• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এগৰাকী চাৰি বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা দুখন বেচৰকাৰী চিকিৎসালয়ক তীব্ৰ ভৰ্ৎসনা কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2026 4:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এগৰাকী চাৰি বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা দুখন বেচৰকাৰী চিকিৎসালয়ক তীব্ৰ ভৰ্ৎসনা কৰে। চিকিৎসাৰ অভাৱত পৰৱৰ্তী সময়ত শিশুটিৰ মৃত্যু হৈছিল। চিকিৎসালয় দুখনৰ এনে আচৰণক নিৰ্দয় আৰু নিষ্ঠুৰ বুলি আখ্যা দি উচ্চতম ন্যায়ালয়ে তেওঁলোকক ভুক্তভোগী পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে।

উচ্চতম ন্যায়ালয়ৰ খং বিশেষকৈ এগৰাকী আয়ুৰ্বেদিক চিকিৎসকৰ ওপৰত আছিল যিগৰাকীয়ে শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত ব্যৰ্থ হৈছিল। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে চিকিৎসকগৰাকীক কঠোৰ ভাষাৰে কয় যে যদি তেওঁ নিজৰ দায়িত্ব পালন কৰিব নোৱাৰে, তেন্তে তেওঁৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই।

Apply Now

ন্যায়ালয়ে চিকিৎসকগৰাকীক প্ৰশ্ন কৰে যে তেওঁৰ ওচৰত যদি চিকিৎসাৰ সুবিধা নাছিল, তেন্তে তেওঁৰ সংবেদনশীলতা থকা উচিত আছিল আৰু শিশুটিক আন এখন চিকিৎসালয়লৈ লৈ যোৱা উচিত আছিল। শিশুটি দুখীয়া হোৱাৰ বাবেই তেওঁক আওকাণ কৰা হ‘ল নেকি বুলিও ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে। এটা জঘন্য অপৰাধৰ বলি হোৱা শিশুক চিকিৎসা নিদিয়াটো অতিশয় নিৰ্দয় কাম বুলি মুখ্য ন্যায়াধীশে মন্তব্য কৰে আৰু জৰিমনা বিহাৰ জৰিয়তে পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰে।

এই হৃদয় বিদাৰক ঘটনাটো চলিত বৰ্ষৰ মাৰ্চ মাহত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছিল। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, তেওঁলোকৰ এজন ওচৰ-চুবুৰীয়াই শিশুটিক চকলেট দিয়াৰ চলেৰে লৈ গৈছিল। যেতিয়া তাই ঘূৰি অহা নাছিল, তেতিয়া বিচাৰ-খোচাৰ কৰাৰ পিছত তাইক অচেতন আৰু তেজৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

পৰিয়ালটোৱে অভিযোগ কৰে যে শিশুটিক প্ৰথমে দুখন বেচৰকাৰী চিকিৎসালয়লৈ নিয়া হৈছিল যদিও তেওঁলোকে ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পিছত তাইক গাজিয়াবাদ জিলা চিকিৎসালয়লৈ নিয়া হয়, য‘ত চিকিৎসকসকলে তাইক মৃত বুলি ঘোষণা কৰে। ইয়াৰ পিছতে তদন্ত আৰু চিকিৎসাৰ ক্ষেত্ৰত হোৱা গাফিলতিৰ অভিযোগ তুলি পৰিয়ালটোৱে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।

এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে এই ঘটনাৰ এছ আই টি তদন্তৰ নিৰ্দেশ দিছিল, য‘ত চিকিৎসালয়সমূহে সময়মতে চিকিৎসা প্ৰদান নকৰাৰ কথা পোহৰলৈ আহে। ইয়াৰ পূৰ্বৰ শুনানিত ন্যায়ালয়ে গাজিয়াবাদ আৰক্ষীকো তেওঁলোকৰ তদন্তৰ গাফিলতিৰ বাবে কঠোৰ ভাষাৰে ককৰ্থনা কৰিছিল। আৰক্ষীয়ে ঘটনাৰ এদিন পিছতহে এজাহাৰ ৰুজু কৰিছিল আৰু মৰণোত্তৰ পৰীক্ষাত শিশুটিৰ গোপন অংগত আঘাতৰ চিন পোৱাৰ পিছতো আৰম্ভণিতে পকচো আইন আৰু ধৰ্ষণৰ ধাৰা সন্নিৱিষ্ট কৰা নাছিল। সমগ্ৰ ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰি ন্যায়ালয়ে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

বন্দীৰে উপছি পৰিছে কাৰাগাৰ, ন্যায়িক জিম্মাত মৃত্যু আৰু এইচ আই ভি আক্ৰান্তৰ চিকিৎসাক লৈ ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

July 17, 2026 3:44 pm
প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে দেশৰ প্ৰথমখন হাইড্ৰজেন ৰে’ল, ইয়াৰ বিশেষত্ব কি?

July 17, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

মধ্যপ্ৰদেশৰ ঐতিহাসিক নৰৱাৰ দুৰ্গৰ পৰা ৪০০ বছৰ পুৰণি বৰটোপ চুৰি

July 17, 2026 4:06 pm
“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

“আপোনাৰ নামৰ আগত ডাক্তৰ লিখাৰ কোনো অধিকাৰ নাই”: ৪ বছৰীয়া ধৰ্ষিতা শিশুক চিকিৎসা নিদিয়াৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকিয়নী

July 17, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd