আমেৰিকা আৰু ইৰাণৰ মাজত পূৰ্ণাংগ যুদ্ধ আৰম্ভ হোৱাৰ পিছত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰ পিছত এইবাৰ ইৰাণৰ এখন কট্টৰপন্থী কাকতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুকে ধৰি ১৩ জন বিশ্ব নেতাক হত্যা কৰাৰ সকীয়নি প্ৰকাশ কৰিছে।
তেহৰাণৰ চৰকাৰী বাতৰি কাকত ‘হামশ্বাহৰী’য়ে ইয়াৰ অনলাইন সংস্কৰণত এই নেতাসকলৰ ফটো আৰু নামকে ধৰি তালিকা প্ৰকাশ কৰিছে।
২৮ ফেব্ৰুৱাৰীত যুদ্ধৰ প্ৰথম দিনটোত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বিমান আক্ৰমণত নিহত হৈছিল আলী খামেনেই। পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মোজতাবা খামেনেই ইৰাণৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিৰ্বাচিত হয়।
শেহতীয়াকৈ পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছত মোজতাবাই এটা বাৰ্তা যোগে স্পষ্ট কৰি দিছিল যে খামেনেইৰ হত্যাৰ প্ৰতিশোধ লোৱা হ’ব। তেওঁৰ ভাষাত, “প্ৰতিশোধ লোৱাটো আমাৰ জাতীয় কৰ্তব্য। তালিকাত থকা অপৰাধীসকলক শান্তিৰে মৰিবলৈ দিয়া নহ’ব।”
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ইৰাণৰ কাকতখনে মোজতাবাৰ বাৰ্তাৰ লগে লগে ১৩ জন নেতাৰ তালিকা প্ৰকাশ কৰে। অৱশ্যে এই তালিকাত ইৰাণ চৰকাৰৰ আনুষ্ঠানিক অনুমোদন আছে নে নাই সেয়া স্পষ্ট হোৱা নাই। কিন্তু দেওবাৰে কাকতখনৰ ছপা সংস্কৰণৰ পৰা এই ছবিসমূহ বাদ দিয়া হৈছে।
ট্ৰাম্প আৰু নেতানিয়াহুৰ উপৰিও এই তালিকাত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন, জাৰ্মানীৰ চ্যান্সেলৰ ফ্ৰেড্ৰিখ মাৰ্জ, ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী আৰু আমেৰিকাৰ বিদেশ আৰু প্ৰতিৰক্ষা মন্ত্ৰীও আছে। আনহাতে, খামেনেইৰ মৃত্যু হোৱা এই আক্ৰমণত খোদ মোজতাবা গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা তেওঁক ৰাজহুৱা স্থানত দেখা পোৱা নাই।
ইফালে যুদ্ধক্ষেত্ৰ এতিয়া আৰু বিস্তৃত হৈ পৰিছে। দেওবাৰে পুৱা যেতিয়া ইৰাণে হৰমুজ প্ৰণালীত এখন মালবাহী জাহাজত আক্ৰমণ চলাইছিল তেতিয়া আমেৰিকাৰ সেনাই প্ৰতিশোধমূলক বোমাবৰ্ষণ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ইৰাণেও কঁকালত টঙালি বান্ধি চুবুৰীয়া দেশ বাহৰেইন, কুৱেইট, কাটাৰ, ওমান, সংযুক্ত আৰব আমিৰশ্বাহী আদি দেশত প্ৰত্যাক্ৰমণ চলায়। যুদ্ধ বন্ধ কৰাৰ আলোচনাত এতিয়া হৰমুজ প্ৰণালী আটাইতকৈ ডাঙৰ বাধা হৈ পৰিছে।
আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে নিজেই এই পৰিস্থিতিৰ বিষয়ে সকীয়াই দি লিখিছে, “ইৰানে ভুল পদক্ষেপ লৈছে, এতিয়া ইয়াৰ মূল্য পৰিশোধ কৰাৰ পাল।” ইয়াৰ উত্তৰত ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে স্পষ্টভাৱে কয় যে, “একপক্ষীয় চুক্তিৰ দিন শেষ। কথা নুশুনিলে এইবাৰ বৃহৎ মূল্য ভৰিব লাগিব।”





