• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বেচৰকাৰী খণ্ডক সামৰি সমগ্ৰ দেশৰ এক লাখৰো অধিক বিদ্যালয় বৰ্তমান মাত্ৰ এজন শিক্ষকৰ জৰিয়তে পৰিচালিত হৈ আছে। শেহতীয়াকৈ সংসদত পোহৰলৈ অহা এই ভয়ংকৰ বাস্তৱে দেশৰ সামগ্ৰিক ছাত্ৰ-শিক্ষকৰ অনুপাত স্বাভাৱিক হৈ থকাৰ পিছতো শিক্ষক নিযুক্তি আৰু বিতৰণৰ ক্ষেত্ৰত থকা তীব্ৰ বিসংগতিৰ কথা উদঙাই দিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2026 12:58 pm
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু বেচৰকাৰী খণ্ডক সামৰি সমগ্ৰ দেশৰ এক লাখৰো অধিক বিদ্যালয় বৰ্তমান মাত্ৰ এজন শিক্ষকৰ জৰিয়তে পৰিচালিত হৈ আছে। শেহতীয়াকৈ সংসদত পোহৰলৈ অহা এই ভয়ংকৰ বাস্তৱে দেশৰ সামগ্ৰিক ছাত্ৰ-শিক্ষকৰ অনুপাত স্বাভাৱিক হৈ থকাৰ পিছতো শিক্ষক নিযুক্তি আৰু বিতৰণৰ ক্ষেত্ৰত থকা তীব্ৰ বিসংগতিৰ কথা উদঙাই দিছে।

Apply Now

ইউ ডি আই এছ ই প্লাছৰ ২০২৫-২৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ ভাৰতবৰ্ষত মুঠ ১,০০,৮৪৩ খন এক-শিক্ষকযুক্ত বিদ্যালয় আছে। এই তালিকাত ১৬,৩৫৭ খন বিদ্যালয়ৰে শীৰ্ষত আছে অন্ধ্ৰপ্ৰদেশ, যিটো ৰাষ্ট্ৰীয় পৰিসংখ্যাৰ ১৬ শতাংশতকৈয়ো অধিক। ইয়াৰ পিছতে আছে ক্ৰমে ঝাৰখণ্ডৰ ৯,৮২৭ খন আৰু মহাৰাষ্ট্ৰৰ ৯,২৬৯ খন বিদ্যালয়। আনহাতে কৰ্ণাটকত ৮,০৪২ খন, উত্তৰ প্ৰদেশত ৭,৮৭৪ খন, ৰাজস্থানত ৭,২০০ খন আৰু পশ্চিমবংগত ৬,৭৬৯ খন বিদ্যালয় মাত্ৰ এজন শিক্ষকৰে চলি আছে। এই সাতখন ৰাজ্যতেই দেশৰ মুঠ এক-শিক্ষকযুক্ত বিদ্যালয়ৰ প্ৰায় ৬৫ শতাংশ অৱস্থিত।

কেৱল দৰিদ্ৰ বা দুৰ্গম ভৌগোলিক অৱস্থানৰ ৰাজ্যতে নহয়, আন উন্নত ৰাজ্যসমূহতো এই সমস্যা বিয়পি পৰা পৰিলক্ষিত হৈছে। তেলেংগানাত এনে বিদ্যালয়ৰ সংখ্যা ৪,৭৯৩ খন হোৱাৰ বিপৰীতে তামিলনাডুত ৩,৯৫৭ খন আৰু অসমত ৩,১৫৯ খন। একেদৰে হিমাচল প্ৰদেশত ৩,১২৮ খন, উত্তৰাখণ্ডত ২,৬৫৫ খন আৰু ছত্তীশগড়ত ২,৪৬১ খন এক-শিক্ষকযুক্ত বিদ্যালয় আছে। আনহাতে এই ক্ষেত্ৰত আটাইতকৈ উন্নত প্ৰদৰ্শন কৰা ৰাজ্যসমূহৰ ভিতৰত কেৰালাত ৬৭ খন, নাগালেণ্ডত ৩৫ খন, ছিকিমত ৩১ খন, লাডাখত ২৮ খন, দিল্লীত ৭ খন আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত মাত্ৰ এখন বিদ্যালয় এজন শিক্ষকৰে চলি থকাৰ তথ্য পোহৰলৈ আহিছে।

ৰাজ্যসভাত শিক্ষকৰ খালী পদ সন্দৰ্ভত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে এই তথ্য প্ৰদান কৰে। মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্যৰ ভিতৰতে থাকি দেশত প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-শিক্ষকৰ অনুপাত ১৯, উচ্চ প্ৰাথমিকত ১৭, মাধ্যমিকত ১৫ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত ২৩ হৈ আছে। কিন্তু দেশৰ সামগ্ৰিক ছাত্ৰ-শিক্ষকৰ এই সন্তোষজনক অনুপাতৰ আঁৰত যে স্থানীয় পৰ্যায়ত শিক্ষকৰ উপলব্ধতাৰ ক্ষেত্ৰত তীব্ৰ বৈষম্য লুকাই আছে, সেয়া এক-শিক্ষকযুক্ত বিদ্যালয়ৰ তথ্যই প্ৰমাণ কৰিছে।

শিক্ষকৰ নিযুক্তি, সেৱাৰ চৰ্তাৱলী আৰু কৰ্মস্থান নিৰ্ধাৰণৰ দায়িত্ব ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনৰ অধীনত হোৱা বাবে মন্ত্ৰালয়ে ৰাজ্যভিত্তিক অনুমোদিত পদ বা খালী পদৰ বিতং তথ্য প্ৰদান কৰা নাই। অৱশ্যে অৱসৰ গ্ৰহণ, পদত্যাগ, নতুন পদ সৃষ্টি, কৰ্মচাৰীৰ সালসলনি আৰু গ্ৰামাঞ্চল তথা জনজাতীয় জিলাসমূহত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পৰিৱৰ্তনৰ বাবেই এই পদসমূহ খালী হৈছে বুলি চৰকাৰে উল্লেখ কৰিছে। ছাত্ৰ-শিক্ষকৰ নিৰ্ধাৰিত অনুপাত বজাই ৰখাৰ বাবে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগতে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰে খালী পদসমূহ পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক নিয়মীয়াকৈ পৰামৰ্শ দি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

November 18, 2026 7:00 am
শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে  বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

November 17, 2026 9:45 pm
পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

November 17, 2026 8:30 pm
উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

উত্তৰ প্ৰদেশৰ ভোটাৰ তালিকাত নাই ১.২৭ কোটি হিন্দু ভোটাৰৰ নাম! এইবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে যোগী আদিত্যনাথে

November 17, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

November 18, 2026 7:00 am
শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে  বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

November 17, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd