• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 8:34 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ভূমি আৰু মানৱ অধিকাৰ কৰ্মী তথা গ্ৰেটাৰ কাজিৰঙা লেণ্ড এণ্ড হিউমেন ৰাইটছ প্ৰটেকশ্যন কমিটীৰ আহ্বায়ক প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন (NSA) প্ৰয়োগ কৰাৰ ঘটনাক লৈ দেশজুৰি ৬০ৰো অধিক গণসংগঠন, মানৱ অধিকাৰ সংগঠন, শ্ৰমিক সংগঠন আৰু নাগৰিক সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

সোমবাৰে প্ৰকাশিত এক যৌথ বিজ্ঞপ্তিত সংগঠনসমূহে চৰকাৰৰ এই পদক্ষেপক প্ৰতিহিংসামূলক আৰু আইনৰ অপব্যৱহাৰ বুলি অভিহিত কৰি প্ৰণৱ দলেৰ তাৎক্ষণিক মুক্তি দাবী জনাইছে।

Apply Now

যৌথ বিবৃতিটোত উল্লেখ কৰা হৈছে যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ইংলে পাঠাৰত প্ৰস্তাৱিত হায়াট বিলাসী ৰিজৰ্ট প্ৰকল্পৰ বিৰুদ্ধে ২০২৬ চনৰ ২৮ জুনত অনুষ্ঠিত প্ৰতিবাদৰ পাছত অসম আৰক্ষীয়ে প্ৰণৱ দলেক ধৰি কেইবাজনো জনজাতীয় আৰু আদিবাসী অধিকাৰ কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ১২ জুলাইত প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰাৰ লগতে অমিত নাগ, বিজিত কুটুম, ভাস্কৰ শইকীয়া আৰু ৰাজীৱ পেগুকো গ্ৰেপ্তাৰ কৰা হয়।

বিবৃতি অনুসৰি, ২৯ জুলাইত গোলাঘাট জিলা আৰু সত্ৰ ন্যায়ালয়ে প্ৰণৱ দলে আৰু আন চাৰিজন অভিযুক্তক জামিন মঞ্জুৰ কৰে। কিন্তু তাৰ পিছদিনাই, অৰ্থাৎ ৩০ জুলাইত অসম চৰকাৰে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা ৩(২)ৰ অধীনত প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন প্ৰয়োগ কৰে। সংগঠনসমূহৰ অভিযোগ অনুসৰি আদালতে জামিন দিয়াৰ পিছতো তেওঁক কাৰাগাৰত ৰাখিবলৈকে এই আইন প্ৰয়োগ কৰা হৈছে।

বিজ্ঞপ্তিটোত দাবী কৰা হৈছে যে, জামিনৰ আদেশত আদালতে আৰক্ষীৰ বহু অভিযোগ সমৰ্থন কৰিব পৰা ভিডিঅ’ প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰাৰ লগতে পৰিৱেশ, জীৱিকা আৰু স্থানীয় সম্প্ৰদায়ৰ উদ্বেগক দমন কৰিবলৈ ফৌজদাৰী আইন ব্যৱহাৰ কৰা উচিত নহয় বুলি পৰ্যবেক্ষণ আগবঢ়াইছিল। লগতে চাহ জনজাতি সম্প্ৰদায়ৰ দৰে প্ৰান্তীয় জনগোষ্ঠীৰ ক্ষেত্ৰত সামাজিক কৰ্মী আৰু সম্প্ৰদায়ৰ নেতাসকলক আলোচনাৰ অংশীদাৰ কৰাৰ প্ৰয়োজনীয়তাৰ কথাও আদালতে উল্লেখ কৰিছিল।

বিবৃতিত কোৱা হৈছে যে, প্ৰণৱ দলেই বহু বছৰ ধৰি কাজিৰঙা অঞ্চলত ভূমি অধিকাৰ, উচ্ছেদ, পৰিৱেশ সংৰক্ষণ আৰু জনজাতীয় সম্প্ৰদায়ৰ অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰি আহিছে। ইংলে পাঠাৰত প্ৰস্তাৱিত হায়াট ৰিজৰ্টৰ বাবে ভূমি আবণ্টনক লৈ স্থানীয় পৰিয়ালসমূহে আপত্তি জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

যৌথ বিবৃতিত আৰু অভিযোগ কৰা হৈছে যে NSA-ৰ অধীনত জাৰি কৰা আটকাদেশত প্ৰণৱ দলেৰ বিভিন্ন প্ৰতিবাদত অংশগ্ৰহণ, বিদেশ ভ্ৰমণ আৰু সন্দেহজনক বিদেশী লেনদেনৰ দৰে বিষয় উল্লেখ কৰা হৈছে। কিন্তু জামিনৰ শুনানিত আদালতে এই বিষয়সমূহ নথি-পত্ৰৰ জৰিয়তে তদন্ত কৰিব পাৰি বুলি মত প্ৰকাশ কৰিছিল। সংগঠনসমূহৰ মতে, এই অভিযোগসমূহে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সলনি এগৰাকী সক্ৰিয় সামাজিক কৰ্মীক লক্ষ্য কৰি লোৱা পদক্ষেপহে প্ৰতিফলিত কৰে।

বিবৃতিত ২০১৭ চনত কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধেও NSA প্ৰয়োগ কৰা হৈছিল বুলি উল্লেখ কৰি, পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই আটকাদেশ বাতিল কৰিছিল বুলিও উল্লেখ কৰা হৈছে। সংগঠনসমূহৰ মতে, বৰ্তমানৰ ঘটনাই সেই একেই ধাৰাৰ পুনৰাবৃত্তি কৰিছে।

যৌথ বিবৃতিত স্পষ্টকৈ কোৱা হৈছে যে ভূমি, পৰিৱেশ আৰু জনজাতীয় অধিকাৰৰ সপক্ষে শান্তিপূৰ্ণভাৱে মাত মতাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি হ’ব নোৱাৰে। ভাৰতীয় সংবিধানে মত প্ৰকাশৰ স্বাধীনতা আৰু শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ সুৰক্ষিত কৰিছে বুলি উল্লেখ কৰাৰ লগতে পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰা নাগৰিকক অপৰাধী হিচাপে চিহ্নিত কৰাৰ প্ৰৱণতা বন্ধ কৰাৰ আহ্বান জনোৱা হৈছে।

ইয়াৰ লগতে, ৰাষ্ট্ৰসংঘৰ কেইবাজনো বিশেষজ্ঞই পূৰ্বে প্ৰণৱ দলে আৰু আন কৰ্মীসকলৰ গ্ৰেপ্তাৰক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁলোকৰ মুক্তিৰ আহ্বান জনাইছিল বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

যৌথ বিবৃতিত সংগঠনসমূহে প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইন তাৎক্ষণিকভাৱে বাতিল কৰা, তেওঁক আৰু এই গোচৰত গ্ৰেপ্তাৰ হোৱা সকলো কৰ্মীক মুক্তি দিয়া, কাজিৰঙা ভূমি আন্দোলনৰ সৈতে জড়িত সকলো গোচৰ প্ৰত্যাহাৰ আৰু কাজিৰঙা অঞ্চলত ভূমি আবণ্টন আৰু পৰ্যটন প্ৰকল্পসমূহ স্বচ্ছভাৱে পুনৰীক্ষণ কৰাৰ দাবী জনাইছে। লগতে জনজাতীয়, আদিবাসী, কৃষক আৰু বনবাসী সম্প্ৰদায়ৰ ভূমি অধিকাৰ সুৰক্ষিত কৰাৰ আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

উত্তৰ-পূবলৈ বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ ২,৫৩৬.৯৬ কোটি টকা, ৰাজ্যসভাত সদৰী কৰিলে মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে

August 3, 2026 7:55 pm
ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

August 3, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

প্ৰতিবাদকাৰী শিক্ষাৰ্থীৰ ওপৰত লোৱা আইনী ব্যৱস্থা সম্পৰ্কে সংসদত অমিত শ্বাহৰ পৰা উত্তৰ ‎বিচাৰিলে গৌৰৱ গগৈয়ে

August 3, 2026 8:53 pm
কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd