নিজকে এগৰাকী আইএএছ বিষয়া তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ ‘গোপন এজেণ্ট’ বুলি পৰিচয় দি সমগ্ৰ বিহাৰত ‘ভাৰত চৰকাৰ’ৰ ব’ৰ্ড লগোৱা গাড়ীৰে দম্ভালি মাৰি ঘূৰি ফুৰা এজন মহা প্ৰৱঞ্চক অৱশেষত আৰক্ষীৰ জালত পৰিছে। সাধাৰণ মানুহে তেওঁক সহজে বিশ্বাসো কৰিছিল যদিও আৰক্ষীয়ে শেহতীয়াকৈ লোকজনৰ ঘৰত অভিযান চলাই বিশাল পৰিমাণৰ সম্পত্তি আৰু বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত লোকজনৰ নাম মনীষ গুপ্তা আৰু তেওঁৰ ঘৰ বিহাৰৰ গোগৰী থানা এলেকাৰ জামালপুৰত।
কেনেকৈ চলাইছিল প্ৰতাৰণা?
সমগ্ৰ বিহাৰত ‘ভাৰত চৰকাৰ’ ব’ৰ্ড লগোৱা চৰকাৰী বাহনত ঘূৰি ফুৰা মনীষ গুপ্তাই বিভিন্ন ব্যৱসায়ী বা ধনী ব্যক্তিক নানা চৰকাৰী সুবিধা আদায় কৰি দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল। চৰকাৰী পৰিচয় পত্ৰ আৰু অজিত দোভালৰ এজেণ্টৰ ভুৱা পৰিচয় দেখি বহুতেই তেওঁক বিশ্বাস কৰিছিল আৰু তেওঁ দাবী কৰা অনুসৰি ধন দিছিল। দীৰ্ঘদিন ধৰি এই প্ৰতাৰণাৰ জাল মেলি থকাৰ পিছত শেহতীয়াকৈ এক অভিযোগৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে মনীষৰ সন্ধান পায়। তাৰ পিছৰে পৰা তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হৈছিল আৰু অৱশেষত ঘৰত হঠাতে অভিযান চলাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
জেৰাত পোহৰলৈ আহে প্ৰকৃত তথ্য
খাগৰিয়াৰ আৰক্ষী অধীক্ষক প্ৰতাপ সিঙে জানিবলৈ দিয়া মতে, জেৰাৰ সময়ত অভিযুক্তই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ (CVC) এখন কাৰ্ড দেখুৱাই দাবী কৰে যে তেওঁ অজিত দোভালৰ অধীনত এজন ‘আণ্ডাৰকভাৰ এজেণ্ট’ হিচাপে কাম কৰে। আনকি তেওঁ আৰক্ষীক এখন আইএএছ বিষয়াৰ পৰিচয় পত্ৰও দেখুৱায়। অৱশ্যে প্ৰাথমিক তদন্তত এই সকলোবোৰ পৰিচয় পত্ৰ সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হৈছে।
ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে মনীষৰ ঘৰত অভিযান চলাই প্ৰচুৰ সা-সম্পত্তি জব্দ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ‘Government of India’ বুলি লিখা কেইবাখনো বাহন, ৫টা আইফোন লগতে কেইবাটাও অন্যান্য মোবাইল ফোন, ২০খন ক্ৰেডিট কাৰ্ড, ৮খন ডেবিট কাৰ্ড আৰু ৪খন চেকবহী। ইয়াৰ উপৰি আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা ৩১ লিটাৰ বিদেশী সুৰা আৰু দুটা হৰিণৰ শিং উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মনীষ গুপ্তা ইমানবোৰ সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল, সেই বিষয়ে বৰ্তমান আৰক্ষীয়ে অধিক তদন্ত চলাই আছে। প্ৰাথমিক অনুমান অনুসৰি, ভুৱা পৰিচয়েৰে প্ৰতাৰণা আৰু জালিয়াতি কৰিয়েই তেওঁ এই বিশাল সম্পত্তি গোটাইছিল।





