• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

আয়োগে কয় যে গাড়ী নিৰ্মাতা আৰু ডিলাৰৰ সেৱাত ত্ৰুটি আছে। সেয়েহে তেওঁলোকে অভিযোগকাৰীৰ পৰা সংশ্লিষ্ট গাড়ীখন ঘূৰাই লৈ ৪৫ দিনৰ ভিতৰত এখন নতুন ই-২০-সঙ্গতিপূৰ্ণ গ্ৰেণ্ড ভিটাৰা ষ্ট্ৰং হাইব্ৰিড গাড়ী প্ৰদান কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2026 5:29 pm
ফটো সৌজন্যঃ এআই।

ফটো সৌজন্যঃ এআই।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইথানল মিশ্ৰিত ই-২০ পেট্ৰ’লক লৈ ভাৰতৰ প্ৰথমখন বৃহৎ আইনী যুঁজত সকাহ পাইছে এগৰাকী গাড়ীৰ মালিকে। ই-২০ পেট্ৰ’লৰ ব্যৱহাৰৰ বাবে গাড়ীৰ ইঞ্জিনত গুৰুতৰ সমস্যাৰ সৃষ্টি হোৱাৰ পিছতে তেওঁ অভিযোগ দাখিল কৰে। সেই গোচৰৰ পৰিপ্ৰেক্ষিতত ছত্তীশগড়ৰ ৰায়পুৰ জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগে (কনজিউমাৰ ডিছপিউটছ ৰিড্ৰেছাল কমিছন) গাড়ীৰ মালিকৰ সপক্ষে ৰায় দিয়ে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি আয়োগে সংশ্লিষ্ট গাড়ী নিৰ্মাতা আৰু বিক্ৰেতাক গাড়ীখন মেৰামতিৰ খৰচ ঘূৰাই দিয়াৰ লগতে মানসিক যন্ত্ৰণা আৰু গোচৰৰ খৰচৰ বাবদো ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।

Apply Now

অভিযোগকাৰী গাড়ীৰ মালিকে কয় যে তেওঁৰ গাড়ীত ই-২০ পেট্ৰ’ল ভৰোৱাৰ পিছত তেওঁৰ গাড়ীখনত যান্ত্ৰিক সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। গাড়ীৰ পাৰফৰমেন্স হ্ৰাস পোৱা, ইঞ্জিনৰ বাৰে বাৰে মিছফায়াৰ হোৱা আৰু ক্ৰমান্বয়ে মাইলেজ হ্ৰাস পোৱাৰ দৰে সমস্যাৰ সৃষ্টি হৈছিল। তেওঁ কেইবাবাৰো গাড়ীখন কোম্পানীৰ অনুমোদিত চাৰ্ভিচ চেণ্টাৰলৈ লৈ গৈছিল। বাৰে বাৰে মেৰামতি কৰা হৈছিল। কিন্তু সমস্যাটো একেই থাকিল। শেষত ইঞ্জিন সম্পৰ্কীয় বৃহৎ খৰচৰ সন্মুখীন হ’বলগীয়া হ’ল।

এই ক্ষেত্ৰত মূল প্ৰশ্ন আছিল গাড়ীখনৰ যান্ত্ৰিক সমস্যাৰ বাবে ই-২০ পেট্ৰ’ল দায়ী নেকি? কিন্তু গাড়ী নিৰ্মাতা আৰু ডিলাৰ এই অভিযোগ মানি ল’বলৈ সন্মত নহ’ল। তেওঁলোকে দাবী কৰিছিল যে সংশ্লিষ্ট গাড়ীখন ই-২০ পেট্ৰ’লৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ। তেওঁলোকৰ মতে ইঞ্জিনৰ সমস্যা স্বাভাৱিক ক্ষয়-ক্ষতি, ৰক্ষণাবেক্ষণৰ ত্ৰুটি বা আন কোনো যান্ত্ৰিক কাৰণত হ’ব পাৰে। ইয়াৰ লগত ই-২০ পেট্ৰ’লৰ কোনো সম্পৰ্ক নাই।

