• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“উজনি অসমৰ বান প্ৰাকৃতিক নহয়” অসমৰ বান পৰিস্থিতিক লৈ সংসদত গৰ্জন সাংসদ ৰকিবুল হুছেইনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2026 9:59 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ চলিত অধিৱেশনৰ মাজতে অসমৰ বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ সমুখত নিজৰ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে। উজনি অসমৰ গোলাঘাটৰ নুুমলীগড়, যোৰহাটৰ টীয়ক, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ ব্যক্তিগতভাৱে পৰিদৰ্শন কৰি অহাৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে এইবাৰৰ বানপানীয়ে সৃষ্টি কৰা তাণ্ডৱ অভূতপূৰ্ব। চৰকাৰী পক্ষই এই বানক ডাৱৰ বিস্ফোৰণ বা প্ৰাকৃতিক দুৰ্যোগ বুলি সৰৱ চৰ্চা চলাইছে যদিও প্ৰকৃততে এই বান সম্পূৰ্ণৰূপে এক মানৱসৃষ্ট দুৰ্যোগহে। বিহুবৰ আদি সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত থকা অবৈধ খনন, পাহাৰ কাটি চলোৱা কাৰ্য আৰু ৰেট-হোল মাইনিঙৰ ফলত সৃষ্টি হোৱা বৃহৎ গাতবোৰত অতিৰিক্ত পানী জমা হৈ হঠাতে তলৰ অঞ্চলসমূহ প্লাৱিত কৰাৰ বাবেই এনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

সংসদত অসমৰ এই জটিল বান পৰিস্থিতিৰ বিষয়টো সজোৰে উত্থাপন কৰিবলৈ তেওঁ বিভিন্ন সংসদীয় প্ৰক্ৰিয়া যেনে স্থগিত প্ৰস্তাৱ, ৩৭৭ নম্বৰ নিয়ম, শূন্য ঘণ্টা আৰু প্ৰশ্নোত্তৰ কালৰ জৰিয়তে ধাৰাবাহিক প্ৰচেষ্টা চলাইছিল বুলি জানিবলৈ দিয়ে। লোকসভাৰ অচলাৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰৰ আন্তৰিকতাৰ অভাৱৰ বাবে বিষয়টোৱে উচিত গুৰুত্ব নোপোৱাত তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। সাংসদগৰাকীয়ে জলসম্পদ বিভাগৰ সংসদীয় স্থায়ী সমিতিতো এই বিষয়টো স্পষ্টভাৱে উত্থাপন কৰা বুলি কয়। তেওঁ আঙুলিয়াই দিয়ে যে এমুঠিমান প্ৰভাৱশালী লোকৰ অবৈধ ব্যৱসায় আৰু খনন কাৰ্যৰ বাবেই আজি উজনি অসমৰ মধ্যবিত্ত তথা দুখীয়া পৰিয়ালে নিমিষতে সকলো হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত ত্ৰিপাল তৰি আশ্ৰয় ল’বলগীয়া অৱস্থা হৈছে।

Apply Now

বানপীড়িত ৰাইজক কেৱল তাৎক্ষণিক সাহায্য প্ৰদান কৰিয়েই চৰকাৰে দায়িত্ব সামৰিলে নহ’ব বুলি উল্লেখ কৰি ৰকিবুল হুছেইনে কয় যে চৰকাৰে জৰুৰীভাৱে ক্ষতিৰ এক পৰিপূৰ্ণ মূল্যায়ন কৰাটো প্ৰয়োজন। বানত ধ্বংস হোৱা ঘৰ-দুৱাৰ, ছাত্ৰ-ছাত্ৰীৰ নষ্ট হোৱা কিতাপ-পত্ৰ আৰু উপাৰ্জনৰ পথ বন্ধ হৈ পৰা মানুহখিনিক সঠিক মূল্যায়নৰ মাধ্যমেৰে পুনৰসংস্থাপনৰ ব্যৱস্থা নকৰিলে আৰু ক্ষতিপূৰণ নিদিলে বানৰ পাছত জনসাধাৰণ অধিক ভয়াৱহ সংকটৰ গৰাহত পৰিব। কেৱল ৰাজ্য চৰকাৰৰ সীমিত সম্পদেৰে এই জটিল সমস্যা সমাধান কৰা সম্ভৱ নহয় বুলি উল্লেখ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰক অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ‘ৰাষ্ট্ৰীয় সমস্যা’ হিচাপে ঘোষণা কৰিবলৈ সজোৰে দাবী জনায়। সকলো কেন্দ্ৰীয় বিভাগৰ সমন্বয়েৰে এক সামগ্ৰিক পৰিকল্পনা গ্ৰহণ কৰিলেহে দুয়োখন চৰকাৰৰ অপব্যয় ৰোধ হ’ব আৰু অসমৰ ৰাইজে স্থায়ী সকাহ পাব বুলিও তেওঁ মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

হত্যাৰ পুৰণি গোচৰত গ্ৰেপ্তাৰ নন্দীগ্ৰাম উপ নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী; মমতা বেনাৰ্জীয়েও দিছিল সমৰ্থন

September 19, 2026 9:00 am
প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

প্ৰথম পত্নীৰ সৈতে যোগাযোগৰ বাবে স্বামীক হত্যা; প্ৰেমিকসহ গ্ৰেপ্তাৰ মহিলা

September 19, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd