নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা যিমানেই নাথাকক কিয়, মূল ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনাক বিধায়ক বা সংসদীয় দলে কোনোপধ্যে অতিক্ৰম কৰিব নোৱাৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি. মোহনাক সামৰি গঠিত উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে স্পষ্ট কৰে যে, মূল দলৰ সিদ্ধান্তই সদায় সংখ্যাগৰিষ্ঠ বিধায়কৰ ইচ্ছাতকৈ অগ্ৰাধিকাৰ পাব। অৱশ্যে একে সময়তে, ব্যতিক্ৰমী পৰিস্থিতিত নিজৰ স্বতন্ত্ৰ ৰাজনৈতিক অৱস্থান ব্যক্ত কৰিবলৈ বিধায়কসকলৰ বাবে প্ৰয়োজনীয় নমনীয়তা থকাটোও প্ৰয়োজনীয় বুলি বিচাৰপীঠে উল্লেখ কৰে।
উল্লেখ্য যে উদ্ধৱ ঠাকৰে আৰু বৰ্তমানৰ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ ফৈদৰ মাজত “প্ৰকৃত শিৱসেনা” কোন আৰু দলীয় প্ৰতীক ‘ধনু-কাঁড়’ কাৰ প্ৰাপ্য, সেই সন্দৰ্ভত চলি থকা দীৰ্ঘদিনীয়া আইনী যুঁজৰ চূড়ান্ত শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই সম্বন্ধে মন্তব্য কৰে। উল্লেখযোগ্য যে, ২০২২ চনত ৫৫ জন শিৱসেনা বিধায়কৰ ভিতৰত ৪০ জন বিধায়কৰ সমৰ্থন লৈ একনাথ শিন্দেয়ে বিদ্ৰোহ ঘোষণা কৰিছিল, যাৰ ফলত উদ্ধৱ ঠাকৰে চৰকাৰৰ পতন ঘটে। পৰৱৰ্তী সময়ত শিন্দেয়ে বিজেপিৰ সৈতে চৰকাৰ গঠন কৰে আৰু ২০২৩ চনৰ ফেব্ৰুৱাৰীত নিৰ্বাচন আয়োগে শিন্দে ফৈদকে প্ৰকৃত শিৱসেনাৰ স্বীকৃতি প্ৰদান কৰে।
ঠাকৰে ফৈদৰ হৈ যুক্তি আগবঢ়াই জ্যেষ্ঠ অধিবক্তা কপিল চিব্বালে আদালতত কয় যে দশম অনুসূচীয়ে অন্য এটা ৰাজনৈতিক দলৰ সৈতে একত্ৰীকৰণক স্বীকৃতি দিয়ে যদিও দলৰ ‘বিভাজন’ক নহয়। বিধানসভাৰ দলে ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিব পাৰেনে, এইটোৱেই আছিল প্ৰশ্ন বুলি তেওঁ উল্লেখ কৰে। বিধায়কৰ সংখ্যাগৰিষ্ঠতা দেখুৱাই চৰকাৰ পতন কৰাৰ প্ৰৱণতাই ভোটাৰসকলে বাছি লোৱা চৰকাৰক সলনি কৰি গণতন্ত্ৰক আঘাত হনাৰ কথাও চিব্বালে দাঙি ধৰে।
এই শুনানিত ২০২৩ চনৰ ‘সুভাষ দেশাই’ গোচৰত পাঁচজনীয়া সংবিধান বিচাৰপীঠে দিয়া ঐতিহাসিক ৰায়ৰ দিশটোও দাঙি ধৰা হয়, য’ত মহাৰাষ্ট্ৰৰ ৰাজ্যপালে শিৱসেনা বিভাজনৰ পিছত মজিয়া পৰীক্ষা (Floor Test) কৰিবলৈ দিয়া নিৰ্দেশ ভুল আছিল বুলি ন্যায়ালয়ে কৈছিল। সংবিধানৰ দশম অনুসূচী অনুসৰি, ‘মূল ৰাজনৈতিক দল’ (Original Political Party) আৰু ‘বিধানসভাৰ দল’ (Legislative Party) সম্পূৰ্ণ সুকীয়া ধাৰণা। বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে নিৰ্বাচিত প্ৰতিনিধিসকলে নিজকে মূল দল বুলি দাবী কৰি নিজ ইচ্ছামতে চৰকাৰ ভঙা-গঢ়াৰ খেল খেলিব নোৱাৰে। ৰাজনৈতিক দলৰ ভিতৰত ‘সংখ্যাগৰিষ্ঠতা’ নিৰ্ধাৰণৰ কোনো স্পষ্ট মাপকাঠি নথকাটোও এনে বিবাদৰ মূল কাৰণ বুলি ন্যায়ালয়ে মন্তব্য কৰে।





