উজনি অসমৰ বান পৰিস্থিতি আৰু বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা সন্দৰ্ভত কঠোৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে জলসম্পদ বিভাগৰ কাম-কাজক লৈ প্ৰশ্ন উত্থাপন কৰে।
ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিৰ বিচাৰপীঠে কয় যে বান নিয়ন্ত্ৰণ, আগজাননী প্ৰদান আৰু বানপীড়িত লোকক সময়মতে সহায় কৰাৰ ক্ষেত্ৰত বিভাগটোৱে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিছেনে নাই, সেই বিষয়টো গুৰুত্বসহকাৰে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে।
ন্যায়ালয়ে লগতে প্ৰশ্ন কৰে যে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাৰ পাছতো যদি এটা বিভাগে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱাৰে, তেন্তে এনে এটা বিভাগ ৰখাৰ প্ৰয়োজনীয়তা ক’ত।
আবেদনখন সঞ্জীৱ চামৰিয়া নামৰ এজন ব্যক্তিয়ে দাখিল কৰিছিল। শুনানিৰ সময়ত ন্যায়ালয়ে অভিযোগ কৰে যে পূৰ্বে দিয়া কেতবোৰ নিৰ্দেশনাকো জলসম্পদ বিভাগে গুৰুত্বসহকাৰে কাৰ্যকৰী কৰা নাই।
প্ৰয়োজন হ’লে বিভাগটোৰ নাম সলনি কৰা অথবা বিভাগটোৰ গাঁথনি পুনৰীক্ষণ কৰাৰ কথাও ন্যায়ালয়ে উল্লেখ কৰে বুলি জানিব পৰা গৈছে।
প্ৰতি বছৰে বানপানীত ৰাজ্যৰ বহু লোক ক্ষতিগ্ৰস্ত হৈ অহাৰ পাছতো বান সমস্যাৰ স্থায়ী সমাধান নোহোৱাক লৈও প্ৰশ্ন উত্থাপন হৈছে। ন্যায়ালয়ৰ এই কঠোৰ মন্তব্যই ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগৰ ওপৰত নতুনকৈ চাপ সৃষ্টি কৰিছে।
এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই মন্তব্যক লৈ ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।





