মহিলা কৰ্মচাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰি জম্মু–কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে এক অতি গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক ৰায়দান কৰিছে। আদালতে স্পষ্টকৈ জনাই দিছে যে মহিলাৰ মাতৃত্বকালীন ছুটিক চৰকাৰ বা নিয়োগকৰ্তাৰ কোনো অনুগ্ৰহ বা দয়া হিচাপে চাব নোৱাৰি। ই হৈছে ভাৰতীয় সংবিধানে সুৰক্ষিত কৰা এক মৌলিক অধিকাৰৰ গুৰুত্বপূৰ্ণ অংশ। আদালতে এইবুলিও কয় যে চৰকাৰে এবাৰ কাৰোবাৰ মাতৃত্বকালীন ছুটি মঞ্জুৰ কৰাৰ পিছত কেৱল কোনো প্ৰশাসনিক নিৰ্দেশনা জাৰি কৰি সেই ছুটিৰ সময়ৰ দৰমহা বন্ধ কৰিব নোৱাৰে। এনে কাৰ্যক আদালতে প্ৰশাসনিক ক্ষমতাৰ অপপ্ৰয়োগ বুলি অভিহিত কৰে।
এই সমগ্ৰ গোচৰটো চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত কেইবাগৰাকীও মহিলা চিকিৎসকে দাখিল কৰিছিল। তেওঁলোকৰ অভিযোগ আছিল যে তেওঁলোকৰ মাতৃত্বকালীন ছুটি মঞ্জুৰ কৰা হৈছিল যদিও সেই বিশেষ সময়ছোৱাত পাবলগীয়া নিয়মীয়া দৰমহা চৰকাৰে বন্ধ কৰি দিছিল। চৰকাৰৰ এই বৈষম্যমূলক সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মহিলা চিকিৎসকসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। গোচৰৰ শুনানি গ্ৰহণ কৰি বিচাৰপতি ৰাজনেশ ওছৱালে কয় যে মাতৃত্বকালীন ছুটি কেৱল চাকৰিৰ এটা সাধাৰণ সা–সুবিধা নহয়। ই এগৰাকী নাৰীৰ মৰ্যাদা, মাতৃত্ব আৰু জীয়াই থকাৰ অধিকাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এক সাংবিধানিক অধিকাৰ। গতিকে কোনো প্ৰশাসনিক নিয়মৰ দোহাই দি এই অধিকাৰ কেতিয়াও কাঢ়ি ল’ব নোৱাৰি।
ভাৰতীয় ন্যায়ব্যৱস্থাই বিগত সময়ছোৱাত কৰ্মৰত নাৰীৰ অধিকাৰক অধিক শক্তিশালী কৰি তুলিছে। বিগত ২০২৫ চনত উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ এগৰাকী শিক্ষয়িত্ৰীৰ গোচৰৰ ৰায়দানত কৈছিল যে মাতৃত্বকালীন সুবিধা নাৰীৰ প্ৰজনন অধিকাৰ, স্বাস্থ্য, সমতা আৰু মৰ্যাদাৰ সৈতে জড়িত। আনকি বিশেষ পৰিস্থিতিত তৃতীয় সন্তানৰ ক্ষেত্ৰতো মাতৃত্বকালীন সুবিধা অস্বীকাৰ কৰিব নোৱাৰি বুলি আদালতে মত প্ৰকাশ কৰিছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে দত্তক লোৱা মাতৃ আৰু ছাৰ’গেচিৰ জৰিয়তে সন্তান লাভ কৰা মাতৃসকলৰ ক্ষেত্ৰতো এই ছুটিৰ অধিকাৰ বিস্তৃত কৰে। আদালতে কয় যে মাতৃত্ব কেৱল জৈৱিক জন্মৰ মাজতে আৱদ্ধ নহয়, এটি শিশুৰ সৈতে মানসিক সম্পৰ্ক গঢ়ি তোলাটোও সমানেই গুৰুত্বপূৰ্ণ।
একেদৰে বোম্বে উচ্চ ন্যায়ালয়েও চলিত বৰ্ষত এক গুৰুত্বপূৰ্ণ ৰায় দি কৈছিল যে মাতৃত্বকালীন ছুটি চাকৰিৰ কোনো বিৰতি বা খতি নহয় আৰু কোনো চুক্তিৰ বিনিময়ত এই অধিকাৰ খৰ্ব কৰিব নোৱাৰি। আমাৰ দেশত প্ৰায়েই দেখা যায় যে অস্থায়ী কৰ্মচাৰী, চুক্তিভিত্তিক কৰ্মচাৰী অথবা চিকিৎসক আৰু শিক্ষকৰ দৰে বিশেষ খণ্ডৰ মহিলাসকলক মাতৃত্বকালীন সুবিধা দিয়াৰ ক্ষেত্ৰত বিভিন্ন প্ৰশাসনিক বাধা আৰোপ কৰা হয়। কিন্তু আদালতৰ শেহতীয়া স্থিতিয়ে এতিয়া স্পষ্ট কৰি দিলে যে চৰকাৰী বিভাগ বা ব্যক্তিগত প্ৰতিষ্ঠানে নিজা নিয়মৰ দোহাই দি আইনসিদ্ধ অধিকাৰ সীমিত কৰিব নোৱাৰিব।
আদালতৰ এই ঐতিহাসিক ৰায়ে আমাৰ সংবিধানৰ ১৪ নং অনুচ্ছেদৰ সমতাৰ অধিকাৰ, ১৫(৩) নং অনুচ্ছেদৰ অধীনত মহিলাৰ বাবে থকা বিশেষ সুৰক্ষাৰ ব্যৱস্থা আৰু ২১ নং অনুচ্ছেদৰ জীৱন আৰু ব্যক্তিগত মৰ্যাদাৰ অধিকাৰক পুনৰ প্ৰতিষ্ঠা কৰিলে। ইয়াৰ ফলত ১৯৬১ চনৰ মাতৃত্বকালীন সুবিধা আইনৰ মূল উদ্দেশ্য অৰ্থাৎ কৰ্মজীৱী মহিলাৰ স্বাস্থ্য সুৰক্ষা, শিশুৰ যত্ন আৰু কৰ্মক্ষেত্ৰত লিংগ সমতা স্থাপনৰ যি লক্ষ্য, সেয়া অধিক শক্তিশালী হৈ পৰিল। আইন বিশেষজ্ঞসকলৰ মতে, এই ৰায়ৰ প্ৰভাৱ কেৱল জম্মু–কাশ্মীৰতে সীমাবদ্ধ নাথাকি সমগ্ৰ দেশৰে বিভিন্ন উচ্চ ন্যায়ালয় আৰু নিয়োগকৰ্তাসকলৰ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এক পথ প্ৰদৰ্শক হিচাপে চিহ্নিত হ’ব। বিশেষকৈ চৰকাৰী, চুক্তিভিত্তিক আৰু স্বাস্থ্যখণ্ডৰ মহিলা কৰ্মচাৰীসকলৰ অধিকাৰ সুৰক্ষাত এই ৰায়ে এক নতুন দিগন্তৰ সূচনা কৰিলে।





