ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) শেহতীয়াকৈ প্ৰকাশ কৰা এক সমীক্ষাত দেশবাসীৰ স্বাস্থ্য সন্দৰ্ভত এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। সমগ্ৰ দেশৰ প্ৰায় ২৩,৬৬৫ জন ব্যক্তিৰ তেজৰ নমুনা পৰীক্ষা কৰি আইচিএমআৰে প্ৰকাশ কৰা অনুসৰি, ভাৰতৰ ৯০ শতাংশৰো অধিক লোকৰ তেজত ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্ৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। অৰ্থাৎ, প্ৰতি ১০ জন ভাৰতীয়ৰ ভিতৰত ৯ জনেই বৰ্তমান অনিয়ন্ত্ৰিত কলেষ্টেৰলৰ চিকাৰ হৈছে। ইমান দিনে কেৱল অস্বাস্থ্যকৰ খাদ্যাভ্যাসক ইয়াৰ মূল কাৰণ বুলি ভবা হৈছিল যদিও গৱেষকসকলে স্পষ্ট কৰি দিছে যে খাদ্যৰ উপৰিও শাৰীৰিক পৰিশ্ৰমহীনতা আৰু অন্যান্য স্বাস্থ্যজনিত কাৰণো ইয়াৰ বাবে সমানেই দায়ী।
আইচিএমআৰৰ গৱেষকসকলৰ মতে, দেশৰ সৰহসংখ্যক লোকেই বৰ্তমান ‘ডিচলিপিডেমিয়া’ নামৰ স্বাস্থ্যজনিত অৱস্থাত ভুগি আছে। এই অৱস্থাত তেজত ক্ষতিকাৰক কলেষ্টেৰল (এল ডি এল) আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বিপজ্জনকভাৱে বৃদ্ধি পায় আৰু উপকাৰী কলেষ্টেৰল (এইচ ডি এল) হ্ৰাস পাবলৈ ধৰে। তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি গ’লে ৰক্তবাহী নলীৰ বেৰত চৰ্বিৰ তৰপ জমা হয়, যাৰ ফলত ৰক্ত প্ৰবাহত বাধাৰ সৃষ্টি হয়। এনে অৱস্থাই ভৱিষ্যতে গুৰুতৰ হৃদৰোগ আৰু ষ্ট্ৰ’কৰ দৰে মাৰাত্মক বিপদৰ আশংকা বহুগুণে বৃদ্ধি কৰে।
অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ সমান্তৰালকৈ কলেষ্টেৰল বৃদ্ধিৰ অন্যতম প্ৰধান কাৰণ হৈছে কায়িক পৰিশ্ৰমৰ অভাৱ। দীৰ্ঘসময় ধৰি একেঠাইতে বহি কাম কৰাৰ ফলত দেহত থকা ‘লিপোপ্ৰটিন লাইপেজ’ নামৰ এবিধ উৎসেচকৰ কাৰ্যক্ষমতা হ্ৰাস পায়, যাৰ বাবে তেজত থকা চৰ্বি বা ট্ৰাইগ্লিচাৰাইড দ্ৰুতগতিত ভাঙিব নোৱাৰে আৰু সেয়া শৰীৰত জমা হ’বলৈ ধৰে। আনহাতে, তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পালে ইনসুলিন হৰমোনৰ ক্ষৰণত তাৰতম্য ঘটে। শৰীৰত ইনসুলিন প্ৰতিৰোধক অৱস্থা বা ইনসুলিন ৰেজিষ্টেন্সৰ সৃষ্টি হ’লে পেটত মেদ জমা হোৱাৰ লগতে তেজত বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে।
উচ্চ ৰক্তচাপ আৰু থাইৰয়ডৰ সমস্যাইয়ো কলেষ্টেৰল বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰক্তচাপৰ অস্বাভাৱিক তাৰতম্য ঘটিলে ৰক্তবাহী নলীৰ বেৰত চৰ্বি জমা হোৱাৰ প্ৰৱণতা বাঢ়ে, যি ডিচলিপিডেমিয়াৰ অন্যতম কাৰণ। ঠিক তেনেদৰে, হাইপোথাইৰয়ডিজমৰ দৰে সমস্যা থাকিলে শৰীৰত থাইৰয়ড হৰমোনৰ ক্ষৰণ কমি যায় আৰু বিপাকীয় ক্ৰিয়াৰ হাৰো হ্ৰাস পায়। এনে পৰিস্থিতিত যকৃতে তেজৰ পৰা অতিৰিক্ত বেয়া কলেষ্টেৰল আঁতৰাব নোৱাৰা হয়, যাৰ ফলস্বৰূপে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে যকৃতৰ কাৰ্যক্ষমতাও ক্ৰমান্বয়ে নষ্ট হ’বলৈ ধৰে।
শৰীৰত কলেষ্টেৰলৰ মাত্ৰা নিৰ্ধাৰণ কৰিবলৈ লিপিড প্ৰফাইল পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয় বুলি চিকিৎসকসকলে পৰামৰ্শ আগবঢ়াইছে। বিশেষজ্ঞসকলৰ মতে, বিশ বছৰ বয়স অতিক্ৰম কৰাৰ পিছতেই প্ৰতিগৰাকী ব্যক্তিয়ে নিয়মীয়াকৈ কলেষ্টেৰল পৰীক্ষা কৰোৱা উচিত। বিশেষকৈ যিসকল ব্যক্তিৰ পৰিয়ালত পূৰ্বৰে পৰা উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ ইতিহাস আছে, তেওঁলোকে সময় থাকোঁতেই সাৱধানতা অৱলম্বন কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতিকৈ জৰুৰী।





