহু বেছি হ‘ব পাৰে বুলি আশংকা প্ৰকাশ কৰি এক স্বচ্ছ আৰু দায়বদ্ধ ব্যৱস্থাৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

পদ্মবিভূষণ বঁটা বিজয়ী কিংবদন্তি পাণ্ডৱনী কণ্ঠশিল্পী তিজান বাঈৰ দেহাৱসান

July 5, 2026 1:15 pm
আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মৰক্কো

July 5, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

ভাৰতীয়সকলতকৈ শ্ৰীলংকাৰ লোকসকলো এতিয়া ধনী? বিশ্ব বেংকৰ নতুন প্ৰতিবেদনত চমক

July 5, 2026 3:27 pm
বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

বেংগালুৰুত প্ৰকৃতিৰ ওপৰত কুঠাৰাঘাত! ২০২৩ চনৰ পৰা এতিয়ালৈকে কটা গ’ল ১৯ সহস্ৰাধিক গছ

July 5, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd