• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

এই দলসমূহ নিৰ্বাচন আয়োগত পঞ্জীয়নভুক্ত। কিন্তু তেওঁলোকে ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ দল হিচাপে ‘স্বীকৃতি’ লাভ কৰিবলৈ নূন্যতম ভোট বা আসন পোৱা নাই।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 6, 2026 9:16 am
প্ৰতিনিধিত্বমূলক ফটোঃ এ আই।

প্ৰতিনিধিত্বমূলক ফটোঃ এ আই।

44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৩-২৪ বিত্তীয় বৰ্ষত গুজৰাটৰ ছটা ‘অচিনাকি’ ৰাজনৈতিক দলে ১৭০০.৭৮ কোটি টকাৰ অনুদান লাভ কৰিছে। বিবিচি হিন্দীৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই দলসমূহ নিৰ্বাচন আয়োগত পঞ্জীয়নভুক্ত। কিন্তু তেওঁলোকে ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ৰ দল হিচাপে ‘স্বীকৃতি’ লাভ কৰিবলৈ নূন্যতম ভোট বা আসন পোৱা নাই।

উক্ত বিত্তীয় বৰ্ষত বিজেপিৰ বাহিৰে পাঁচটা ৰাষ্ট্ৰীয় দল – কংগ্ৰেছ, চিপিএম, আপ, বিএছপি আৰু নেচনেল পিপলছ পাৰ্টিৰ মুঠ আয় আছিল ১,৪৮০.৪৩ কোটি। গুজৰাটৰ এই ছয়টা দলে পাঁচটা ৰাষ্ট্ৰীয় দলৰ মুঠ আয়তকৈ অধিক অনুদান লাভ কৰিছিল। যদিও এই দলসমূহে নির্বাচনত প্রার্থী খুব কম দিছিল৷

প্ৰতিবেদনত কোৱা হৈছে যে এই দলসমূহৰ অধিকাংশ কাৰ্যালয় বন্ধ। বিবিচিৰ প্ৰতিবেদনত এইটোও স্পষ্ট হৈ পৰিছে যে এই দলসমূহৰ বিৰুদ্ধে কোনো ধৰণৰ আৰ্থিক অসৎ আচৰণৰ অভিযোগ উত্থাপন হোৱা নাই। অৱশ্যে এই প্ৰায় অচিনাকি দলবোৰলৈ ইমান বৃহৎ পৰিমাণৰ অনুদান তেওঁলোকে যথেষ্ট ‘অদ্ভুত’ বুলি ধাৰণা কৰে।

Apply Now

বিবিচি হিন্দীৰ এক অনুসন্ধানমূলক প্ৰতিবেদন অনুসৰি এই ছয়টা দলৰ ভিতৰত চাৰিটা দল আহমেদাবাদৰ। ইয়াৰ ভিতৰত ২০২৩-২৪ বিত্তীয় বৰ্ষত আম জনতা পাৰ্টিয়ে সৰ্বাধিক অনুদান লাভ কৰে। সেই বিত্তীয় বৰ্ষত তেওঁলোকে অনুদানৰ পৰা ৬২০ কোটি টকা উপাৰ্জন কৰিছিল। বিগত বিত্তীয় বৰ্ষত তেওঁলোকে লাভ কৰিছিল ২১৬ কোটি টকাৰ অনুদান। বিগত লোকসভা নিৰ্বাচনৰ সময়ত তেওঁলোকে মাত্ৰ এখন আসনতহৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

প্রতিবেদন অনুসৰি ২০২০ চনত বিহাৰৰ পাটনাত এই দলটো গঠন কৰা হৈছিল৷ তেতিয়া অনমিকা পাছোৱানক সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল৷ বৰ্তমান তেওঁ বিহাৰ বিজেপিৰ উপ-সভানেত্ৰী। বিবিচিক জনোৱা মতে, দলটো আহমেদাবাদলৈ স্থানান্তৰিত হোৱাৰ পিছত তেওঁ দল ত্যাগ কৰিছে।

ইয়াৰ পিছতে দ্বিতীয় স্থানত আছে সত্যবাদী ৰক্ষক পাৰ্টি। ২০২৩-২৪ বিত্তীয় বৰ্ষত তেওঁলোকে লাভ কৰিছিল ৩৩০.৫৫ কোটি টকাৰ অনুদান। বিগত লোকসভা নিৰ্বাচনতো এখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। প্ৰতিবেদন অনুসৰি, লোকসভা নিৰ্বাচনী প্ৰচাৰত দলটোৱে ৮.৪৮ কোটি টকা ব্যয় কৰিছিল। বিভিন্ন জনকল্যাণমূলক কাম-কাজত ব্যয় কৰিছিল ৩১৬ কোটি টকা।

তদুপৰি সেই বছৰত স্বতন্ত্ৰ অভিব্যক্তি পাৰ্টিয়ে ২১৯.৬৯ কোটি, নিউ ইণ্ডিয়া ইউনাইটেড পাৰ্টিয়ে ২০০.৬৯ কোটি, ভাৰতীয় নেশ্যনেল জনতা দলে ১৯১.৬১ কোটি আৰু গৰীব কল্যাণ পাৰ্টিয়ে ১৩৮ কোটি টকা উপাৰ্জন কৰিছিল।

বিবিচিৰ তথ্য অনুসৰি দলৰ অধিকাংশ কাৰ্যালয় বন্ধ আছিল। দলৰ বেছিভাগ নেতাই হয় অনুপলব্ধ নহয় কথা ক’ব বিচৰা নাই। প্ৰতিবেদন অনুসৰি বিগত লোকসভা নিৰ্বাচনত এই ছয়টা দলে মুঠ ১৫ জন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল।

দেশত প্ৰায় ২৮০০ ৰাজনৈতিক দল আয়োগত পঞ্জীয়ন হৈ আছে। কিন্তু ‘স্বীকৃতিপ্ৰাপ্ত’ নহয়। ইয়াৰে ৭৩ শতাংশ দলেই নিজৰ বিত্তীয় হিচাপ প্ৰকাশ কৰা নাই। দৰাচলতে যোৱা বছৰ এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মে (এডিআৰ) জনাইছিল যে ২০২২-২৩ বিত্তীয় বৰ্ষত এনে পঞ্জীয়নভুক্ত কিন্তু ‘স্বীকৃতিপ্ৰাপ্ত’ নোহোৱা দলৰ আয় ২২৩ শতাংশ বৃদ্ধি পাইছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

আৰু বিশ্বকাপ নেখেলে নেকি? জনালে বিৰাট কোহলীয়ে

September 26, 2026 5:00 pm
নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd