• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধ হ’ব পাৰে অন্ধপ্ৰদেশৰ পৰা অনা মাছ, ঘোষণা মন্ত্ৰী পীযুষৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 29, 2018 10:55 pm
114
VIEWS
Share on FacebookShare on Twitter

হোটেল, মিঠাইৰ দোকান আৰু ফল-মূলত তালাচী চলোৱাৰ পাছতেই আজি মহানগৰীৰ আগশাৰীৰ মাছৰ বজাৰত উপস্থিত হ’ল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা।

উল্লেখোগ্য যে মাছত ফ’ৰমেলিন দিয়ে নেকি তাক পৰীক্ষা কৰাৰ উদ্দেশ্যে বেতকুচিৰ মাছৰ বজাৰত আজি তালাচী চলাই ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই। লগতে তেওঁৰ সৈতে যোৱা খাদ্য সুৰক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে মাছৰ চেম্প’ল সংগ্ৰহ কৰি পৰীক্ষা কৰিবৰ বাবে লৈ যায়।

আজিৰ বেতকুচিৰ মাছৰ বজাৰত অভিযান চলোৱা কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মাছত ব্যৱহাৰ কৰা ফ’ৰমেলিনৰ বিৰুদ্ধে সৰৱ হৈ পৰে। বিশেষকৈ অন্ধ প্ৰদেশৰ পৰা অসমলৈ অনা মাছত এই ফ’ৰমেলিন ব্যৱহাৰ কৰা হয়নিকি সেই কথাত চকু দিয়াৰ প্ৰতি লক্ষ্য ৰখাৰ কথা উল্লেখ কৰি কয় যে, ‘অসমলৈ অন্ধ্ৰপ্ৰদেশৰ মাছৰ বেপাৰীসকলে ফ’ৰমেলিন দিয়ে নেকি সেইটো চকু ৰাখিব লাগিব। যদি ফ’ৰমালিন ব্যৱহাৰ কৰে তেন্তে অন্ধ্ৰৰ পৰা মাছ অনাই বন্ধ কৰি দিম।’

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে লগতে উক্ত বজাৰখনৰ মাছৰ বেপাৰীসকলক অনতিপলমে খাদ্য সুৰক্ষাৰ অধীনত অনুজ্ঞাপত্ৰ ল’বৰ বাবেও কয়।

আনহাতে তেওঁ হোটেল-মিঠাইৰ দোকানসমূহৰ স্বত্বাধিকাৰীক সংবাদ মাধ্যমৰ জৰিয়তে সকিয়নী প্ৰদান কৰি কয় যে ‘যিসকল ব্যৱসায়ীয়ে ভাবিছে মই আৰু তেওঁলোকৰ দোকানলৈ নাযাওঁ, তেওঁলোকে ভুল ভাবিছে। মই ১৫ দিনৰ মূৰত হ’লেও হোটেল-মিঠাইৰ দোকনসমূহলৈ যাম। মুঠতে ভেজালীকৰণ নাইকিয়া হ’ব লাগিব আৰু চাফ-চিকুণ হ’ব লাগিব।’

উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁক ফেচবুক আৰু টুইটাৰত জনসাধাৰণে কেৱল গুৱাহাটীৰ লোকসকলে ভাল খাদ্য খাব লাগিব নেকি কৰা প্ৰশ্নৰ উত্তৰত কয় যে, ‘মইতো কেৱল গুৱাহাটীতে খাদ্য নাখাওঁ, গোটেই অসমতে খাদ্য খাওঁ। মই জানো খাদ্যৰ যি লেতেৰা পৰিবেশ আৰু ভেজালীকৰণ সেইটো নাইকিয়া কৰিব লাগে।’

লগতে কয় যে,  ‘গোটেই অসমতে এই প্ৰক্ৰিয়াটো ত্বৰাম্বিত কৰাৰ বাবে চেষ্টা কৰা হৈছে। ইতিমধ্যে তিনিচুকীয়া, নাহৰকটীয়া, জখলাবন্ধা, নগাওঁ আদিতো খাদ্য সুৰক্ষা আৰু যোগান বিভাগে দোকান-বজাৰসমূহত তালাচী চলাইছে আৰু চেম্পল সংগ্ৰহ কৰিছে।’

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd