অসমৰ ডিমা হাছাও জিলাৰ ঘন অৰণ্যত নিয়মীয়া টহল আৰু বন সমীক্ষাৰ সময়ত যোগাযোগ বিচ্ছিন্ন হৈ তিনি দিন ধৰি আবদ্ধ হৈ থকা বন বিভাগৰ ২৩ গৰাকী বিষয়া-কৰ্মচাৰীক অৱশেষত নিৰাপদে উদ্ধাৰ কৰা হৈছে। এই ঘটনাই ৰাজ্যজুৰি উদ্বেগৰ সৃষ্টি কৰিছিল যদিও যৌথ উদ্ধাৰ অভিযানৰ জৰিয়তে সকলোকে সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, মাইবাং বন সংমণ্ডলৰ দলটোৱে ডিমা হাছাও–কাৰ্বি আংলং সীমান্তৰ দুৰ্গম বনাঞ্চলত টহল দায়িত্ব পালন কৰি থকা অৱস্থাত মোবাইল নেটৱৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। যোগাযোগ বন্ধ হৈ যোৱাৰ লগতে ঘন জংঘলত পথ হেৰুৱাই পেলোৱাত দলটো তিনিটা নিশা অৰণ্যৰ ভিতৰতে কটাবলগীয়া হয়।
অৰণ্যত আবদ্ধ হৈ থকা সময়ছোৱাত তেওঁলোকে লগত নিয়া চাউল আৰু বনাঞ্চলত উপলব্ধ কলগছৰ ভিতৰৰ অংশ খাই জীৱনধাৰণ কৰে। পিছত অসম আৰক্ষী, অসম ৰাইফলছ আৰু বন বিভাগে যৌথভাৱে ব্যাপক অনুসন্ধান অভিযান চলাই দলটোক উদ্ধাৰ কৰে।
উদ্ধাৰৰ পিছত সকলো বনকৰ্মীক লাংটিং মডেল চিকিৎসালয়লৈ নিয়া হয়, য’ত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কৰা হয়। চিকিৎসকৰ মতে, সকলো সদস্যই নিৰাপদে আছে।
উদ্ধাৰ হোৱা বনকৰ্মীসকলে কয় যে ডিমা হাছাওৰ দুৰ্গম বনাঞ্চলত জিপিএছ ট্ৰেকাৰ, আধুনিক নেভিগেচন সঁজুলি আৰু বিশেষ বন বেটেলিয়নৰ অভাৱে টহল আৰু জৰুৰীকালীন উদ্ধাৰ অভিযান অধিক কঠিন কৰি তোলে।





