• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2026 6:32 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইনী পৰিভাষাত ধৰ্ষণৰ চেষ্টা আৰু শ্লীলতাহানিৰ মাজত প্ৰকৃত পাৰ্থক্য ক’ত, সেই সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে পাটনা উচ্চ ন্যায়ালয়ে। বিহাৰৰ এটা পুৰণি গোচৰৰ ৰায় দি আদালতে স্পষ্ট কৰি দিছে যে কোনো মহিলাৰ চেলৱাৰ বা কাপোৰ খোলাৰ চেষ্টা কৰা অথবা তেওঁৰ বুকুত জোৰকৈ হেঁচা দিলেই তাক ধৰ্ষণৰ চেষ্টা বুলি প্ৰমাণ কৰিব নোৱাৰি, যদিহে তাত ধৰ্ষণৰ স্পষ্ট উদ্দেশ্য বা শাৰীৰিক সম্পৰ্ক স্থাপনৰ কোনো প্ৰমাণ নাথাকে। ২০০৮ চনৰ এটা পুৰণি গোচৰত এজন ব্যক্তিৰ তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি বাতিল কৰি বিচারপতি পূৰ্ণেন্দু সিঙে এই ৰায় প্ৰদান কৰিছে।

এই ঘটনাটো ঘটিছিল ২০০৮ চনৰ ১৯ জানুৱাৰীত বিহাৰৰ বাংকা জিলাৰ অমৰপুৰ অঞ্চলত। তাত এগৰাকী যুৱতীয়ে তেওঁৰ দেউতাকৰ সৈতে এটা ষ্টুডিঅ’ত ফটো তুলিবলৈ গৈছিল। অভিযোগ অনুসৰি, ফটো তোলাৰ পিছত যুৱতীগৰাকীৰ দেউতাকক কম্পিউটাৰ স্ক্ৰীণ দেখুওৱাৰ চলেৰে বাহিৰত বহুৱাই থৈ ষ্টুডিঅ’ৰ মালিকে দুৱাৰ বন্ধ কৰি দিয়ে। ইয়াৰ পিছত যুৱতীগৰাকীৰ চেলৱাৰ খোলাৰ চেষ্টা কৰা হয় আৰু তেওঁৰ বুকুত চাপ দি নিৰ্যাতন চলোৱা হয়। যুৱতীগৰাকীৰ চিঞৰ শুনি দেউতাক দৌৰি অহাত অভিযুক্ত ষ্টুডিঅ’ৰ মালিকজন তাৰ পৰা পলাই যায়। এই ঘটনাৰ ভিত্তিত নিম্ন আদালতে অভিযুক্তক ধৰ্ষণৰ চেষ্টা আৰু বেআইনীভাৱে আৱদ্ধ কৰি ৰখাৰ অপৰাধত দোষী সাব্যস্ত কৰি তিনি বছৰৰ কাৰাদণ্ড বিহিছিল। এই ৰায়ৰ বিৰুদ্ধেই অভিযুক্তই পাটনা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

Apply Now

উচ্চ ন্যায়ালয়ত গোচৰটোৰ শুনানিৰ সময়ত বিচাৰপীঠে সকলো তথ্য আৰু প্ৰমাণ পুনৰীক্ষণ কৰে। আদালতে লক্ষ্য কৰে যে এই গোচৰত কোনো তদন্তকাৰী বিষয়া বা কোনো চিকিৎসা বিষয়াক আদালতত সাক্ষী হিচাপে হাজিৰ কৰোৱা হোৱা নাছিল। পাটনা উচ্চ ন্যায়ালয়ে স্পষ্টকৈ কয় যে ধৰ্ষণৰ চেষ্টাৰ বাবে যি ধৰণৰ প্ৰমাণ বা নূন্যতম শাৰীৰিক সম্পৰ্ক স্থাপনৰ চেষ্টা থকাৰ প্ৰয়োজন, সেয়া এই গোচৰত পোৱা হোৱা নাই। অৱশ্যে আদালতে এইটো স্বীকাৰ কৰিছে যে বন্ধ কোঠাত যুৱতীগৰাকীক আৱদ্ধ কৰি কাপোৰ খোলাৰ চেষ্টা কৰা আৰু বুকুত হাত দিয়াৰ ঘটনাটো নিঃসন্দেহে এগৰাকী নাৰীৰ সন্মানহানি বা শ্লীলতাহানিৰ দৰে অপৰাধ। কিন্তু আইনী দৃষ্টিত ই এক অপৰাধ হ’লেও ইয়াক ধৰ্ষণৰ চেষ্টা বুলি ক’ব নোৱাৰি। আৱশ্যকীয় আইনী প্ৰমাণৰ অভাৱত অৱশেষত উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায় বাতিল কৰি অভিযুক্তক খালাচ কৰি দিয়ে।

উল্লেখ কৰিব লাগিব যে এই ধৰণৰ ৰায় এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৭ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়েও অনুৰূপ এটা বিতৰ্কিত ৰায় দিছিল। এঘাৰ বছৰীয়া এগৰাকী নাবালিকাৰ পাজামাৰ জৰী খোলা আৰু তাইক টানি লৈ যোৱাৰ ঘটনাক ধৰ্ষণৰ চেষ্টা নকৈ কেৱল ধৰ্ষণৰ প্ৰস্তুতি বুলি ৰায় দিছিল বিচাৰকগৰাকীয়ে। সেই ৰায়টোক লৈ সমগ্ৰ দেশজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। অধিবক্তা আৰু সমাজকৰ্মীসকলৰ প্ৰতিবাদৰ পিছত ২০২৫ চনৰ ২৪ মাৰ্চত দেশৰ উচ্চতম ন্যায়ালয়ে স্বতঃস্ফূৰ্তভাৱে এই বিষয়ত হস্তক্ষেপ কৰে আৰু ২৬ মাৰ্চত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সেই ৰায়ৰ ওপৰত স্থগিতাদেশ জাৰি কৰে। তদানীন্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বাধীন বিচাৰপীঠে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কৈছিল যে উচ্চ ন্যায়ালয়ৰ এই ধৰণৰ ৰায়ে চৰম অসংবেদনশীলতাৰ পৰিচয় দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd