• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

বৈদ্যুতিন ভ্ৰমণ অনুমোদন ব্যৱস্থাৰ অধীনত কৰা আৱেদন নাকচ হোৱাৰ পাছত নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামত ফাইনেল উপভোগ কৰাত অনিশ্চয়তা

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 19, 2026 4:57 pm
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফিফা বিশ্বকাপৰ চূড়ান্ত খেলখনৰ পূৰ্বেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিছা নীতিক লৈ এক নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে। আৰ্জেণ্টিনাৰ বিৰুদ্ধে নিজ দেশ স্পেইনৰ ফাইনেল মেচখন ষ্টেডিয়ামত উপস্থিত থাকি উপভোগ কৰাৰ বাবে আমেৰিকালৈ যাব বিচৰা স্পেইনৰ প্ৰাক্তন বিশ্বকাপজয়ী ফুটবলাৰ হোৱান কাপডেভিলাৰ ভিছাৰ আৱেদন ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে নাকচ কৰিছে। এই ঘটনাত বিস্মিত হৈ পৰা প্ৰাক্তন খেলুৱৈগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে পোনপটীয়াকৈ ড’নাল্ড ট্ৰাম্পৰ পৰা সহায় বিচাৰিছে।

 

Apply Now

২০১০ চনত স্পেইনক বিশ্বকাপ খিতাপ দখল কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা তথা ২০০৮ চনৰ ইউৰো কাপজয়ী দলৰ অন্যতম সদস্য কাপডেভিলাক বিশ্বকাপৰ ফাইনেল মেচখন চাবলৈ আমেৰিকাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। আঠচল্লিছ বছৰীয়া প্ৰাক্তন ডিফেণ্ডাৰগৰাকীয়ে নিউ জাৰ্চিৰ মেটলাইফ ষ্টেডিয়ামৰ দৰ্শকৰ আসনত বহি সতীৰ্থসকলৰ সৈতে এই গুৰুত্বপূৰ্ণ খেলখন উপভোগ কৰিবলৈ বিচাৰিছিল। শুকুৰবাৰে নিশা সামাজিক মাধ্যমত কৰা এটা পোষ্টত তেওঁ লিখে যে ড’নাল্ড ট্ৰাম্প, মোৰ আপোনাৰ সহায়ৰ প্ৰয়োজন। একেদৰে আন এটা পোষ্টত তেওঁ কয় যে ২০১০ চনৰ বিশ্বজয়ী সতীৰ্থসকলৰ সৈতে তেওঁ খেলখন চাবলৈ বিচাৰে। উল্লেখ্য যে ২০১৪ চনত কাপডেভিলাই ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেডৰ হৈয়ো খেলিছিল। সমস্যাটো সমাধানৰ বাবে তেওঁ আমেৰিকাৰ সংশ্লিষ্ট সচিব মাৰ্কো ৰুবিঅ’ আৰু স্পেইনৰ ক্ৰীড়া মন্ত্ৰালয়কো পৃথকে পৃথকে আৱেদন জনাইছে।

 

প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় দহ বছৰ পূৰ্বে স্পেইনৰ লা লিগাৰ প্ৰাক্তন খেলুৱৈসকলৰ এটা দলৰ সৈতে কাপডেভিলাই ইৰাণ ভ্ৰমণলৈ গৈছিল। তেহৰাণত ইৰাণৰ প্ৰাক্তন ফুটবলাৰসকলৰ সৈতে তেওঁলোকে এখন প্ৰদৰ্শনীমূলক মেচতো অংশগ্ৰহণ কৰিছিল। ধাৰণা কৰা হৈছে যে সেই ইৰাণ ভ্ৰমণৰ বাবেই আমেৰিকা প্ৰশাসনে তেওঁৰ ভিছাৰ আৱেদন নাকচ কৰিছে। আমেৰিকাৰ বৈদেশিক বিভাগৰ নিয়ম অনুসৰি, ২০১১ চনৰ ১ মাৰ্চৰ পাছত যিসকল লোকে ইৰাণ ভ্ৰমণ কৰিছে, তেওঁলোকে আমেৰিকালৈ যাবলৈ হ’লে আগতীয়াকৈ বিশেষ ভিছা গ্ৰহণ কৰাটো বাধ্যতামূলক।

 

বিশ্বকাপৰ ফাইনেল চাবলৈ কাপডেভিলাই আমেৰিকাৰ বৈদ্যুতিন ভ্ৰমণ অনুমোদন ব্যৱস্থা বা ইএছটিএ-ৰ জৰিয়তে ভিছাৰ বাবে আৱেদন কৰিছিল। এই ব্যৱস্থাৰ জৰিয়তে আমেৰিকাই নিৰ্দিষ্ট কিছু দেশৰ নাগৰিকক সহজতে প্ৰৱেশৰ অনুমতি প্ৰদান কৰে আৰু স্পেইনো এই দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে। কিন্তু ২০১১ চনৰ পাছত ইৰাণ ভ্ৰমণ কৰাৰ ইতিহাস থকাৰ বাবে এই দ্ৰুত ব্যৱস্থাৰ অধীনত তেওঁৰ আৱেদন মঞ্জুৰ কৰা নহ’ল। ফাইনেল মেচখন অনুষ্ঠিত হ’বলৈ মাজত মাত্ৰ অলপ সময় বাকী থকা অৱস্থাত আমেৰিকা প্ৰশাসন বা স্পেইনৰ কৰ্তৃপক্ষই তেওঁৰ এই আৱেদনৰ প্ৰতি কেনে সঁহাৰি জনায়, সেয়া বৰ্তমানলৈকে অস্পষ্ট হৈ আছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

বোকাখাতত লেখক, অনুবাদক কুইলিন কাকতিৰ নৱতম শিশু উপন্যাস ‘অমনৰ অসম ভ্ৰমণ’ উন্মোচন

July 20, 2026 2:58 pm
কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

কামৰূপী ভাষাত সৃষ্টিশীল কাম-কাজক লৈ আলোচনাৰ বাবে একত্ৰিত বিভিন্ন ক্ষেত্ৰৰ সাধক

July 20, 2026 12:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd