প্রথমে তীব্র কম্পনসহ জ্বৰ, তাৰ পিছতে বমি আৰু পেটচলা, আৰু শেষত ভয়ংকৰ খিঁচুনি। সাধাৰণ ভাইৰেল জ্বৰ বুলি ভুল কৰা এই লক্ষণসমূহৰ আঁৰত আচলতে লুকাই আছে এক মাৰাত্মক ভাইৰাছ, যিয়ে অতি দ্ৰুত গতিত শিশুৰ মগজুত সংক্ৰমণ ঘটায়। সমগ্ৰ দেশজুৰি এতিয়া ত্ৰাসৰ সৃষ্টি কৰা এই ভাইৰাছবিধৰ নাম হৈছে ‘চান্দীপুৰা ভাইৰাছ’ (Chandipura virus)।
কেইমাহমানৰ পূৰ্বে গুজৰাট আৰু মহাৰাষ্ট্ৰত এই ভাইৰাছৰ সংক্ৰমণ পোহৰলৈ অহাৰ পিছত এতিয়া দেশৰ বিভিন্ন প্ৰান্তলৈ ই বিয়পিবলৈ ধৰিছে। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ মাজত এই ভাইৰাছৰ প্ৰভাৱ বেছিকৈ দেখা গৈছে আৰু ইয়াৰ ফলত শিশুৰ মগজুত সংক্ৰমণ হোৱাৰ লক্ষণসমূহ স্পষ্ট হৈ পৰিছে। সেয়েহে চিকিৎসকসকলে অভিভাৱকসকলক বিশেষভাৱে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে।
চান্দীপুৰা ভাইৰাছ কিমান ভয়ংকৰ?
চান্দীপুৰা ভেছিকুলোভাইৰাছ হৈছে ‘ৰেবডোভাইৰিডি’ (Rhabdoviridae) গোত্ৰৰ অন্তৰ্গত এক অতি সংক্ৰামক ভাইৰাছ। মন কৰিবলগীয়া যে জলাতংক ৰোগ সৃষ্টি কৰা ভাইৰাছও একে গোত্ৰৰেই। বিশেষজ্ঞসকলৰ মতে, এই ভাইৰাছবিধ ডেংগু বা চিকুনগুনিয়াতকৈও অধিক ভয়ংকৰ। ই পোনে পোনে মানুহৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত (Central nervous system) আক্ৰমণ কৰে, যাৰ ফলত ৰোগীৰ গুৰুতৰ স্নায়ৱিক ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।
কেনেদৰে বিয়পে এই ভাইৰাছ?
চিকিৎসকসকলে স্পষ্ট কৰি দিছে যে এই ভাইৰাছ ছোঁৱাচ নহয়, অৰ্থাৎ আক্ৰান্ত ব্যক্তিৰ হাঁচি বা কাহৰ জৰিয়তে ই বিয়পি নপৰে। সাধাৰণতে চেণ্ডফ্লাই (Sandfly) বা বেলেমাখিৰ লালটিৰ জৰিয়তে এই ভাইৰাছৰ সংক্ৰমণ ঘটে। ইয়াৰ উপৰি, টিক (Tick) নামৰ এক প্ৰকাৰৰ পোকৰ জৰিয়তেও এই ভাইৰাছ বিয়পিব পাৰে। আনকি আক্ৰান্ত ব্যক্তিৰ মল-মূত্ৰৰ পৰা মাখিৰ জৰিয়তেও এই ভাইৰাছৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা থাকে।
মগজুত কেনেকৈ প্ৰভাৱ পেলায়?
চান্দীপুৰা ভাইৰাছে শৰীৰত প্ৰৱেশ কৰাৰ পিছত অতি কম সময়ৰ ভিতৰতে তেজৰ জৰিয়তে মগজুলৈ গৈ স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে। এই ভাইৰাছৰ প্ৰভাৱত শিশুৰ মাজত ‘একিউট এনচেফেলাইটিছ সিণ্ড্ৰম’ (Acute Encephalitis Syndrome) দেখা দিয়ে। ইয়াৰ ফলত মগজুত তীব্ৰ প্ৰদাহ (Inflammation) হয়, যাৰ ফলত মূৰ ঘূৰোৱা আৰু বমি ভাৱ আহে।
ৰোগীয়ে সঘনাই জ্ঞান হেৰুৱাব পাৰে। মগজুত তীব্ৰ প্ৰদাহৰ ফলত কোষৰ ভিতৰত তৰল পদাৰ্থ জমা হৈ মগজু ফুলি উঠে, যিয়ে তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰে। ইয়াৰ ফলত সমগ্ৰ শৰীৰত খিঁচুনি আৰম্ভ হয় আৰু অংগ-প্ৰত্যংগ অসাৰ হৈ পৰিব পাৰে। আটাইতকৈ ভয়ংকৰ কথাটো হ’ল, মাত্ৰ ২৪ ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰতে এই ৰোগ প্ৰাণঘাতী হৈ উঠিব পাৰে।
সাৱধানতা আৰু প্ৰতিকাৰ
বৰ্তমানলৈকে চান্দীপুৰা ভাইৰাছৰ কোনো নিৰ্দিষ্ট ঔষধ বা প্ৰতিষেধক আৱিষ্কাৰ হোৱা নাই। ৰোগীৰ লক্ষণসমূহ পৰ্যবেক্ষণ কৰিহে চিকিৎসকসকলে চিকিৎসা প্ৰদান কৰে। চিকিৎসকসকলে জনোৱা মতে, বিশেষকৈ পাঁচ বছৰৰ তলৰ শিশুক এই ভাইৰাছে সোনকালে আক্ৰমণ কৰিব পাৰে। সেয়েহে শিশুৰ শৰীৰত সঘনাই জ্বৰ অহা, বমি হোৱা, খিঁচুনি উঠা, মূৰৰ তীব্ৰ বিষ আৰু হাত-ভৰি অসাৰ হৈ যোৱাৰ দৰে লক্ষণ দেখা পালেই পলম নকৰি লগে লগে চিকিৎসালয়লৈ লৈ যাব লাগে। কিছুমান ক্ষেত্ৰত ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিলে ৰোগী চিৰদিনৰ বাবে পক্ষাঘাতগ্ৰস্ত (Paralyzed) হৈ পৰাৰো আশংকা থাকে।