কিন্তু গাড়ী নিৰ্মাতা আৰু ডিলাৰৰ এই যুক্তি আয়োগে মানি লোৱা নাই। ৰায়দানত কোৱা হৈছে যে গাড়ীৰ মালিকে গাড়ীখন বাৰে বাৰে অনুমোদিত ৱৰ্কশ্বপলৈ লৈ গৈছিল আৰু মেৰামতিৰ পিছতো একেটা সমস্যা বাৰে বাৰে পুনৰ ঘটিছিল। আয়োগৰ পৰ্যবেক্ষণ যে একাধিক মেৰামতিৰ পিছতো একেটা ত্ৰুটিৰ সৃষ্টি হোৱাটোৱে ইংগিত দিয়ে যে মূল সমস্যাটো সমাধান কৰিব পৰা নগ’ল। এই তথ্যই অভিযোগকাৰীৰ দাবীক আৰু অধিক শক্তিশালী কৰি তুলিছে।

আয়োগে ৰায়দানত আন এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। বৰ্তমান দেশৰ বেছিভাগ পেট্ৰ’ল পাম্পতে ই-২০ পেট্ৰ’ল মূল ইন্ধন হিচাপে বিক্ৰী কৰা হৈছে। ফলত সাধাৰণ গাড়ীৰ মালিকৰ বাবে অন্য প্ৰকাৰৰ পেট্ৰ’ল বাছি লোৱাৰ বাস্তৱ সুযোগ অতি সীমিত। আয়োগৰ মতে, বিকল্প ইন্ধন সহজে উপলব্ধ নহ’লে গ্ৰাহকে ই-২০ পেট্ৰ’ল ব্যৱহাৰ নকৰিব বুলি আশা কৰাটো যুক্তিসংগত নহয়।

সকলো দিশ বিবেচনা কৰি আয়োগে গাড়ীৰ মালিকৰ অভিযোগ মানি লৈছে। আয়োগে কয় যে গাড়ী নিৰ্মাতা আৰু ডিলাৰৰ সেৱাত ত্ৰুটি আছে। সেয়েহে তেওঁলোকে অভিযোগকাৰীৰ পৰা সংশ্লিষ্ট গাড়ীখন ঘূৰাই লৈ ৪৫ দিনৰ ভিতৰত এখন নতুন ই-২০-সঙ্গতিপূৰ্ণ গ্ৰেণ্ড ভিটাৰা ষ্ট্ৰং হাইব্ৰিড গাড়ী প্ৰদান কৰিব লাগে।

যদিহে নিৰ্ধাৰিত ৪৫ দিনৰ ভিতৰত নতুন গাড়ীৰ ব্যৱস্থা কৰা নহয়, তেন্তে অভিযোগকাৰীয়ে গাড়ীখন ক্ৰয় কৰাৰ খৰচ ২০,৫০,৪৯৪ টকা ঘূৰাই দিবলৈও নিৰ্দেশ দিছে আয়োগে। নিৰ্দিষ্ট সময়ৰ ভিতৰত ধন পৰিশোধ নকৰাৰ ক্ষেত্ৰত বছৰি ৭ শতাংশ হাৰত সুতও প্ৰযোজ্য হ’ব।

কেন্দ্ৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচীৰ অধীনত দেশত পৰ্যায়ক্ৰমে ই-২০ পেট্ৰ’লৰ ব্যৱহাৰ বৃদ্ধি কৰা হৈছে। সেই সময়তে ভৱিষ্যতে ই-২০ ইন্ধনৰ সৈতে জড়িত অন্যান্য অভিযোগ বা আইনী বিবাদৰ ক্ষেত্ৰত এই ৰায়দান এক গুৰুত্বপূৰ্ণ দৃষ্টান্ত হৈ পৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

হায়দৰাবাদৰ বিদ্যালয়ত বিতৰ্ক: হিন্দু ছাত্ৰক কলমা পঢ়িবলৈ দিলে গৃহকাৰ্য, পিতৃ-মাতৃৰ ক্ষোভ

July 16, 2026 6:06 pm
E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd