ক্ৰিকেটৰ মহাৰণত ইতিহাস ৰচিলে ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে। এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈয়েই এক বিশ্বৰেকৰ্ড নিজৰ নামত লিপিবদ্ধ কৰিছে। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পুৰুষ আৰু মহিলা দুয়োটা শাখাকে সামৰি অধিনায়ক হিচাপে সৰ্বাধিক মেচ খেলাৰ অভিলেখ এতিয়া কেৱল তেওঁৰ নামত।
মহিলা ক্ৰিকেটৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে এই তালিকাত হৰমনপ্ৰীতৰ ঠিক পিছতেই আছে শ্ৰীলংকাৰ অধিনায়ক চামাৰি আটাপাত্তু, যিগৰাকীয়ে ১২১ খন টি-২০ মেচত নেতৃত্ব দিছে। আনহাতে, পুৰুষ ক্ৰিকেটত সৰ্বাধিক মেচত নেতৃত্ব দিয়াৰ অভিলেখ নামিবিয়াৰ অধিনায়ক গেহাৰ্ড এৰাছমাছৰ (৯১ খন মেচ) নামত আছে। ইফালে ভাৰতীয় পুৰুষ দলৰ হৈ ৭২ খন মেচত নেতৃত্ব দি মহেন্দ্ৰ সিং ধোনী দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে।
বাকী অধিনায়কসকলৰ সৈতে থকা এই বিশাল ব্যৱধানৰ পৰাই স্পষ্ট হয় যে হৰমনপ্ৰীত কৌৰ কিমান আগুৱাই আছে। পাকিস্তানৰ বিৰুদ্ধে গঢ়া এই অনন্য নজিৰে ভাৰতীয় মহিলা ক্ৰিকেটক বিশ্ব দৰবাৰত এক নতুন শিখৰত উপনীত কৰালে।





