• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 9, 2026 7:02 pm
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি সন্ধ্যা গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত কি হৈছিল, চকুৰে নেদেখিলে, তাত নাথাকিলে আপুনি উপলব্ধি কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ এগৰাকীয়ে বিবাদমান বিষয় এটাত বক্তৃতা দিলে তেওঁ কি ক’ব, কি নক’ব? এইখিনিতে ন্যায়াধীশ এছ মুৰালীধৰে যোৱা নৱেম্বৰ মাহত মোৰ সৈতে হোৱা সাক্ষাৎকাৰ এটাত কোৱা কথা এষাৰ মনত পৰিছে। তেখেতে কৈছিল যে ন্যায়াধীশ এজনৰ ব্যক্তিগত মূল্যবোধ আৰু চিন্তা-ভাৱনাৰ লগত ন্যায়ালয়ৰ কোঠাৰ ভিতৰত দিয়া ৰায়ৰ কোনো সম্পৰ্ক নাথাকিব বুলি ভাবাটো ভুল। তেওঁৰ জীৱনাদৰ্শৰ প্ৰভাৱ তেওঁ দিয়া ৰায়ত প্ৰতিফলিত হ’বই।

 

Apply Now

কালি ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমে’ আয়োজন কৰা ‘Balancing Development and Sustainability: Recent Trends’ শীৰ্ষক বক্তৃতাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বক্তব্য শুনি মোৰো সেইটো উপলব্ধি হ’ল। ন্যায় বা বিচাৰ ব্যৱস্থাৰ কেন্দ্ৰীয় বিষয়টো কি? ন্যায় প্ৰদান। এই ন্যায় প্ৰদানৰ বিষয়ে আমাৰ সংবিধানৰ প্ৰস্তাৱনাত লিখা কথাখিনিৰ তাৎপৰ্য কি? ব্যক্তি স্বাধীনতা আৰু মানৱ কল্যাণ নহয় জানো? স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণাৰ পৰা উৎপত্তি হোৱা ভাৰতীয় সংবিধানৰ আদৰ্শ আৰু লক্ষ্যৰ বাস্তৱ ৰূপ দিয়াটোৱেই হৈছে দেশৰ কাৰ্যপালিকাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। সেই কামত কাৰ্যপালিকাৰ ত্ৰুটি-বিচ্যুতিৰ বিচাৰ-বিশ্লেষণ কৰি তাৰ সঠিক পথ-নিৰ্দেশ কৰি ব্যক্তি স্বাধীনতা সুৰক্ষিত কৰাই হৈছে ন্যায়পালিকাৰ মুখ্য কাম। সেয়ে, এগৰাকী ন্যায়াধীশে ন্যায়ালয়ত দিয়া ৰায় আৰু তেওঁ ৰাজহুৱা বক্তৃতাত কোৱা কথাৰ মাজত কোনো সংঘাত থকাৰ প্ৰশ্ন নুঠে বা উঠিব নালাগে। পাৰ্থক্য এটাই ৰাজহুৱা বক্তৃতাৰ তৎকালীন প্ৰায়োগিক দিশ নাথাকে, কিন্তু ন্যায়ালয়ৰ কোঠাৰ ভিতৰত দিয়া ৰায় এটাৰ তৎকালীন প্ৰায়োগিক দিশটো গুৰুত্বপূৰ্ণ। এটাৰ পটভূমি ৰাজহুৱা ক্ষেত্ৰ (Public Sphere) আৰু আনটোৰ পটভূমি এটা নিৰ্দিষ্ট গোচৰ। কোনোটোৰে গুৰুত্ব কিন্তু কম নহয়।

 

কালি সন্ধ্যা উজ্জ্বল ভূঞাৰ বক্তৃতাটো শুনি থাকোঁতে বাৰে বাৰে মোৰ মনলৈ অহা প্ৰশ্নটো আছিল এইটো প্ৰকৃততে কালি তেওঁ কি কৰিছিল? উচ্চতম ন্যায়ালয়ৰ বাহিৰত, এটা প্ৰেক্ষাগৃহত ন্যায়ালয়ৰ মতাদৰ্শৰ ব্যাখ্যা আৰু প্ৰসাৰ কৰিছিল। এফালৰ পৰা চাবলৈ গ’লে কালি তেওঁ দিয়া বক্তৃতাটো উচ্চতম ন্যায়ালয় অৰ্থাৎ ন্যায়পালিকাৰ লক্ষ্য আৰু উদ্দেশ্যৰ সম্প্ৰসাৰণহে আছিল।

 

মাজে মাজে তেওঁ সামান্য সময়ৰ কাৰণে বিষয়বস্তুৰ পৰা আঁতৰি গৈছিল। তেওঁ প্ৰায়ে বিতৰ্ক এৰাই চলাৰ কথা কৈছিল। কিন্তু এই দুয়োটা আছিল তেওঁৰ বক্তৃতাটোৰ অন্যতম সৌন্দৰ্য। এটি উদাহৰণ  ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থাৰ সময়ত ৪২ নং সংবিধান সংশোধনীৰ দ্বাৰা কি কৰিছিল? সংবিধানৰ প্ৰস্তাৱনাত থকা ‘Sovereign Democratic Republic’ শব্দকেইটা সলনি কৰি ‘Sovereign Socialist Secular Democratic Republic’ কৰিছিল আৰু ‘unity of the Nation’ক বহলাই ‘unity and integrity of the Nation’ কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ যিটো গোচৰত নিৰ্বাচনত শ্ৰীমতী গান্ধীয়ে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰা বুলি তেওঁৰ বিৰুদ্ধে ৰায় দিয়া হৈছিল, শ্ৰীমতী গান্ধীৰ বিৰুদ্ধে সেই গোচৰটোৰ অধিবক্তা আছিল শান্তি ভূষণ। যিটো কথাৰ কাৰণে ইন্দিৰা গান্ধীয়ে চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল, এতিয়া যি হাৰত নিৰ্বাচনত চৰকাৰী যন্ত্ৰ ব্যৱহাৰ কৰা হয়, তাৰ তুলনাত সেইটো এটা অতি মামুলি আৰু অধৰ্তব্য বিষয় আছিল। যি নহওক, গোচৰ হ’ল, জৰুৰীকালীন অৱস্থা আহিল। তাৰ পিছত ইন্দিৰা গান্ধীৰ চৰকাৰ গ’ল। কিন্তু কি হ’ল? জনতা দলৰ চৰকাৰৰ আইন মন্ত্ৰী শান্তি ভূষণে ৪৩ নং সংশোধনী আনিলে, কিন্তু ৪২ নং সংশোধনীত সংবিধানৰ প্ৰস্তাৱনালৈ অনা পৰিৱৰ্তনত হাত নিদিলে। এইখিনিতে ভূঞাই জেৰ টানি কৈছে তেতিয়া এইটো আছিল চৰকাৰৰ দৃষ্টিভংগী, আৰু এতিয়াৰ কথা নোকোৱাই ভাল!

 

তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ ৰায় আছিল ‘মেনেকা গান্ধী বনাম কেন্দ্ৰীয় চৰকাৰ ৰায় (১৯৭৮ চন)’। এই ৰায়টোৰ তাৎপৰ্য কি? বিদেশ ভ্ৰমণৰ অধিকাৰ ব্যক্তি স্বাধীনতাৰ অধিকাৰৰ ভিতৰুৱা, যিটোক সংবিধানৰ ২১ নম্বৰ অনুচ্ছেদ বুলি জনা যায়। তাতোকৈ ডাঙৰ কথা হ’ল, এই ৰায়টোত কোৱা হ’ল যে “procedure established by law” in Article 21 does not mean any procedure enacted by the legislature; the procedure must be fair, just and reasonable. Arbitrary or oppressive procedures are unconstitutional. অৰ্থাৎ ২১ নং অনুচ্ছেদত উল্লিখিত ‘আইনৰ দ্বাৰা প্ৰতিষ্ঠাপিত প্ৰক্ৰিয়া’ৰ অৰ্থ কেৱল বিধানমণ্ডলে প্ৰণয়ন কৰা যিকোনো প্ৰক্ৰিয়াকে নুবুজায়; এই প্ৰক্ৰিয়া ন্যায়সংগত, উচিত আৰু যুক্তিসংগত হ’ব লাগিব। এইটো কম গুৰুত্বপূৰ্ণ কথানে?

 

এনে আৰু কিমান উদাহৰণ তেওঁ দিছিল! কালি সন্ধ্যা আমাৰ সংবিধানৰ ধাৰা আৰু উচ্চতম ন্যায়ালয়ৰ ৰায় এটাৰ পিছত এটাকৈ ভূঞাৰ মুখত আখৈ ফুটাদি ফুটিছিল। তেখেত যেন আইনৰ ব্যাখ্যাৰ প্ৰতিমূৰ্তি হৈ পৰিছিল! তেওঁ যি কৈছিল আৰু যি নোকোৱাকৈ আছিল, দুয়োটাৰে বক্তব্য কিমান ভাস্বৰ আছিল! পৰিৱেশ আইনৰ ক্ষেত্ৰত Sachidananda Pandey v. State of West Bengal (1987), ভূপাল গেছ ট্ৰেজেডীৰ সন্দৰ্ভত Union Carbide Corporation v. Union of India (1989) (তাত ফালি এছ নাৰিমাণৰ ভূমিকা), আৰু Vellore Citizens’ Welfare Forum v. Union of India (1996) আদি কিমান যে ৰায়ৰ উদাহৰণ তেওঁ দিছিল! Sachidananda Pandey v. State of West Bengal উচ্চতম ন্যায়ালয়ৰ এনে এটা অন্যতম প্ৰাৰম্ভিক গোচৰ আছিল, য’ত পৰিৱেশ সুৰক্ষাৰ সৈতে বিকাশৰ ভাৰসাম্য ৰক্ষাৰ কথা কোৱা হৈছিল।

 

তাৰ পিছত ন্যায়াধীশ ভূঞাই পৰিৱেশ সম্পৰ্কে নিজে দিয়া ৰায়ৰ বিষয়ে কৈছিল; তাৰ বাতিলকৰণ আৰু শেহতীয়া স্থিতি সম্পৰ্কে কৈছিল। শেষত তেওঁ সেই অমোঘ ঘোষণা কৰিছিল পৰিৱেশ আৰু উন্নয়নৰ মাজত কোনো সংঘাত থাকিব নোৱাৰে। তেন্তে কি কৰিব লাগিব? উন্নয়ন মানে কি, উন্নয়ন কাৰ স্বাৰ্থত  সেইবোৰ ব্যাখ্যা কৰিব লাগিব। তেতিয়াহে বহনক্ষম উন্নয়ন আৰু প্ৰকৃতিৰ মাজত কোনো সংঘাত নাথাকিব।

 

শেষৰ ফালে তেওঁ আমাৰ সময়ৰ অন্যতম সাহসী ন্যায়াধীশ এছ মুৰালীধৰৰ ভূয়সী প্ৰশংসা কৰি, তেওঁৰ সম্পাদনাত প্ৰকাশিত [In] Complete Justice গ্ৰন্থৰ ন্যায়াধীশ গৌতম পেটেলৰ লেখা ‘Consistently Inconsistent: Environmental Law and Supreme Court’ৰ কথা কৈ বক্তৃতা সামৰণি মাৰিছিল। আৰু আমি শ্ৰোতাসকলে মন্ত্ৰমুগ্ধ হৈ তেওঁৰ কথা শুনি আছিলোঁ। উস, কি এক সন্ধিয়া! কি এক অভিজ্ঞতা! ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমলৈ শত-কোটি প্ৰণাম! হে যুৱ প্ৰজন্ম, তোমালোক আমাৰ আশা, তোমালোকেই আমাৰ ভৰসা!

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm
বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

চীনৰ খেলুৱৈক ধৰাশায়ী কৰি কোৰিয়া মাষ্টাৰ্ছৰ চেম্পিয়ন অসমৰ অস্মিতা চলিহা

August 9, 2026 8:22 pm
আমেৰিকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান ইজৰাইলৰ! হামাছ নিৰস্ত্ৰ নোহোৱালৈকে গাজা নেৰে সেনাই

অসমলৈ আহি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই প্ৰদান কৰা বক্তৃতাৰ প্ৰকৃত উপলব্ধি কি?

August 9, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd