• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

কাজল আগৰৱালাই কয় যে পৰ্দাত অন্তৰংগ দৃশ্যত অভিনয় নকৰাৰ সিদ্ধান্ত তেওঁৰ ব্যক্তিগত পছন্দ আৰু সেইবাবেই তেওঁ নিজৰ কেৰিয়াৰত কেইবাখনো ডাঙৰ ছবিৰ প্ৰস্তাৱ নাকচ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 21, 2026 2:32 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যশ আৰু কিয়াৰা আদৱানী অভিনীত ‘টক্সিক: এ ফেয়াৰী টেল ফৰ গ্ৰ’ন-আপছ’ৰ ‘তাবাহী’ গীতটো মুক্তি পোৱাৰ পিছত ছ’চিয়েল মিডিয়াত ইয়াৰ অন্তৰংগ দৃশ্যক লৈ এক বৃহৎ বিতৰ্ক আৰম্ভ হৈছে। এই বিতৰ্কৰ মাজতে অভিনেত্ৰী কাজল আগৰৱালাই কয় যে পৰ্দাত অন্তৰংগ দৃশ্যত অভিনয় নকৰাৰ সিদ্ধান্ত তেওঁৰ ব্যক্তিগত পছন্দ আৰু সেইবাবেই তেওঁ নিজৰ কেৰিয়াৰত কেইবাখনো ডাঙৰ ছবিৰ প্ৰস্তাৱ নাকচ কৰিছে।

শেহতীয়াকৈ প’ডকাষ্টাৰ শুভংকৰ মিশ্ৰৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কাজলে কয় যে তেওঁ কেতিয়াও পৰ্দাত অন্তৰংগ দৃশ্য বা অস্বস্তি অনুভৱ হোৱা এনে পোছাক পিন্ধি অভিনয় কৰিবলৈ স্বাচ্ছন্দ্যবোধ কৰা নাই।

Apply Now

কাজলৰ মতে, ‘মই কেৱল নিজৰ কথা ক’ব পাৰো। এনে চৰিত্ৰ মই কেতিয়াও কৰা নাই। যদি মই পৰ্দাত অন্তৰংগ দৃশ্য কৰি বা বিকিনিৰ দৰে কাপোৰ পিন্ধি অভিনয় কৰিবলৈ স্বাচ্ছন্দ্যবোধ নকৰো—তেন্তে মই সেইটো নকৰো। সেইবাবেই মই বহুতো ডাঙৰ ডাঙৰ ছবিৰ প্ৰস্তাৱ নাকচ কৰিছো। ইয়াৰ বাবে মোৰ কোনো আক্ষেপ নাই। এইটোৱেই মোৰ ব্যক্তিগত সীমা, যিটো মই পাৰ হ’ব নিবিচাৰো।’

কাজলে লগতে কয়, ‘মই কেতিয়াও অতি ঘনিষ্ঠ দৃশ্যত অভিনয় কৰি স্বাচ্ছন্দ্য অনুভৱ কৰা নাই। মোৰ বাবে এইবোৰ ব্যক্তিগত কথা, যিবোৰ পৰ্দাত দেখুৱাটো মই সঠিক বুলি অনুভৱ কৰা নাই। মই সদায় মোৰ সীমাবদ্ধতাক সন্মান কৰি আহিছো আৰু সেই সিদ্ধান্তত অটল হৈ আছো।’

সাক্ষাৎকাৰত কাজলক প্ৰশ্ন কৰা হৈছিল যে একেধৰণৰ দৃশ্যত অভিনয় কৰাৰ পিছতো অভিনেতাতকৈ অভিনেত্ৰীসকলে কিয় বেছি সমালোচনাৰ সন্মুখীন হয়। উত্তৰত তেওঁ কয়, ‘এয়া একান্তই ব্যক্তিগত সিদ্ধান্ত। এনে দৃশ্যত অভিনয় কৰিব নে নকৰে সেইটোও এজন পুৰুষে নিজেই সিদ্ধান্ত ল’ব। সিদ্ধান্ত নিজৰ ভিতৰৰ পৰা আহিব লাগে। কিন্তু মই ভাবো এনে বিষয়ত মহিলাসকল তুলনামূলকভাৱে অধিক সতৰ্ক।’

কাজলে মাতৃত্বই তেওঁৰ সিদ্ধান্তক কেনেদৰে প্ৰভাৱিত কৰিছে সেই বিষয়েও কয়। উদ্যোগী গৌতম কিচলু আৰু কাজলৰ চাৰি বছৰীয়া পুত্ৰ নীল। কাজলৰ মতে, এতিয়া তেওঁ চৰিত্ৰ বাছনি কৰাৰ সময়ত পুত্ৰৰ কথাও চিন্তা কৰে।

কাজলে কয়, ‘মোৰ ল’ৰা ডাঙৰ হৈ মোৰ ছবিবোৰ চালে তেওঁ গৌৰৱ অনুভৱ কৰা উচিত। মই নিবিচাৰো কোনো দৃশ্য চোৱাৰ পিছত তাৰ অস্বস্তি অনুভৱ হওক বা প্ৰশ্ন কৰক, “মা, তুমি কিয় এনেকুৱা কৰিলা?” গতিকে এতিয়া মই অতি সচেতনভাৱে চিনেমা বাছি লওঁ।’

মন কৰিবলগীয়া যে ‘তাবাহী’ গীতটো মুক্তি পোৱাৰ পিছত এফালে বহু দৰ্শকে ইয়াৰ প্ৰডাকচন ষ্টাইল আৰু ভিজুৱেলৰ প্ৰশংসা কৰিছে, আনফালে অন্তৰংগ দৃশ্যক লৈ সমালোচনাও হৈছে। বিশেষকৈ কিয়াৰা আদবানীক লৈ ছ’চিয়েল মিডিয়াত কটুক্তিৰ ধুমুহা। সেই সময়ত ছবিখনৰ অভিনেতা বেনেডিক্ট গেৰেটেও প্ৰশ্ন উত্থাপন কৰিছিল যে একেটা দৃশ্যতে অভিনয় কৰিলেও কিয় কেৱল অভিনেত্ৰীগৰাকী বেছি সমালোচনাৰ বলি হয়, অথচ অভিনেতাজনক প্ৰশংসা কৰা হয়।

অহা ২৬ আগষ্টত চিনেমাগৃহত মুক্তি পোৱাৰ কথা ‘টক্সিক: এ ফেয়াৰী টেল ফৰ গ্ৰ’ন-আপছ’ ছবিখন। আনহাতে কাজল আগৰৱালা অভিনীত ‘দ্য ইণ্ডিয়া ষ্ট’ৰী’ ২৪ জুলাইত মুক্তি পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm
কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

July 21, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ : ২৪ দিনৰ অনশনৰ অন্তত সোণম ৱাংচুকক চিকিৎসালয় সলনিৰ অনুমতি, কেন্দ্ৰৰো নাই কোনো আপত্তি

July 21, 2026 4:05 pm
নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd