• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 7:49 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৌ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বক্তৃতাৰ বিষয়ে আলোচনা কৰিবলৈ বাধ্য হ’লোঁ। এইবাৰ, সম্পূৰ্ণ বেলেগ এটা পটভূমিত। ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমে ৮ আগষ্টৰ দিনা আয়োজন কৰা ‘Balancing Development and Sustainability: Recent Trends’ শীৰ্ষক বক্তৃতাটো কিমান গুৰুত্বপূৰ্ণ আছিল- সেইটো, সেইদিনা, তাত উপস্থিত থকাসকলে ক’ব পাৰিব। কিন্তু অসমৰ ৰাজধানী গুৱাহাটীত, আৰু গুৱাহাটীৰ কেন্দ্ৰবিন্দু, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰায় গাতে লাগি থকা বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত হোৱা এই বক্তৃতাটোৰ বিষয়ে ৯ তাৰিখৰ কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইংৰাজী বাতৰিকাকতত এটা শব্দও নোলাল। সেই বাতৰিকাকতবোৰৰ কেইখনমান হ’ল- The Telegraph, The Hindu, The Indian Express, The Times of India, The Hindustan Times আৰু তেনে অন্যান্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰিকাকত। এইখিনিতে, এটা কথা স্পষ্ট কৰি দিয়া উচিত। ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমৰ মই সদস্য নহওঁ, যদিও সংগঠনৰ ঘাই কৰ্মকৰ্তাসকলৰ ভালেকেইজনক মই ওচৰৰ পৰা জানোঁ। তেখেতসকলৰ মই শুভাকাংক্ষী। গতিকে অনুষ্ঠানটোৰ বাতৰি প্ৰকাশ নকৰা বাবে সংগঠনটোৰ ভিতৰৰ এজন অসন্তুষ্ট ব্যক্তি হিচাপে মই এই প্ৰশ্নবোৰ উত্থাপন কৰিব বিচৰা নাই। বা কোনেও মোক এইটো কৰিবলৈ কোৱা নাই। নাগৰিক হিচাপে বা প্ৰচাৰ মাধ্যমৰ লগত জড়িত এজন ব্যক্তি হিচাপেহে মই এই প্ৰশ্নবোৰ উত্থাপন কৰিব বিচাৰিছোঁ।

 

Apply Now

এইখিনিতে আৰু এটা কথা কৈ থোৱা ভাল। যিকেইখন বাতৰিকাকতৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে, সেই আটাইকেইখন বাতৰিকাকতৰ স্থানীয় সাংবাদিক কেইগৰাকীমান মোৰ চিনাকি। তাৰে, কেইজনমান মোৰ ভাল বন্ধুও। তেওঁলোকক মই সাংবাদিক হিচাপে যথেষ্ট সন্মান কৰোঁ। তেওঁলোকৰ প্ৰতি মোৰ কোনো ব্যক্তিগত বিদ্বেষ বা অভিযোগ নাই। এই কথাটো আৰম্ভণিতে স্পষ্ট কৰি থোৱাটো দৰকাৰ, যাতে কোনেও একো ভুল নুবুজে। বিষয়টো ৰাজহুৱা স্বাৰ্থজড়িত কাৰণেহে আলোচনা কৰিব বিচৰা হৈছে।

 

এতিয়া মূল প্ৰশ্নলৈ আহিছোঁ। ন্যায়াধীশ উজ্জ্বল ভূঞা উচ্চতম ন্যায়ালয়ৰ এগৰাকী বিচাৰপতি। তেখেত, ইতিমধ্যে এজন স্বাধীনচেতীয়া, সৎ আৰু নিৰ্ভীক ন্যায়াধীশ হিচাপে সমগ্ৰ দেশতে জনপ্ৰিয়। তেওঁ ন্যায়পালিকাৰ বিভিন্ন দিশ সম্পৰ্কে যোৱা সময়ছোৱাত ভাৰতৰ বিভিন্ন ঠাইত বক্তৃতা দিছে। সেই বক্তৃতাবোৰৰ বিষয়ে প্ৰায়ে ৰাষ্ট্ৰীয় সংবাদপত্ৰত বাতৰি প্ৰকাশ হয়। তাৰ কেইটামান শেহতীয়া উদাহৰণ হ’ল: যোৱা ২২-২৩ মাৰ্চত তেওঁ বাংগালুৰুত Supreme Court Bar Association (SCBA)-ৰ National Conference-ত ‘বিকশিত ভাৰত’ত ন্যায়পালিকাৰ ভূমিকাৰ বিষয়ে দিয়া বক্তৃতা। এই বক্তৃতাটোত তেওঁ চৰকাৰক মতবিৰোধৰ প্ৰতি অধিক সহনশীল হ’বলৈ আহ্বান জনাইছিল। লগতে প্ৰতিবাদ, ছাত্ৰ আন্দোলন, মিম (meme) আৰু সামাজিক মাধ্যমৰ প’ষ্টৰ অপৰাধীকৰণ, বিচাৰাধীন বন্দীৰ দীঘলীয়া কাৰাবাস আৰু ন্যায়পালিকাৰ ভিতৰত গঢ়ি উঠা ‘ৰজাতকৈও অধিক ৰাজভক্ত’ (more loyal than the king) প্ৰৱণতাৰ তীব্ৰ সমালোচনা কৰিছিল। পিছদিনা সেই বক্তৃতাটোৰ বিষয়ে The Indian Express, Hindustan Times, আৰু The Hindu-ত বিশদকৈ খবৰ ওলাইছিল। তাৰ পিছত, জুলাই মাহৰ ২৫ তাৰিখে তেওঁ ভূপালৰ National Law Institute University (NLIU)-ত Justice G.P. Singh 4th Memorial Lecture দিছিল। তাত তেওঁ নাগৰিক অধিকাৰ (civil liberties), প্ৰতিবাদ আৰু মতবিৰোধৰ অপৰাধীকৰণ (criminalisation of protests and dissent), বুলড’জাৰ ন্যায়, ক্ষমতাৰ পৃথকীকৰণ আৰু ন্যায়িক কাৰ্যপ্ৰণালী (judicial functioning)-ৰ বিষয়ে কৈছিল। এই বক্তৃতাটোৰ বিষয়েও The Indian Express, The Times of India, The Wire আৰু Bar and Bench-এ বিশদ বাতৰি প্ৰকাশ কৰিছিল।

 

একেবাৰে শেহতীয়াকৈ, এক আগষ্টৰ দিনা তেওঁ নতুন দিল্লীৰ Vidhi Centre for Legal Policy / JALDI-ত “The Judicial Transparency Index” ৰ বিষয়ে বক্তৃতা দি ন্যায়িক স্বচ্ছতা, কলেজিয়াম ব্যৱস্থাৰ অস্বচ্ছতা, বিচাৰক আৰু তেওঁলোকৰ ৰায়দান সম্পৰ্কে ৰাইজৰ জনাৰ অধিকাৰ, আৰু ন্যায়পালিকাৰ উত্তৰদায়িত্বৰ প্ৰশ্নসমূহৰ বিষয়ে কৈছিল। পিছদিনা তেওঁৰ বক্তৃতাৰ বিষয়ে The Indian Express, The Hindu, Hindustan Times, The Economic Times, The Wire, India Today, The Tribune, Bar & Bench, আৰু LiveLaw-ত বাতৰি ওলাইছিল।

 

তেন্তে, গুৱাহাটীত দিয়া ন্যায়াধীশ ভূঞাৰ বক্তৃতাটোৰ বিষয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কিয় একো বাতৰি প্ৰচাৰ নকৰিলে? তাৰ কাৰণটো কি? তেওঁ সেইদিনা গুৱাহাটীত কোৱা কথাবোৰ অদৰকাৰী আছিল নেকি? নে তেওঁৰ ঘৰ অসমত/গুৱাহাটীত হোৱা কাৰণে তেওঁ অনুষ্ঠানটোত কোৱা কথাবোৰে গুৰুত্ব নাপালে? তেওঁৰ গুৱাহাটীৰ বক্তৃতাটোৰ সাৰমৰ্ম যে ইতিমধ্যে উল্লেখ কৰা তিনিটা বক্তৃতাৰ তুলনাত কোনোপধ্যেই কম নাছিল, তাৰ আমি জীয়া সাক্ষী। তেন্তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কিয় বাতৰিটো অৱজ্ঞা কৰিলে? কাৰণটো কি? অসমৰ কথাই বাহিৰৰ মনোযোগ আকৰ্ষণ নকৰে কিয়? এই প্ৰশ্নবোৰ প্ৰাসংগিক নে অপ্ৰাসংগিক?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

August 11, 2026 6:45 pm
মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

মহাকাশতো উজলিল ত্ৰিৰংগা! ৮০সংখ্যক স্বাধীনতা দিৱসত ভাৰতক শুভেচ্ছা ৰুছ মহাকাশচাৰীৰ

August 11, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd