• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2026 8:46 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

নিজকে এগৰাকী আইএএছ  বিষয়া তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ ‘গোপন এজেণ্ট’ বুলি পৰিচয় দি সমগ্ৰ বিহাৰত ‘ভাৰত চৰকাৰ’ৰ ব’ৰ্ড লগোৱা গাড়ীৰে দম্ভালি মাৰি ঘূৰি ফুৰা এজন মহা প্ৰৱঞ্চক অৱশেষত আৰক্ষীৰ জালত পৰিছে। সাধাৰণ মানুহে তেওঁক সহজে বিশ্বাসো কৰিছিল যদিও আৰক্ষীয়ে শেহতীয়াকৈ লোকজনৰ ঘৰত অভিযান চলাই বিশাল পৰিমাণৰ সম্পত্তি আৰু বাহন জব্দ কৰিবলৈ সক্ষম হৈছে। আৰক্ষী সূত্ৰে জানিব পৰা মতে, ধৃত লোকজনৰ নাম মনীষ গুপ্তা আৰু তেওঁৰ ঘৰ বিহাৰৰ গোগৰী থানা এলেকাৰ জামালপুৰত।

Apply Now

 

কেনেকৈ চলাইছিল প্ৰতাৰণা?

সমগ্ৰ বিহাৰত ‘ভাৰত চৰকাৰ’ ব’ৰ্ড লগোৱা চৰকাৰী বাহনত ঘূৰি ফুৰা মনীষ গুপ্তাই বিভিন্ন ব্যৱসায়ী বা ধনী ব্যক্তিক নানা চৰকাৰী সুবিধা আদায় কৰি দিয়াৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল। চৰকাৰী পৰিচয় পত্ৰ আৰু অজিত দোভালৰ এজেণ্টৰ ভুৱা পৰিচয় দেখি বহুতেই তেওঁক বিশ্বাস কৰিছিল আৰু তেওঁ দাবী কৰা অনুসৰি ধন দিছিল। দীৰ্ঘদিন ধৰি এই প্ৰতাৰণাৰ জাল মেলি থকাৰ পিছত শেহতীয়াকৈ এক অভিযোগৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে মনীষৰ সন্ধান পায়। তাৰ পিছৰে পৰা তেওঁৰ গতিবিধিৰ ওপৰত নজৰ ৰখা হৈছিল আৰু অৱশেষত ঘৰত হঠাতে অভিযান চলাই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

জেৰাত পোহৰলৈ আহে প্ৰকৃত তথ্য

খাগৰিয়াৰ আৰক্ষী অধীক্ষক প্ৰতাপ সিঙে জানিবলৈ দিয়া মতে, জেৰাৰ সময়ত অভিযুক্তই চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ (CVC) এখন কাৰ্ড দেখুৱাই দাবী কৰে যে তেওঁ অজিত দোভালৰ অধীনত এজন ‘আণ্ডাৰকভাৰ এজেণ্ট’ হিচাপে কাম কৰে। আনকি তেওঁ আৰক্ষীক এখন আইএএছ বিষয়াৰ পৰিচয় পত্ৰও দেখুৱায়। অৱশ্যে প্ৰাথমিক তদন্তত এই সকলোবোৰ পৰিচয় পত্ৰ সম্পূৰ্ণ ভুৱা বুলি প্ৰমাণিত হৈছে।

ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে মনীষৰ ঘৰত অভিযান চলাই প্ৰচুৰ সা-সম্পত্তি জব্দ কৰে। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে ‘Government of India’ বুলি লিখা কেইবাখনো বাহন, ৫টা আইফোন  লগতে কেইবাটাও অন্যান্য মোবাইল ফোন, ২০খন ক্ৰেডিট কাৰ্ড, ৮খন ডেবিট কাৰ্ড আৰু ৪খন চেকবহী। ইয়াৰ উপৰি আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা ৩১ লিটাৰ বিদেশী সুৰা আৰু দুটা হৰিণৰ শিং উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মনীষ গুপ্তা ইমানবোৰ সম্পত্তিৰ গৰাকী কেনেকৈ হ’ল, সেই বিষয়ে বৰ্তমান আৰক্ষীয়ে অধিক তদন্ত চলাই আছে। প্ৰাথমিক অনুমান অনুসৰি, ভুৱা পৰিচয়েৰে প্ৰতাৰণা আৰু জালিয়াতি কৰিয়েই তেওঁ এই বিশাল সম্পত্তি গোটাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd