• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

২০২০ চনৰ পৰা দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা ভাৰতৰ মহাকাশ অৰ্থনীতিত এতিয়া ৪০০ৰো অধিক ষ্টাৰ্টআপৰ অংশগ্ৰহণ

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 18, 2026 4:05 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মহাকাশ খণ্ড এক ঐতিহাসিক দিশত অগ্ৰসৰ হৈছে। শেহতীয়াকৈ স্কাইৰুট এৰ’স্পেচ নামৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে চাৰি আগষ্টৰ পূৰ্বে দেশৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত অৰ্বিটেল শ্ৰেণীৰ ৰকেট বিক্ৰম-১ উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছে। চন্দ্ৰ, মংগল আৰু সূৰ্যলৈ সফলতাৰে মহাকাশযান প্ৰেৰণ কৰাৰ পাছত এতিয়া ১২ জুলাইৰ পৰা ৪ আগষ্টৰ ভিতৰত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ হ’বলগীয়া এই ৰকেটৰ জৰিয়তে ব্যক্তিগত বিনিয়োগকাৰীৰ অংশগ্ৰহণেৰে দেশৰ মহাকাশ অৰ্থনীতিক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি কৰ্তৃপক্ষই মত প্ৰকাশ কৰিছে।

 

Apply Now

উল্লেখ্য যে, ২০২০ চনত মহাকাশ খণ্ডটো ব্যক্তিগত বিনিয়োগৰ বাবে মুকলি কৰি দিয়াৰ পাছৰে পৰা বৰ্তমানলৈকে ৪০০ৰো অধিক ষ্টাৰ্টআপে এই ক্ষেত্ৰখনত খোজ পেলাইছে। বৰ্তমান ৮.৪ বিলিয়ন ডলাৰ মূল্যৰ ভাৰতীয় মহাকাশ অৰ্থনীতি ২০৩৩ চনৰ ভিতৰত ৪৪ বিলিয়ন ডলাৰ আৰু ২০৪০ চনৰ ভিতৰত ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি হ’ব বুলি আশা কৰা হৈছে। এই সন্দৰ্ভত ভাৰত চৰকাৰৰ মহাকাশ বিভাগে প্ৰকাশ কৰিছে যে ভাৰতে গভীৰ মহাকাশ অন্বেষণ, মহাকাশ বিজ্ঞান, মানৱ মহাকাশ উৰণ আৰু অৰ্বিটেল আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভিলাষী লক্ষ্যৰে আগবাঢ়িছে, যিয়ে বিশ্বৰ মহাকাশ পৰিৱেশ তন্ত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস আৰু প্ৰযুক্তিগত পূৰ্ণতাক প্ৰতিফলিত কৰিছে।

 

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৱে ইতিমধ্যে ২০১৪ চনত এছিয়াৰ প্ৰথমখন দেশ হিচাপে মংগল গ্ৰহৰ কক্ষপথত মহাকাশযান সফলতাৰে স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত ২০২৩ চনত চন্দ্ৰযান প্ৰকল্পৰ জৰিয়তে চন্দ্ৰৰ দক্ষিণ মেৰুত ৰ’ভাৰ অৱতৰণ কৰোৱাই আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পাছতেই চতুৰ্থখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। ইছৰোৱে ২০২৭ চনত চতুৰ্থটো চন্দ্ৰ অভিযানৰ জৰিয়তে চন্দ্ৰৰ পৰা নমুনা সংগ্ৰহ কৰি অনাৰ লগতে ২০২৮ চনত শুক্ৰ গ্ৰহলৈয়ো অভিযান প্ৰেৰণ কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ উপৰিও সূৰ্যৰ বতৰ আৰু বাহ্যিক স্তৰ অধ্যয়নৰ বাবে আদিত্য মিছন বৰ্তমান সক্ৰিয় অৱস্থাত আছে। আনহাতে, বিজ্ঞান মন্ত্ৰী জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰা অনুসৰি ২০২৭ চনৰ ভিতৰত সাগৰৰ ছয় কিলোমিটাৰ গভীৰলৈ গৈ বিৰল খনিজ সম্পদ আহৰণৰ বাবে মৎস্য নামৰ চাবমেৰিন প্ৰকল্পৰ কামো দ্ৰুতগতিত চলি আছে।

 

উপগ্ৰহ উৎক্ষেপণৰ বাণিজ্যিক বজাৰখনতো ভাৰতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ১৯৭৫ চনত প্ৰথমটো উপগ্ৰহ নিৰ্মাণ কৰাৰ পাছৰে পৰা ইছৰোৱে বৰ্তমানলৈকে ৪৩০টাতকৈয়ো অধিক বিদেশী উপগ্ৰহ উৎক্ষেপণ কৰি ৬০০ মিলিয়ন ডলাৰৰো অধিক উপাৰ্জন কৰিছে আৰু লগতে ১৪৪টাতকৈয়ো অধিক দেশীয় উপগ্ৰহ কক্ষপথত স্থাপন কৰিছে। বাণিজ্যিক চাহিদা পূৰণৰ বাবে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ লগতে তামিলনাডুৰ কুলাশেকৰপট্টিনামত দ্বিতীয়টো মহাকাশ বন্দৰ নিৰ্মাণ কৰা হৈছে। এই বাণিজ্যিক যাত্ৰাত স্কাইৰুটৰ উপৰিও পিক্সেল নামৰ প্ৰতিষ্ঠানটোৱে কৃষি আৰু পৰিৱেশ নিৰীক্ষণৰ বাবে উপগ্ৰহ নিৰ্মাণ কৰিছে। একেদৰে বেলাট্ৰিক্স এৰ’স্পেচে উপগ্ৰহ পৰিচালন প্ৰণালী আৰু অগ্নিকুল কছমছে থ্ৰী-ডি প্ৰিণ্টেড ৰকেট ইঞ্জিনৰ দ্বাৰা চালিত সৰু উপগ্ৰহ উৎক্ষেপণ যান নিৰ্মাণ কৰিছে।

 

বেচৰকাৰী মহাকাশ গৱেষণাৰ সমান্তৰালকৈ প্ৰতিৰক্ষা খণ্ডৰ সৈতেও ইয়াৰ সম্পৰ্ক গভীৰ হৈ পৰিছে। ২০২৫ চনত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে হোৱা সংঘাতৰ পাছত ভাৰতে প্ৰতিৰক্ষা ব্যৱস্থাত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে। ইছৰো আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ মাজত সক্ৰিয় সমন্বয় গঢ়ি উঠিছে আৰু ভাৰত-ৰাছিয়াৰ যুটীয়া প্ৰকল্প ব্ৰহ্মোছ মিছাইলৰ সৈতেও ইছৰোৰ গভীৰ সম্পৰ্ক আছে।

 

ভৱিষ্যতৰ পৰিকল্পনা হিচাপে ইছৰোৱে ২০২৬ চনৰ শেষৰ ফালে গগনযান প্ৰকল্পৰ অধীনত মানৱবিহীন পৰীক্ষামূলক উৰণ সম্পন্ন কৰাৰ প্ৰস্তুতি চলাইছে, যাৰ চূড়ান্ত লক্ষ্য হৈছে তিনিগৰাকী মহাকাশচাৰীক তিনি দিনৰ বাবে ৪০০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথলৈ প্ৰেৰণ কৰা। ইয়াৰ প্ৰস্তুতি স্বৰূপে ২০২৫ চনত ভাৰতীয় বায়ু সেনাৰ পাইলট শুভাংশু শুক্লাই স্পেচএক্স ড্ৰেগন মহাকাশযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছিল।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd