ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি আৰু বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ আহ্বায়ক তথা ভূমি আন্দোলনৰ সক্ৰিয় নেতা প্ৰণৱ দলেক অসম আৰক্ষীয়ে অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। সমিতিৰ মতে, এই গ্ৰেপ্তাৰ সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু স্বৈৰাচাৰী চৰিত্ৰৰ প্ৰতিফলন। এক প্ৰেছ বিজ্ঞপ্তিযোগে যৌথ সংগ্ৰাম সমিতিৰ উপদেষ্টা শান্তনু বৰঠাকুৰ আৰু আহ্বায়ক গোবিন্দ ৰাভা, কৃষ্ণ গগৈ তথা সুব্ৰত তালুকদাৰে কয় যে অসমৰ খাটিখোৱা মানুহৰ মাটি ৰক্ষাৰ আন্দোলনক নেতৃত্ব দিয়াৰ বাবেই চৰকাৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে প্ৰণৱ দলেক লক্ষ্য কৰি লৈছে। বৃহৎ কৰ্প’ৰেট গোষ্ঠীক সন্তুষ্ট কৰিবলৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এতিয়া সাধাৰণ খাটিখোৱা মানুহৰ ওপৰত জপিয়াই পৰিছে বুলিও সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
সমিতিৰ বিষয়ববীয়াসকলে উল্লেখ কৰা মতে, মাত্ৰ কিছুদিন আগতে জনজাতীয় থলুৱা খাটিখোৱা মানুহৰ মাটি ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰি অহা বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা তথা অসমৰ ভূমি আন্দোলনৰ অন্যতম সক্ৰিয় নেতা আদিত চন্দ্ৰ ৰাভাকো অনুৰূপ ধৰণে গ্ৰেপ্তাৰ কৰা হৈছিল। ঠিক একেই ধৰণৰ ষড়যন্ত্ৰমূলকভাৱে আজি পুনৰ প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ একমাত্ৰ অপৰাধ আছিল যে কাজিৰঙাৰ ৪৫টা আদিবাসী পৰিয়ালৰ মাটি ৰক্ষাৰ কাৰণে তেওঁ যুঁজত নামিছিল আৰু বৃহৎ কৰ্প’ৰেটগোষ্ঠীৰ স্বাৰ্থৰ বিৰুদ্ধে থিয় দি আন্দোলন কৰিছিল। সমিতিয়ে ক্ষোভেৰে প্ৰকাশ কৰিছে যে অসমত এতিয়া বৃহৎ কোম্পানীৰ ৰাজত্ব চলিছে আৰু ইয়াক সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছে অসম চৰকাৰে। কৰ্প’ৰেটগোষ্ঠীৰ এই চৰম আগ্ৰাসনৰ ফলত অসমীয়া জাতি এদিন ধ্বংস হোৱাটো নিশ্চিত হৈ পৰিছে।
অসমৰ মানুহৰ আপোন মাটি ৰক্ষাৰ এই গুৰুত্বপূৰ্ণ যুদ্ধখনত প্ৰণৱ দলেৰ দৰে নেতাই জনসাধাৰণৰ লগত থাকি সন্মুখৰ পৰা সাহসেৰে নেতৃত্ব দি আহিছে আৰু সেইবাবেই তেওঁৰ ওপৰত চৰকাৰে এনে আক্রোশমূলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে। চৰকাৰৰ এনে দমনমূলক কাৰ্যক তীব্ৰ ধিক্কাৰ জনাই ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে প্ৰণৱ দলেক অতি শীঘ্ৰে নিঃচৰ্ত মুক্তি দিবলৈ জোৰদাৰ দাবী উত্থাপন কৰিছে। ইয়াৰ উপৰিও জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষাৰ আন্দোলন আৰু গণতান্ত্ৰিক প্ৰতিবাদী কণ্ঠৰ ওপৰত চলোৱা এনেধৰণৰ অন্যায়, দমন আৰু উৎপীড়ন অনতিবিলম্বে বন্ধ কৰিবলৈ সমিতিয়ে অসম চৰকাৰক সকীয়াই দিছে।





