• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

উদ্ধাৰকাৰীয়ে এতিয়াও জীৱিত লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে। লগতে মৃতদেহ উদ্ধাৰৰ চেষ্টা চলাইছে। কিন্তু বিপদ এতিয়াও শেষ হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 28, 2026 8:22 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰি পেলাইছে নেপাল। এই বিধ্বংসী বানত নেপাল-তিব্বত সীমান্তত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি পাইছে।এতিয়াও সন্ধানহীন হৈ আছে ১৪৬৮জন লোক। ধ্বংসাৱশেষত পৰিণত হৈছে পথ। দলং ভাঙি গৈছে। সকলো কেবল বোকাময়। ফলত উদ্ধাৰকাৰীয়ে উদ্ধাৰ অভিযান চলাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

বিশেষজ্ঞসকলে জানিবলৈ দিয়া মতে, নেপাল-তিব্বত সীমান্তৰ সমীপত এটা হিমবাহ ভাঙি পৰাৰ ফলত বৰফ আৰু শিলৰ বিশাল স্তুপ নামি আহে। তেতিয়াই ভয়ংকৰ প্ৰলয়ংকাৰী বান দেখা গ’ল। ইয়াত মধ্য নেপালৰ এক বিশাল অঞ্চলত পানী, বোকা আৰু ধ্বংসাৱশেষৰ এক প্ৰবল স্ৰোত বিয়পি পৰে। ইখনৰ পিছত সিখন চহৰ-গাঁও থানবান হৈ পৰিল। ঘৰ, গাড়ী, ৰাস্তা, দলং, সকলো প্ৰবল পানীৰ সোঁতে উটুৱাই লৈ গ’ল।

Apply Now

খবৰৰ ক্ষেত্ৰত ৰসুৱা আৰু নুৱাকোটৰ কেইবাটাও অঞ্চল গভীৰ বোকা আৰু ধ্বংসাৱশেষৰ তলত পোত খাই গৈছে। কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰো ক্ষতিসাধন হৈছে। কেইবাখনো গাঁও কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰিছে। দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা লোকসকলৰ কাষ চাপিবলৈ উদ্ধাৰকাৰীৰ সমস্যা হৈছে।

উদ্ধাৰকাৰীয়ে এতিয়াও জীৱিত লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে। লগতে মৃতদেহ উদ্ধাৰৰ চেষ্টা চলাইছে। কিন্তু বিপদ এতিয়াও শেষ হোৱা নাই। ভোটত কোশী নদীৰ উৎসৰ সমীপত এটা নতুন হ্ৰদ গঠন হৈছে। ভাঙিলে পুনৰ প্ৰবল সোঁত নামি আহিব পাৰে বুলি আশংকা কৰা হৈছে।

বাতৰি অনুসৰি, এই দুৰ্যোগত এতিয়ালৈকে ৩৯২ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ৩৮৯ জন নেপালৰ আৰু ৩ জন তিব্বতৰ বাসিন্দা।

বিপজ্জনক অঞ্চলৰ পৰা হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হৈছে ৫০ জন বিদেশীকে ধৰি মুঠ ৭৯৬ জন লোকক। আন ৭৯৬ জন লোকক স্থলপথেৰে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

নেপাল কৰ্তৃপক্ষৰ মতে, দেশখনত এতিয়াও ৯১০ জন লোক সন্ধানহীন হৈ আছে। আনহাতে, তিব্বতৰ বিষয়াসকলে কয় যে এতিয়াও ৫৫৮জন লোক সন্ধানহীন হৈ আছে। ইয়াৰ লগে লগে নেপাল আৰু তিব্বতত সন্ধানহীন হোৱা লোকৰ সংখ্যা ১৪৬৮ জনলৈ বৃদ্ধি পালে।

নেপালৰ নিৰাপত্তা বাহিনীয়ে ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰা ৮০০ৰো অধিক লোকক উলিয়াই আনিছে। হেলিকপ্টাৰ, ড্ৰোন আৰু স্থল উদ্ধাৰকাৰী দলে কেইবাটাও অঞ্চলত তালাচী চলাই আছে।

নেপাল আৰক্ষীয়ে দাবী কৰিছে যে চিতৱানৰ পৰা সৰ্বাধিক ১৩৭টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰসুৱা, নুৱাকোট, ধাডিং, গোৰ্খা, তানাহুন আৰু নৱালপাৰাছীৰ পৰাও মৃতদেহ উদ্ধাৰ কৰা হৈছে।

এই ভয়াবহ দুৰ্যোগৰ পিছত ভাৰতে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, নেপালৰ ২৯০ জন ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ কৰাটো এতিয়াও সম্ভৱ হোৱা নাই। অৱশ্যে যোগাযোগ স্থাপনৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে নেপালৰ বানপীড়িত অঞ্চলত আবদ্ধ ভাৰতীয়সকলৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণ কৰা হৈছে। কাঠমাণ্ডু আৰু বেইজিঙত ভাৰতীয় ৰাষ্ট্ৰদূতসকলক ভাৰ্চুৱেলভাৱে জড়িত কৰি এখন উচ্চ পৰ্যায়ৰ বৈঠকৰো আয়োজন কৰা হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নেপাল চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, ট্যুৰ অপাৰেটৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰি আছে। ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতেও বাৰ্তালাপ কৰে। তেওঁ নেপালক সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদানৰ আশ্বাস দিয়ে।

এই পৰ্যন্ত ৮৪ জন ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। ইয়াৰে ৬৩ জন ত্ৰিশুলি-১ জলবিদ্যুৎ প্ৰকল্পত কাম কৰি আছিল আৰু ২১ জন তামিলনাডুৰ বাসিন্দা।

তিব্বতৰ পিনে আবদ্ধ হৈ থকা প্ৰায় ২০০ ভাৰতীয় নাগৰিকেও তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে সহায় বিচাৰিছে। ইয়াৰে একাংশই ইতিমধ্যে নেপাললৈ যাবলৈ চেষ্টা কৰিছে।

ভাৰতীয়ৰ অনুসন্ধান আৰু উদ্ধাৰত সহায়ৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও ২৪ ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd